Recent ticker

6/recent/ticker-posts

পঞ্চৰত্ন প্ৰকৃতি শিবিৰ ( Pancharatna Eco Camp, Goalpara, Assam)

 পঞ্চৰত্ন প্ৰকৃতি শিবিৰ :


     পুৱা ছয় বাজি ত্ৰিশ মিনিটত ডিব্ৰুগড়ৰ পৰা ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ ১ নং প্লেটফৰ্মত নামি গম পালো যে আমাৰ গোৱালপাৰাৰ পঞ্চৰত্নলৈ যাবলগীয়া পেচেঞ্জাৰ ট্ৰেইনখন ৭ নং প্লেটফৰ্মত ৰৈ আছে। পলম নকৰি ডিব্ৰুগড়ৰ পৰা একেলগে যোৱা মই, দিপাংকৰ আৰু হিৰন গৈ ৭ নং প্লেটফৰ্ম পালোগৈ। দিপাংকৰ আৰু হিৰনে যোৱা চাৰিওটা দেওবাৰত ডিব্ৰুগড়ৰ পৰা অহা যোৱা কৰি শৈলাৰোহন প্ৰশিক্ষণত অংশ লৈছে।



    অসম পৰ্বতাৰোহন সন্থাই আয়োজন কৰা ৫৬ ত্বম বাৰ্ষিক শৈলাৰোহন প্ৰশিক্ষণ শিবিৰৰ সামৰণী কাৰ্য্যসূচী ’ট্ৰেকিং এণ্ড কেম্পিং’ৰ বাবে এইবাৰৰ স্থান নিৰ্বাচিত কৰা হৈছিল গোৱালপাৰাৰ পঞ্চৰত্ন ইক’ কেম্প ।এই বাৰ্ষিক শৈলাৰোহন প্ৰশিক্ষণ শিবিৰৰ সমান্তৰালকৈ ৩৪ ত্বম শিশু দুঃসাহসিক শিবিৰৰ কাৰ্য্যসূচীও চলি আছিল। শিশু শিবিৰৰ সামৰণী অনুষ্ঠান হৈ গৈছিল যদিও বহুকেইজন শিশু প্ৰশিক্ষাৰ্থী আৰু অভিভাৱক এই কাৰ্য্যসূচীত অংশগ্ৰহন কৰিছিল। অসম পৰ্বতাৰোহন সন্থাৰ জ্যেষ্ঠ সদস্যৰ লগতে প্ৰশিক্ষক তথা স্বেচ্ছাসেৱক আৰু প্ৰশিক্ষাৰ্থী মিলি দলত প্ৰায় ৮০ জন মান আছিল।  

    নতুন বছৰটোৰ চাৰিটা দিন পাৰ হৈছেহে যিহেতু, তাতে প্ৰথমটো ’সাপ্তাহিক অন্ত ’ গতিকে বছৰৰ প্ৰথমটো শনি-দেওবাৰ এনেকুৱা এটা যাত্ৰাৰে পাৰ হ’ব বুলিয়েই সকলোৰে মনবোৰ দুগুণে উৎফুল্লিত হৈ আছিল সেয়ে সকলোৰে ’ জ’চ ’ টো অলপ ’হাই’য়েই আছিল। 

    ট্ৰেইনৰ সময় অনুসৰি সকলো আহি উপস্থিত হোৱাত ট্ৰেইনত এটা ডবা সম্পূৰ্ণ আৰু কাষৰটোৰ প্ৰায় আধা দখল কৰি সকলো বহি ল’লো। আৰম্ভ হ’ল স্পিকাৰত  গান। সকলোৱে নাচিবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে যোৱা চাৰিটা দিনে প্ৰশিক্ষণ শিবিৰত লগ পাই সকলোৰে সম্পৰ্কবোৰো ওচৰ চাপিছিল আৰু সকলোবোৰ আপোন হৈ পৰিছিল। কোনোবাই নাচিছে, কোনোবাই গান গাইছে, কোনোবাই ফটো উঠিছে, কোনোবাই আকৌ কিৰিলি পাৰিছে মুঠতে যিয়েই যেনেকৈ পাৰিছে সময়খিনি ধৰি ৰাখিছে।দ্বীপৰ বিলৰ কাষেৰে ট্ৰেইনখন আগুৱাই গৈ বকো, ধুপধৰা, কৃষ্ণাই আদি ষ্টেচনবোৰ এটা এটাকৈ পাৰ হৈ গৈ থাকিল।

