Recent ticker

6/recent/ticker-posts

মাউন্ট জ'গিন-৩ অভিযান - Mt Jogin-III Expedition

মাউন্ট জ'গিন-৩ অভিযান:
"Don't be afraid to fail Be afraid not to try" ২৬ আগষ্ট, ২০২১ , পুৱা তিনি বাজিছিল। বৰফৰ ওপৰত চাৰি জনীয়া টেন্টটোত কুচিমুচি শুই থকা মানুহবোৰৰ এটা এটাকৈ শ্লিপিং বেগৰ পৰা নিজকে উলিওৱাৰ যুঁজখন আৰম্ভ হৈছিল। বাহিৰত জোনৰ পোহৰত জিলিকি থকা ওখ চাপৰ শুভ্ৰ দলিছা, লগত তীব্ৰ জোৰেৰে বলি থকা বতাহ। টেন্টৰ পৰা মূৰটো উলিয়াই বাহিৰৰ পৰিৱেশটো এবাৰ চাই লওঁ বুলি ভাবোতেই প্ৰচণ্ড এটা থাপৰেৰে বতাহজাকে নিজৰ স্থিতি প্ৰমান কৰি থৈ হে যেন গ'ল। এইযেন ছিঙি যাব মোৰ নাক, গাল ডিঙি ! মূৰটো ভিতৰলৈ সুমোৱাই একেবাৰে সাজু হৈ বাহিৰলৈ ওলোৱাৰ সিদ্ধান্ত ল'লো। ইতিমধ্যে বাকীবোৰ ওলাই সাজু হৈছেই । ৪ বাজি ১৫ মিনিট, দলটো দুডাল ৰ'পত ইতিমধ্যে ৰ'প আপ কৰি লোৱা হৈ গৈছে । বৰফত পিন্ধা জোতা, লগত ক্ৰেম্পন, হাৰনেছ, হেড লাইট, পিঠিত বেগ আৰু চাৰিটা টাতকৈও বেছি তৰপত কাপোৰ পিন্ধি জোনৰ পোহৰত জিলিকি থকা সন্মুখৰ শিখৰলৈ চাই মূৰ দোৱালোঁ। আৰম্ভ হ'ল যাত্ৰা, জ'গিন শিখৰ অভিমুখে। ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা আবেলিত অসম পৰ্বতাৰোহন সন্থাৰ সম্পাদক মানস বৰুৱা ছাৰে ফোন কৰি জনাইছিল যে অসম ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয় সহযোগত সন্থাই আয়োজন কৰিবলৈ লোৱা প্ৰাক এভাৰেষ্ট অভিযানৰ বাবে নিৰ্বাচিত সদস্যৰ তালিকাত মই আছো। প্ৰস্তুতি আৰম্ভ হৈছিল। সকলো প্ৰস্তুতি, জল্পনা কল্পনাৰ লগতে ক'ভিডে সৃষ্টি কৰা বেহু ভেদি সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি আগষ্ট মাহৰ ১০ তাৰিখৰ দিনা অসম পৰ্বতাৰোহন সন্থাৰ কাৰ্যালয়ত জ্যেষ্ঠ সদস্য তথা অভিজ্ঞ পৰ্বতাৰোহীসকলৰ সাহস আৰু উৎসাহবোৰৰ মাজতে ফ্লেগ অফ কাৰ্য্যসূচীভাগ সম্পন্ন হৈছিল। তাৰ পিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত আগবঢ়াই থৈ আহিছিলগৈ আমাৰ ১৩ জনীয়া দলটোক। দিল্লী পাই ৰাতিটো কটাই পিছদিনা পুৱাই উৰা মাৰিলো ডেৰাডুনলৈ বুলি। ডেৰাডুনত ভৰি থৈয়ে ৰোমাঞ্চিত হৈ উঠিছিলো। দেৱভূমি মোৰ যে কিমান হেপাহৰ, কিমান মৰমৰ, কিমান আদৰৰ। চুম'ত উঠি দেৱভূমিৰ সেউজীয়া আৰু পাহাৰবোৰৰ মাজেদি গান গাই গাই গৈ গৈ উত্তৰকাশী পালোগৈ আবেলি প্ৰায় ৫:৩০ ত। তাত ঠিক কৰি থোৱা হোটেলত সোমাওতেই আমাৰ অভিযানৰ গাইড জয়ন্দৰৰ লগতে স্থানীয় কেইজনমান পৰ্বতাৰোহীয়ে আহি আমাক ফুলৰ মালাৰে আদৰনি জনোৱাৰ লগতে অভিযানৰ সফলতাৰ কামনা কৰি শুভকামনা জনালেহি। আমি থকা হোটেলখনৰ প্ৰায় কাষেদি বৈ যোৱা ভাগীৰথী নদীৰ শব্দত আছিল এক সুকীয়া বৈশিষ্ট্য। আবেলি গৈছিলো ভাগীৰথীৰ পাৰলৈ। কি এক অবুজ শিহৰন দেহৰ মাজেদি পাৰ হৈ গৈছিল তাক ভাষাৰে বুজাব নোৱাৰি