মাজতে অংশুমানহঁতে ফলৰ ৰস, মৰ্টন, কেক আদি খাবলৈ দি থৈ গ’ল। গোটেই ৰাতি ট্ৰেইনত গৈ ৰাতিপুৱা ভোকো লাগিছিল গতিকে চাহ লৈ ফুৰা মানুহৰ পৰা চাহ লৈ খাই আকৌ নাচ গানত ধৰিলো। ট্ৰেইনে গোৱালপাৰা ষ্টেচন এৰাৰ লগে লগে আমিবোৰ নিজৰ নিজৰ বেগবোৰ সামৰি নামিবলৈ সাজু হ’লো। দলত সদস্যও বেছি আৰু শিশুও আছে বহুকেইজন গতিকে সকলো শাৰী পাতি নামিবলৈ সাজু হ’লো।

পঞ্চৰত্ন ষ্টেচনত ট্ৰেইনখন ৰৈ দিয়াৰ লগে লগে কিৰিলি পাৰি গোটেই দলটো নামিলো। মানস বৰুৱা ছাৰৰ লগতে পঞ্চৰত্ন ইক’ কেম্পৰ সদস্য নিতুল, হৃদয়হঁতো আমাক আদৰিবলৈ ৰৈ আছিল। আমাৰ বাবে সাজু কৰি থোৱা ই ৰিক্সা কেইখনত বহি পঞ্চৰত্ন ইক’ কেম্পলৈ বুলি আমিবোৰ আগবাঢ়িলো।

    ই ৰিক্সাৰে গৈ থাকোতে সুদূৰত পাহাৰ আৰু পথৰ কাষে কাষে কেইবাখনো বিল পাৰ হৈ আমি নৰনাৰায়ণ সেতু পাইছিলোগৈ।  ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত তৃতীয়খন দলঙৰ এটা মূৰত ৰৈ দিলে অকোৱা পকোৱা ভাঁজ দি সজা বাবে সাপ এদালৰ দৰেই দেখি। ভাঁজ দিয়া দলঙৰ কাষে কাষে গৈ আমি পাহাৰ এখনৰ দাঁতিতে থকা ৰঙা ৰঙা  টেন্টেৰে খুৱ সুন্দৰকৈ সজাই তোলা কেম্পছাইটটো পাইছিলোগৈ। গৈয়ে চকুত পৰিছিল তাত পৰ্যটকৰ বাবে নিৰ্মান কৰা জিপ লাইনৰ ব্যৱস্থা, ৰছীৰে সজা দলং, টায়াৰেৰে সজোৱা বগাব পৰা দেৱাল, আৰু শিশু সকলে উপভোগ কৰিব পৰা বহুতো খেলৰ ব্যৱস্থা। 