সঁচাই। উত্তৰকাশী জিলা অধিকাৰী কাৰ্যালয়ত জিলা অধিকাৰী ময়ুৰ দিক্ষিত আৰু উত্তৰকাশী জিলা আৰক্ষী অধিক্ষক মনিকান্ত মিশ্ৰই আমাৰ দলটোক শুভেচ্ছা জনোৱাৰ লগতে দলৰ দলপতি মানস বৰুৱা আৰু উপেন চক্ৰৱৰ্তীক ৰাষ্ট্ৰীয় পতাকা আৰু অসম পৰ্বতাৰোহন সন্থাৰ পতাকা প্ৰদান কৰিছিল। উত্তৰকাশীৰপৰা আমি বিদায় লৈছিলো। বতৰ ফৰকাল আছিল, আকাশখনত নীলাবোৰে পোহাৰ মেলিছিল আৰু বাটৰ কাষৰ সেউজীয়া পাহাৰবোৰে আমাক হাত বাউলি মাতিছিল। হৰচিল পাৰ হৈ অলপদূৰ গৈ ধাৰালীত আমি গাড়ীৰ পৰা নামিলো। হোটেল কেডাৰ কল্পত সোমায়েই আমাৰ তিনিজনীৰ বাবে থকা কোঠাটোত সোমায়েই পোনে পোনে বেলকনীলৈ গৈ মই চিঞৰি দিলো।বেলকনীৰ ঠিক তলৰ পৰাই আৰম্ভ হৈছে আপেলৰ বাগান, বাগানখন পাৰ হৈয়ে গংগা নদী আৰু তাৰ ওপৰত থকা ওলোমা দলং এখন, দলংখন পাৰ হৈ অলপ আতৰতে পাহাৰটো আৰু পাহাৰীয়া গাওঁখনৰ ঘৰবোৰ। ওপৰলৈ আছে এটি মন্দিৰ। মন্দিৰটোক গংগোত্ৰী মন্দিৰ বুলি কোৱা হয় কিয়নো শীতকালত যেতিয়া বেছিকৈ বৰফ পৰে থকা গংগোত্ৰী মন্দিৰক ইয়ালৈ লৈ আহি ইয়াতে পূজা অৰ্চনা কৰা হয়। পুনৰ বৰফ কমিলে তালৈ লৈ যোৱা হয়। আনফালে বৰফাবৃত শিৰেৰে নীলা আকাশ চুমী থকা শিখৰবোৰ। কি যে মায়াসনা দৃশ্য সঁচাই। অলপ জিৰাই গধুলী সকলোবোৰ গংগাৰ পাৰলৈ গৈছিলো। অসম পৰ্বতাৰোহন সন্থাৰ জ্যেষ্ঠ সদস্যসকলে যিদৰে প্ৰতিমুহুৰ্ততে ফোন কল, ভিডিঅ' কলৰ যোগেদি আমাৰ খবৰ ৰাখি দিহা পৰামৰ্শ আগবঢ়াই গৈছিল মই সঁচাই অভিভূত হৈছিলো। গংগাৰ পাৰৰ পৰাও মানস ছাৰৰ মোবাইলত সত্যন শৰ্মা ছাৰৰ সৈতে আমি কথা পাতিছিলো। ছাৰো যেন আমাৰ লগতে আছিল। আমাৰ দলত যাবলগীয়া অথচ নিজৰ কৰ্তব্যৰ বাবে ৰৈ যোৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা' জগদীশ বসুমতাৰী ছাৰেও প্ৰতিখোজতে আমাক সাহস যোগায় যোৱাৰ লগতে পুৰনা অভিজ্ঞতাৰ লগত জড়িত সেইখিনি ঠাইৰ কাহিনীবোৰ খুচৰি খুচৰি হোৱাটছএপত আমালৈ প্ৰেৰন কৰি আমাৰ উৎসাহ বোৰত ৰহন সানিছিল। পিছদিনা হোটেলৰ ওচৰতে থকা কেডাৰকল্প মন্দিৰত সেৱা জনাই লক্ষ্যস্থান অভিমুখে ৰাওনা হৈছিলো।গুৱাহাটীৰ পৰা সন্থাৰ জ্যেষ্ঠ সদস্য ৰাজেন গৌতম ছাৰে সাই বাবাৰ অঞ্জলীৰ মিট্টিকা দি পঠিয়াইছিল, কৃষ্ণাই তাৰে সকলোকে দিয়া এটা এটা ফুট লৈ যাত্ৰাৰ শুভাৰম্ভ হৈছিল। গংগোত্ৰীৰ পৰা আৰম্ভ হৈছিল আমাৰ ট্ৰেকিং। গংগোত্ৰীত তেতিয়াও লক ডাউন অব্যাহত আছিল। মন্দিৰ খোলা নাছিল। সূৰ্য্য কুণ্ডত সৃষ্টি হোৱা গংগাৰ উত্তাল জলতৰংগৰ কাষেদি পিঠিত বেগ আৰু হাতত লাখুটি লৈ আৰম্ভ হৈছিল আমাৰ পদযাত্ৰা। প্ৰথম ৰাতি কটাইছিলো আমি ভোজখৰক নামৰ ঠাইত। কেডাৰ গংগা নদীৰ পাৰে পাৰে ভোজপত্ৰ গছৰ মাজে মাজে গৈ ভোজখৰক পাইছিলোগৈ । ভোজপত্ৰ গছৰ বাকলি আখৰ লিখিবলৈ ব্যৱহাৰ কৰিছিল। তাৰ পিছৰ কেম্প আছিল কেডাৰ খৰক।কেডাৰখৰকলৈ গৈ থাকোতে পথৰ যি অৱস্থা কোনোবা সময়ত ৰৈ লৈ হাঁহো। পথটোৰ বেছিভাগেই আছিল ৰকফল এলেকা য'ত ওপৰৰ পৰা শিলবোৰ বাগৰি বাগৰি আহি থাকে। ইফালে তলত কেডাৰ গংগাৰ ৰুদ্ৰমূৰ্তি । দুপৰীয়ালৈ গ্লেচিয়াৰবোৰ গলি পানী বাঢ়ি যায়। ইফালে ভৰিখন দিবলৈ পাওঁ কি নাপাওঁ শিলৰ টুকুৰাবোৰ খহি গৈ থাকে, কিবাকৈহে খুপনি পুতি ৰওঁ। একোবত যদি তেনেকৈ খুপনি লৈ লৈ তলত একেবাৰে কেডাৰ গংগাৰ ওচৰ পাওঁগৈ,তাৰ পৰা আকৌ আৰম্ভ হয় সেই বাগৰি থকা শিলৰ টুকুৰাবোৰেদি ওপৰলৈ উঠাৰ। আনফালে মুৰৰ ওপৰত তললৈ বাগৰি আহিবলৈ সাজু হৈ থকা মস্ত মস্ত শিলবোৰলৈ ভয়ে ভয়ে চাই সেই ঠাইৰ পৰা কিমান সোনকালে আতৰিব পাৰি সেই চিন্তা। এবাৰ যদি বহি লৈ পৰৱৰ্তী খোজ দিছো আনকোবত আকৌ আঠুকাঢ়ি। মাজতে পাইছিলো সেই পথত থকা বিখ্যাত 'স্পাইডাৰ ৱাল' যিখন অতিক্ৰম কৰোঁতে দুটা শিলৰ ফাকেদি পিঠিৰ বেগৰ সৈতে পেট পেলাই মকৰাটোৰ নিচিনাকে হাত ভৰি মেলি বগাই যাব লগা হৈছিল। মুঠতে ট্ৰেকিংৰ নামত আমি বহি যোৱা, শুই যোৱা, আঠুকাঢ়ি যোৱা একো বাকী থকা নাছিল। ধুলিয়ে বালিয়ে কাপোৰৰ গতি নাছিল।কেডাৰখৰকৰ প্ৰাকৃতিক শোভা অতুলনীয়। সন্মুখতে আছিল মান্দা পৰ্বত, অলপ আতৰত ভৃগুপন্থ শৃংগ লানি , সিফালে থিয়, জোঙা থালাই সাগৰ শৃংগ। কেম্পচাইটৰ দুকাষে দুটা জুৰি, যি আছিল আমাৰ খোৱা পানীৰ উৎস। মুঠতে নিজকে প্ৰকৃতিৰ বুকুত হেৰুৱাই পেলাব পৰা এটা সপোন সপোন যেন লগা পৰিৱেশ। সকলোৱে অলপ জিৰনি লৈ আবেলি এটা টেন্টত গোটেইসোপা সোমাই লৈ গানৰ আড্ডা। সেউজীয়া দলিছাখন লাহে লাহে কেডাৰ খৰকত শেষ হৈ শিলাখণ্ডৰ আৰম্ভ হৈছিল যাক মেৰাইন বুলি কোৱা হয়। কেডাৰখৰকৰ পিছতে আছিল আমাৰ পৃষ্ঠ শিবিৰ তথা বেচ কেম্প কেডাৰতাল। তাল মানে হ্ৰদ, কেডাৰ তালৰ আন এক নাম হৈছে 'শিৱৰ হ্ৰদ'। ভোজখৰক পাৰ হোৱাৰেপৰা আমাৰ আগে আগে গৈ থকা থিয় আৰু অতি ধুনীয়া থালাই সাগৰ শৃংগলৈ যোৱা বেচ কেম্পো কেডাৰতালতেই । প্ৰায় ১৫,৫০০ ফুট উচ্চতাত থকা কেডাৰ তালৰ গাঢ় সেউজীয়া পানীত থালাই সাগৰ শৃংগৰ প্ৰতিবিম্বৰ ফটো গুগলত উপলব্ধ জনপ্ৰিয় ফটোসমূহৰ অন্যতম।
বেচকেম্পত আছিল দলপতি মানস ছাৰ আৰু উপেন ছাৰৰ এজনীয়া টেন্ট কেইটা, আমি তিনিজনী থকা টেন্টটো, ল'ৰাখিনিৰ বাবে ডাঙৰ টেন্ট আৰু আছিল কিটচেন টেন্টৰ লগতে ৰান্ধনি তথা কিটচেন ষ্টাফৰ সদস্যসকলৰ টেন্ট। বেচ কেম্পৰ পৰা এদিন এডভান্স বেচ কেম্পলৈ ল'ড ফেৰী কৰাৰ পিছত বেয়া বতৰৰ বাবে দুদিন বেচ কেম্পত ভিতৰতে সোমায় থাকিবলগা হ'ল। দুজন সদস্যৰ স্বাস্হ্যজনীত কাৰনত কেডাৰতালৰ পৰা ওপৰলৈ যাব নোৱাৰাত তেওলোকক বেচ কেম্পতে থৈ বতৰ মুকলি হোৱাত পূজা অৰ্চনা কৰি আমি দলৰ বাকী সকল এডভান্স বেচ কেম্পলৈ বুলি আগবাঢ়িলো। উচ্চতা বাঢ়ি যোৱাৰ লগে লগে অভিযানো ক্ৰমান্বয়ে গম্ভীৰ হৈ গৈ আছিল। নিতৌ নতুন প্ৰত্যাহ্বানৰ মুখা মুখি হৈছিলো। ভাল লাগিছিল বহুত। ৰাতি শুৱাৰ সময়ত ঘৰলৈ মনত পৰাৰ বাদে সেইখন পৃথিৱীৰ কথা মনতেই নাথাকে। আবেলিবোৰ কেম্পৰ ভিতৰত সোমাই চেংগুটি, অন্তাক্ষৰী, থেলা-থেলি আদিৰেই পাৰ হৈছিল। ঠাণ্ডাততো বাহিৰলৈ ওলাব নোৱাৰিয়েই বতাহে থাপৌৰ থাপৌৰ দিয়ে গতিকে ৰাতিৰ আহাৰ দিয়ালৈকে এনেকৈয়ে সময়বোৰ যায়। আৰু দুজন সদস্যক স্বাস্হ্যজনীত কাৰনত এডভান্স বেচ কেম্পত বিদায় দিব লগা হৈছিল। এই সময়বোৰ বৰ বেদনাদায়ক। কিন্তু পাহাৰৰ সন্মুখত আমি নিৰুপায়। এডভান্স বেচ কেম্পৰ পৰা কেম্প-১ লৈ এদিন ল'ড ফেৰী কৰি পিছদিনা একেবাৰে স্থানান্তৰ কৰিছিলো। কেম্প-১ লৈ যাবলৈ সন্মুখত এক বিৰাত ডাঙৰ হিমবাহ(গ্লেচিয়াৰ)। অলপ দূৰ মেৰাইনত যোৱাৰ পিছত আৰম্ভ হয় সৰু ডাঙৰ গিৰিখাদবোৰৰ সৈতে দীঘল হিমবাহটো। এতিয়াও মনত পৰিলে শিহৰিত হৈ উঠো। গিৰিখাদবোৰৰ কাষে কাষে দীঘলীয়া শাৰী এটাত সন্তৰ্পনে আগবাঢ়ো আমিবোৰ। হাৰনেচত ওলমি থকা কেৰাবিনাৰৰ খিতিং খাতাং শব্দৰ লগে লগে বৰফত ক্ৰেম্পনৰ খচক খচক শব্দবোৰৰ লগত আগুৱাই গৈ থাকে এদল দুঃসাহসী মানুহ যিয়েই সেই ঠাণ্ডাতো বৰফত ভৰিৰে খুচি খুচি ক্ৰমান্বয়ে আগবাঢ়ে ওপৰলৈ, পাহাৰৰ পিছত থকা পাহাৰ আৰু তাৰ সিপাৰে থকা চূড়াটোলৈ। মাজে মাজে ৰ'প ফিক্স কৰি তাত ধৰি ধৰি সাৱধানে বিপদসংকূল অংশবোৰ পাৰ হওঁ। হিমবাহবোৰ বিৰাত আচৰিত। ৰাতিপুৱা দুপৰীয়া আবেলি বেলেগ বেলেগ ৰূপ। ৰাতিপুৱা শান্ত শিষ্ট হৈ থাকে। বেলিটো ওপৰলৈ আহি থকা লগে লগে ঠায়ে ঠায়ে বৰফবোৰ গলি পানী বৈ থাকে। ডাঙৰ গিৰিখাদবোৰৰ তলতো প্ৰচণ্ড শব্দ কৰি পানীবোৰ বৈ থাকে। আচলতে শব্দটো গিৰিখাদৰ দুকাষৰ বেৰাত ঠেকা খাই প্ৰতিধ্বনি হৈহে ডাঙৰ হৈ পৰে। কোনোবাখিনিত বৰফবোৰ এটা ডাঙৰ এলেকা সামৰি তললৈ খহি গুছি আহে। আমি যেতিয়া চামিত কৰি দুদিনৰ পিছত উভতি আহিছিলো আমি দেখি যোৱা হিমবাহটো সম্পূৰ্ণ বেলেগ হৈ পৰিছিল। ৰোট মাৰ্কাৰবোৰো ঠায়ে ঠায়ে বৰফ গলি যোৱা বাবে পৰি পৰি গৈছিল যাৰ বাবে কিছু আহুকালৰো সৃষ্টি হৈছিল। হিমবাহটো শেষ হ'বলৈ বেছি দূৰ নাছিল, ফিক্স ৰ'পত ধৰি ধৰি গৈ আছিলো, মাজতে মোৰ দুটা ভৰি চাপ খাই যোৱাৰ ফলত ক্ৰেম্পন দুযোৰ জপতিয়াই ধৰাত হঠাতে পিছল বৰফত বাগৰি বহুখিনি তল পালোগৈ ।এখন হাতেৰে ৰ'প দাল জোৰেৰে ধৰি আছিলো আৰু আনখন হাতত থকা আইচ এক্স ডালেৰে বৰফত জোৰেৰে খুচি চেল্ফ এৰেষ্ট কৰি এঠাইত ৰ'বলৈ সক্ষম হ'লো। লাহে লাহে ওপৰলৈ আহি আকৌ খোজ আৰম্ভ কৰিলো। পৰি উঠি মোৰ কিবা এটা ভাল লাগিছিল। কাৰন জীৱন যাত্ৰাত পৰি যোৱা ডাঙৰ কথা নহয় পৰাৰ পৰা নিজক উঠাই আনি আগলৈ গতি কৰাতোহে আচল কথা। আবেলি ২ টা মানত কেম্প-১ পাইছিলোগৈ। যেনিয়েই চাওঁ তেনিয়েই বৰফ কেৱল বৰফ। তাৰ মাজতেই আমাৰ কেম্পবোৰ ফিক্স কৰা হ'ল। বিনা কাৰনত তাত বাহিৰত থকাতো অসম্ভৱ নহ'লেও কিন্তু কষ্টকৰ। শ্লিপিং বেগৰ ভিতৰত এবাৰ নিজকে সুমুৱাই লোৱাৰ পিছত বাহিৰলৈ ওলাই যোৱাটোৱেই এক ডাঙৰ প্ৰত্যাহ্বান। ইফালে উচ্চতা বাঢ়ি গৈ আছে। প্ৰায় ১৭,০০০ ফুট উচ্চতাত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমানো কমি আহে ফলত ভৰিখন বা হাত এখন দাঙিলেও ভাগৰ লাগে।
কেম্প-১, উৎকণ্ঠাৰ এটা ৰাতি। আগত আছে এখন বৃহৎ আইচ ৱাল। যি হেলনীয়াকৈ ৬০°-৯০° অৱস্থান কৰি আছে। ফিক্স ৰ'পৰ দলটোৱে ৰ'প ফিক্স কৰি আহি যিখিনি কৈছে মনটো অস্থিৰ হৈ আছে। পাৰিমনে! এতিয়া দলত যিকেইজন আছেগৈ তিৰ ভিতৰত ময়েই আগতীয়া অভিজ্ঞতা নথকা সদস্য। উচ্চতাত ট্ৰেকিং আগতে কৰিছো যদিও পৰ্বতাৰোহনৰ প্ৰশিক্ষনৰ পিছত এইটো প্ৰথম অভিযান।পৰ্বতাৰোহন বুলি ক’লে বহুতখিনি কথা আহি যায় যাৰ ভিতৰত ট্ৰেকিংটো এটা অংশহে মাথোন। নিজকে সকলো প্ৰকাৰে সাজু কৰি নিছো যদিও কোনোবা সময়ত অনিশ্চয়তাই দোলা দিয়েহি। পাহাৰখনৰ ওচৰত মই এটি ক্ষুদ্ৰতম জীৱ মাথো। বহুত কথাই মনটো অস্থিৰ কৰি পেলাইছিল। তথাপিও মনৰ কোনোবাতো কোনত আত্মবিশ্বাসখিনি সৱল হৈ আছিল। ৰাতিপূৱা মেগি অলপ অলপ খাই আগবাঢ়িলো আইচ ৱালখনৰ দিশে যিখন আমি এডভান্স বেচ কেম্পৰ অলপ ওপৰৰ পৰাই দেখা পাইছিলো। শাৰীপাতি সকলো এঘন্টামান গৈ ৱালখনৰ তলত পাইছিলোগৈ। ফিক্স ৰ'পত সকলোৱে জুমাৰ তথা এচেণ্ডাৰবোৰ বান্ধি লৈছিলো। একেবাৰে আগত উপেন ছাৰ, শেখৰ,জয়ন্ত,ধ্ৰুৱ,কৃষ্ণা,মই,মানস ছাৰ, ভাস্কৰ দা আৰু কৌশিক দা। মোৰ পিছতেই মানস ছাৰ থকা বাবে বহুতখিনি সাহস পাইছিলো। ১০/১৫ খোজ দিওঁ জিৰনি লওঁ। জিৰনিনো কি আৰু থিয় ৱালখনত ভৰিকেইটা ফ্ৰন্টফুট মাৰি ফিক্স কৰি দিওঁ আৰু জুমাৰটো টান কৰি হাৰনেচডালতে গাটো এৰি দি পিছলৈ হাওঁলি দিও। ৱালখন যেন শেষেই নহ'ব। শেষ হোৱা যেন লাগেহে গৈ পাওঁ দেখো তাৰ পৰাই আকৌ আৰম্ভ হৈছে আনটো অংশ। পুৱা ৯ বজাৰ পৰা একেৰাহে তিনি বজালৈকে ৱালখনকে বগাই আছিলো। ভাল লাগিছিল বহুত। ভাগৰ লগাটো স্বাভাৱিক কিন্তু অতিষ্ঠ হোৱা নাছিলো, মনটো সজীৱ হৈ আছিল। সেই ৱালখন বগাই গৈ থাকোতে বাৰে বাৰে মনলৈ আহিছিল গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পিছফালে থকা আৰ. কে. (ৰোহিনী কুমাৰ) ভূঞাঁ মেমৰীয়েল ৰক ফিল্ডখনলৈ য'ত মই শৈলাৰোহনৰ আদি পাঠ শিকিছিলো, য'ত পোন প্ৰথমবাৰৰ বাবে এই জুমাৰৰ লগত পৰিচয় ঘটিছিল। আৰু মনলৈ আহিছিল দাৰ্জিলিঙৰ টেনজিং ৰক ফিল্ডখনৰ লগতে অসম পৰ্বতাৰোহন সন্থা আৰু হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টিটিউট দাৰ্জিলিঙৰ সেইসকল ব্যক্তিৰ কথা মনলৈ আহিছিল এতিয়ালৈকে যি সকলৰ শিক্ষা তথা আদৰ্শৰে অনুপ্ৰানিত হৈ মই সেই দুৰ্গম পৰ্বত মালাৰ ভিতৰত সোমাই জীৱনটো হাতৰ মুঠিত বান্ধি প্ৰতিটো খোজতে প্ৰত্যাহ্বান নেওচি আগুৱাই গৈ আছিলো। গৈ কেম্প-২ পাইছিলোগৈ আৰু দূৰত ওপৰলৈ সেই নিৰ্দিষ্ট অংশলৈ যাব লগা পথছোৱা দেখিছিলো মনলৈ ভাৱ আহিছিল যেন সৰগলৈ যোৱা জখলাডালহে পাই গ'লো। গোটেই সৃষ্টি জুৰি যেন এখন বগা কপাহী চাদৰহে পাৰি থোৱা আছে। প্ৰায় ৩৫০ মি. উচ্চতাৰ আইচ ৱালখন সুকলমে সফলতাৰে বগাই আহিব পৰাতো মোৰ বাবে আছিল এক অনন্য সফলতা। এতিয়া কেৱল ৰাতিতো বাকী। পিছৰ দিনটো মোৰ জীৱনৰ এটা উল্লেখযোগ্য দিন হ'ব। পাহাৰৰ ওচৰত মই কৃতজ্ঞ।কেম্প দুটা কিবাকে ফিট কৰা হ'ল বৰফৰ ওপৰতে।বতাহৰ বেগ চূড়ান্ত। বৰফ গলাই গলাই পানী গৰম কৰি তাতে মানস ছাৰে মেগী বনালে। সকলোৱে খাই শ্লিপিং বেগত সোমালো। ১৮০০০ ফুট উচ্চতা (৫৫০০ মি.)ত বৰফৰ দলিছাত কটোৱা উৎকন্ঠা ভৰা এটা উজাগৰী ৰাতি। কিমান যে সপোন দেখিছিলো এনেকুৱা প্ৰত্যাহ্বান ভৰা পৰ্বতাৰোহন অভিযানৰ এটা সৰু অংশ হোৱাৰ। আজি সেই দিনটো মোৰ পদূলিত। আৰু মাত্ৰ কেইটামান প্ৰহৰ। আৱেগিক হোৱাটো স্বাভাৱিক।
প্ৰয় ৫ঃ৩০ মানত ওখ চূড়াবোৰত ৰ'দৰ চুমুক পৰিছিল। প্ৰথমটো দল আগবাঢ়িছিল। ভাস্কৰ দা, কৃষ্ণা, মই, মানস ছাৰ আৰু শেষত লক্ষ্মনজীৰ সৈতে আমাৰ ৰ'পডাল। বৰফৰ ডাঠ তৰপবোৰত ভৰি আঠুলৈকে গোমাই যাই। সেই বৰফৰ মাজৰ পৰা ভৰিটো উলিয়াই আনি পৰৱৰ্তী খোজটো আগলৈ তথা ওপৰলৈ দি শৰীৰটোক দাঙি আগবঢ়াই দি আকৌ পিছৰটো খোজ দিবলৈ দেহটোত একো নথকা নিচিনাই লাগে। কোনোবা সময়ত আগৰজন আগবাঢ়ি গ'লে ৰ'পডালে অকনমান টানি নিয়ে তাতেই জোৰ দি অলপ গুছি যাওঁ। যাত্ৰা আৰম্ভ কৰা ডেৰ ঘন্টামান হৈছিল।ঠাণ্ডাত কোঙা হৈ পৰিছিলো আমি দুজনী। আগবাঢ়িবই নোৱাৰিম যেন। ক'ৰপৰা জানো আহিল ভোকটো, পেটতো কলকলাই আছিল। ভূতৰ ওপৰত দানৱ পৰাদি হঠাতে চকু দুটাত টোপনিয়েও ভিৰ কৰিছিলহি। মানস ছাৰক ক'লো অকমান বহি টোপনি মাৰিব মন গৈছে। ছাৰে ধমকি দিলে। বেগৰ পৰা চকলেট এটা উলিয়াই দিলে। স্নঢ বুটে কৃষ্ণাৰ ভৰি কটাৰ বাবে তাইৰো কষ্ট হৈছে বহুত। চকলেটটো খাই দেহলৈ কিবা এটা অহা যেন লাগিল। সূৰ্য্য দেৱতাক সোনকালে আহিবলৈ কাতৰ প্ৰাৰ্থনা কৰিছিলো। মানস ছাৰে কৈ আছিল, " ইমান দূৰ আহিলি আৰু মাত্ৰ এঘন্টাৰ ক্লাইম্ব বাকী আছে, চা সৌৱা পালোহিয়েই"। হয় বেছি দূৰ নাছিল সেই প্ৰত্যাশিত ঠাইডুখৰলৈ। ৰ'দে আহি আমাক চুইছিল আৰু মোৰ দেহলৈ চালিকা শক্তি ঘূৰি আহিছিল। আগবাঢ়িলো, বেছি দূৰ নাই আৰু! চামিত পোৱাৰ আগতে সৰুকৈ এখন ৱাল পালো। সেইখন পাৰ হোৱাৰ পিছতে ক'লা শিলৰ ওখ অংশ এটা দেখিছিলো। ইতিমধ্য আগৰ দলটো গৈ পাইছেগৈ। ৫/১০ খোজৰ মূৰে মূৰে অকনমান জিৰনি লৈ আহি থকা মই ক'ৰপৰা ইমান শক্তি পালো নাজানো চামিটলৈ প্ৰায় তিনিশ মিটাৰ মান দুৰত্ব থকাৰ পৰা জিৰনি নোলোৱাকৈ একেকোবতে ফোপাই ফোপাই গৈ চামিট পাইছিলোগৈ। কৃষ্ণা আৰু মানস ছাৰো পাইছিল্হি লপ পিছত। আমাৰ ৯ জনীয়া দলটোক ইতিমধ্যে জ'গিন-৩ শিখৰ আৰোহনৰ সফলতাই চুই গৈছিলহি। বতাহৰ কোব তীব্ৰ আছিল। কত কষ্টৰ ফলত যে সেই ঠাইত থিয় দিবলৈ সক্ষম হৈছিলো। চিৰকৃতজ্ঞ অসম পৰ্বতাৰোহন সন্থাৰ ওচৰত যাৰ বাবে মই নিজক নতুনকৈ আৱিস্কাৰ কৰাৰ এই সোনালী সুযোগকন পালোঁ লগতে দলৰ প্ৰতিজন সদস্যৰ প্ৰতি কৃতজ্ঞতাত মূৰ দোৱাইছিলো। অসমীয়াৰ স্বাভিমান গামোচা খনৰ লগে অসম পৰ্বতাৰোহন সন্থা আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ নাম সন্নিৱিষ্ট পতাকা খন গৰ্বেৰে তুলি ধৰিছিলো আমি। অভিযানটোৰ সফলতাত হাত আছিল আৰ্থিক অনুদান আগবঢ়োৱা অসম ক্ৰীড়া আৰু যুৱকল্যান সঞ্চালকালয় । এই হেন ব্যয়বহুল অভিযানটোত যাবলৈ কিমান পইছা খৰছ হৈছে অসমৰ লগতে বাহিৰৰ বহুতে আমাৰ পৰা জানিব বিছাৰিছিল। আমি সগৌৰৱেৰে কৈছিলো যে আমাৰ এই অভিযানটো সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে যাৰ বাবে আমাৰ ব্যক্তিগত ভাৱে অভিযানৰ বাবদ একো খৰছ হোৱা নাই। সচাকৈয়ে এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ ওচৰত সদায় কৃতজ্ঞ। ব্যক্তিয়ে প্ৰতি লাখ টকাৰ ওপৰত খৰছ হ’ব লগীয়া অভিযান এটাত যেতিয়া চৰকাৰে সাহায্য প্ৰদান কৰি দলটোক সাহস দিয়ে সঁচাকৈয়ে দলটোৰ উৎসাহ দুগুনে বৃদ্ধি হয় । কি যে এক প্ৰশান্তি, প্ৰায় ২১০০০ ফুট উচ্চতাত থিয় হৈ চাৰিওফালৰ পৃথিৱীখন চোৱাৰ! সেই স্থানত থিয় হৈ এভাৰেষ্ট বিজয়ী মুম্বাইৰ যুৱক পাৰ্থ উপাধ্যায়ৰ এষাৰ কথা বাৰে বাৰে মনলৈ আহিছিল, "চহৰত তোমাৰ অজস্ৰ টকা পইচা, ধন দৌলত, মান সন্মান থাকিব পাৰে, তুমি এজন প্ৰখ্যাত ব্যক্তি হ'ব পাৰা তোমাৰ লাখ লাখ অনুৰাগী থাকিব পাৰে। কিন্তু যেতিয়া পাহাৰত থাকিবা, যেতিয়া তোমাৰ ঠাণ্ডা লাগিব, যেতিয়া তোমাক ৰ'দে পুৰিব পাহাৰখনৰ সন্মুখত কেৱল তুমি থাকিবা, প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিবা কেৱল 'তুমি', ।” এক যাত্ৰা নিজক নতুন ৰূপত পোৱাৰ।নেদেখাজনক হেনো এইবোৰ ঠাইৰ পৰা ওচৰতে পোৱা যায়। তেওঁৰ স্পৰ্শ নাথাকিলেনো সেই ঠাইত থিয় হোৱাতো সম্ভৱনে? ধূপ চাকি জলাই সেৱা কৰি প্ৰসাদ খাই উভতনি যাত্ৰা আৰম্ভ হৈছিল। প্ৰতিটো কেম্পতে আমি শিলেৰে মন্দিৰ সাজি লৈছিলো পূজা কৰিবলৈ। প্ৰায়ে শুনিবলৈ পাওঁ ডাঙৰ ডাঙৰ অভিযান বোৰত উঠি যোৱাতকৈ নামি আহোতে বেছিকৈ দুৰ্ঘটনাবোৰ সংঘটিত হয়। আৰু তেনেকুৱা এটা অঘটন মোৰ প্ৰথম অভিযানতেই হোৱাত মোৰ অভিযানটো পূৰ্ণ হোৱা যেন লাগিছিল। কাৰন চিধা ৰাস্তাৰে গৈ থকাতকৈ বাধা বিঘিনি অতিক্ৰমি যোৱা যাত্ৰাপথে মানুহক বেছি শিকাই। কেম্প-২ ৰ পিছতেই আকৌ সেই আইচৱাল খন পাইছিলো। ৰেপেলিং কৰি এজন এজনকৈ সকলো নামি গৈছে। মোৰ আগত গৈছিল কৌশিক দা আৰু পিছত কৃষ্ণা। প্ৰায় আধামান যোৱাৰ পিছতে কৌশিক দা গৈ থাকোতেই ৰ'প ফিক্স কৰি থোৱা স্ন' ষ্টেক এডাল হঠাতে উভাল খাই গুছি আহিল। কৌশিক দাই নিজকে কিবাকে চম্ভালি মোক কথাটো জনাই সতৰ্ক কৰি তললৈ গুছি গ'ল কাৰন এডাল ৰ'পত আমি দুজন থকাতো বিপদজনক। মই সেই ঠাই যেতিয়া পালো স্ন'ষ্টেক ডাল ৰ'প ডালত নাচি আছিল। বৰফ গলি যোৱাৰ বাবে লাহে লাহে ঢিলা হৈ হৈ সেইডাল উভালি আহিছিল। ৰ'পডাল সম্পূৰ্ণ ঢিলা হৈ পৰিছিল যিদালত ডিচেণ্ডাৰ লগাই ৰেপেলিং কৰি অহাতো মোৰ বাবে সম্ভৱ নহয়। ওপৰত থকা কৃষ্ণাক চিঞৰি জনালো কথাটো। তাই তাতে ৰৈ ফ্ৰন্টফুট মাৰি নিজকে ৰাখিলে। ইফালে মই কিবাকে ৰ'প ডাল ফিক্স কৰিব পাৰি নেকি চেষ্টা অব্যাহত ৰাখিলো। উপেন ছাৰ লক্ষ্মন জী আৰু লগত যোৱা ফিক্স ৰ'প টিমটো ওপৰত আছিল। কৃষ্ণাই মোক মুখেৰে সহযোগ কৰি আছিল ৭০ মি মান ওপৰৰ পৰা। কিন্তু মই ব্যৰ্থ হৈছিলো। বেগত দিলে ওজন বাঢ়িব বুলি ককালৰ হাৰনেচত বান্ধি লোৱা জুমাৰ দালেদি নিজক ফিক্স কৰি ওলমি আছিলো। তললৈ অকমান গৈ অভাৰহেঙিং হোৱা বাবে কৌশিক দাৰ সৈতে সংযোগ বিছিন্ন হৈছিল। তললৈ চাই গম পালো সেই অংশত ৱালখন ৯০° অৱস্থান কৰিছে। কিবাকে ৰ'পৰ পৰা এৰা খাব লাগিলে একো বাকী নাথাকে মোৰ। নিজকে নিজে প্ৰশ্ন কৰিছিলো মোৰ বাৰু ভয় কিয় লগা নাই! এটা ছেকেণ্ডততো মই নোহোৱা হৈ যাব পাৰো। সচাকৈ মনলৈ অকনো ভয় অহা নাছিল । এটাই কথা ভাৱিছিলো যেনেকেই নহওক মুঠতে মই নামি যাব পাৰিম । গধুলী হৈ আহিছিল। প্ৰায় আধাঘন্টামান তেনেকৈ ওলমি থকাৰ পিছত ওপৰপৰা এজন আহিল বেলেগ এডাল ৰ'পত। মই থকা ৰ'পডাল ফিক্স কৰি দিয়াত মই লাহে লাহে তললৈ নামি আহিলো। তলত কৌশিক দা ৰৈ আছিল। আটাইকেইজন ৱালখনৰ তলত আহি পোৱাৰ পিছত লাহে লাহে আগবাঢ়িলো। কেম্প -১ তে আমি থাকিলো সেইদিনা। গাখীৰ আৰু বিস্কুতেৰে নিশাটো কটাই পিছদিনা বেচ কেম্প পালোগৈ। বেচকেম্প আগতে গৈ পোৱা বাকীসকল সদস্যৰ লগতে কিটচেন ষ্টাফৰ বিবেকে মিঠাইৰে উষ্ম আদৰনি জনালে। মোৰ তেতিয়াও সপোন সপোন লাগি আছিল মই যে জীৱনৰ প্ৰথমটো শিখৰ আৰোহন কৰিলো। বেচ কেম্পৰ পৰা একেদিনাই গংগোত্ৰী পাইছিলোগৈ। মাজতে কৃষ্ণা মই আৰু উপেন ছাৰে মিলি হেপাহৰ জোখাৰে বিহুও মাৰিলো।
আগদিনা গধুলী আমাৰ বাতৰি প্ৰকাশ হৈছিল হেনো। সেয়ে মায়ে সেইদিনা তল পামহি বুলি অনুমান কৰি ৰাতিপুৱাৰে পৰা ফোন লগাই আছিল। প্ৰায় চাৰি মান বজাত মাৰ ফোনটো পাইছিলো। সম্পূৰ্ণ ১৬ দিনৰ পিছত আপোন মানুহবোৰৰ মাতবোৰ শুনি আৱেগিক হৈ পৰিছিলো। আৰম্ভনীতে ক'ভিডৰ বাবে মন্দিৰ বন্ধ আছিল যদিও ঘূৰি আহোতে গংগোত্ৰী মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য হৈছিল। বগা মাৰ্বল পাথৰেৰে পাহাৰৰ বুকুত থকা গংগোত্ৰী মন্দিৰ আৰু কাষতে বৈ থকা গংগা খনে কি যে অপৰূপ দৃশ্যৰ সাক্ষী কৰি পঠাইছে আমাক !
জ'গিন আৰোহনৰ সফলতাৰ মনোৰম স্মৃতি বুকুত বান্ধি পিছদিনা ডেৰাডুনৰ পৰা পৰৱৰ্তী অভিযানৰ বাবে উৰা মাৰিছিলো জম্মু কাশ্মীৰ অভিমুখে। বিমানৰ খিৰিকীৰে দেৱভূমিক পুনৰ লগপোৱাৰ প্ৰতিশ্ৰুতি দি পাহাৰবোৰৰ পৰা বিদায় ল'লো।
ৰুবী বৰা

Post a Comment

0 Comments