স্থানীয় যুৱকৰ দল এটাক লৈ গোৱালপাৰা জিলা বন সংমণ্ডল বিষয়া তেজাস মৰিস্বামীয়ে এক ব্যতিক্ৰমী  ৰূপত পঞ্চৰত্ন ইক’কেম্পৰ সপোনটো দেখিছিল আৰু তাক বাস্তৱ ৰূপ দিয়াত সকলো ধৰণৰ পৰিকল্পনাৰে সহযোগ আগবঢ়াইছিল অসম পৰ্বতাৰোহন সন্থাই । স্থানীয় খাৰবোজা গাঁৱৰ ৰাভা জনজাতীয় যুৱকৰ দলটোক দুঃসাহসিক ক্ৰীড়াৰ সকলো ধৰণৰ প্ৰশিক্ষণেৰে সাজু কৰি তোলাৰ লগতে শিবিৰটো স্থাপনৰ বাবে সকলো পৰিকল্পনা, নিকটৱৰ্ত্তী পাহাৰীয়া অঞ্চলত বিচৰণ কৰি ট্ৰেকিঙৰ সম্ভাৱনা থকা ঠাইসমূহ পৰীক্ষা কৰি পৰ্যটকক সকলো প্ৰকাৰে আকৰ্ষণ কৰিব পৰাকৈ ট্ৰেকিঙৰ লগতে শিলৰ গুহাত বিচৰণ তথা কেভ এক্সপ্ল’ৰেচন আদি ক্ৰীড়া কলাপেৰে আমোদ দিব পৰাকৈ সকলো প্ৰকাৰে সাজু কৰি তুলিছে।  পঞ্চৰত্ন প্ৰকৃতি শিবিৰৰ ধাৰণাটোৰ ক্ষেত্ৰত  গোৱালপাৰা জিলাৰ  বন সংমণ্ডল বিষয়া তেজাস মৰিস্বামীৰ বিচক্ষণতা সচাকৈয়ে আদৰণীয়। অসম পৰ্বতাৰোহন সন্থাৰ সহযোগত প্ৰতিটো পদক্ষেপত স্থানীয় যুৱকৰ দলটোৰ কাষত সাহস হিচাপে থিয় দি কৰ্মসংস্থাপনৰ লগতে ঠাই খনক পৰ্যটনৰ উৎস হিচাপে গঢ়ি তোলা তেখেতৰ এই প্ৰচেষ্টা সকলোৰে বাবে আদৰ্শনীয়। ভৱিষ্যতে আৰু অধিক প্ৰসাৰ হোৱাৰ পথত থকা এই প্ৰকৃতি শিবিৰৰ মূল উদ্দ্যেশ্য হৈছে স্থানীয় ব্যক্তিৰ কৰ্মসংস্থাপনৰ বাট মুকলি হোৱাৰ লগতে প্ৰাকৃতিক ভাৱে সমৃদ্ধ ঠাইখন পৰ্যটন থলী হিচাপে গঢ়ি তোলা। খাৰবোজা গাঁৱৰ গাওঁবাসীয়ে শিবিৰটোক নিজৰ ঘৰুৱা অনুষ্ঠানৰ দৰে মানি লৈছে আৰু ইয়াৰ উন্নতিৰ হকে মন প্ৰান ঢালি সহযোগ কৰি গৈছে। বৰ্তমানেও নিৰ্মীয়মান অৱস্থাত থকা শিবিৰৰ নিৰ্মান কাৰ্য্যত ব্যৱহৃত বেছিভাগ সামগ্ৰীয়েই হৈছে বাঁহ, কাঠ, বেত, খেৰ আৰু পেলনীয়া সামগ্ৰী। যিমান দূৰ সম্ভৱ কংক্ৰিতক আতৰাই ৰখা হৈছে অত্যন্ত পৰয়োজনীয় ঠাইত হে কংক্ৰিত ব্যৱহাৰ কৰা হৈছে।



    শিবিৰৰ মূল প্ৰৱেশৰ সন্মুখতে এখন বিল  আছে। কেম্পৰ বাওঁকাষে কিছু দূৰত ৰে’ল লাইনটো গৈ নৰনাৰায়ণ সেতুত লাগিছেগৈ, ওপৰেদি মটৰ গাড়ী আৰু তলেদি ৰে’ল গাড়ী অহৰহ চলি থাকে। শিবিৰৰ পিছফালে কাষতে আৰু সোঁকাষে  পঞ্চৰত্ন পাহাৰ। 

    ট্ৰেইনৰ পৰা নামি ই ৰিক্সাত বহি আমাৰ আনন্দৰ উমান চালক কেইজনেও পাইছিল আৰু তেওঁলোকেও নিজৰ নিজৰ বাহন কেইখন মাজে মাজে শাৰী পাতি আৰু মাজে মাজে প্ৰতিযোগীতাৰ চলেৰে আগুৱাই নিছিল। যিখনেই আগবাঢ়িছিল তাত বহি যোৱা আমাৰ দলৰ সদস্য সকলে বাকী সকলৰ আগত নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি হাত জোকাৰি পাৰ হৈ গৈছিল। এনেকৈয়ে অগা পিছাকৈ নি আমাক শিবিৰ পোৱালেগৈ।  পোন প্ৰথমেই গৈ পোৱা তিনিখনৰ যাত্ৰী সকলে  ’প্ৰথম, দ্বিতীয় আৰু তৃতীয়’ বুলি নিজৰ সফলতা সাৱ্যস্ত কৰি খুব ফুৰ্তি পালে। 

প্ৰায় ১১ মান বাজিছিল। সকলোৰে ভোকো লাগিছিল। নিজৰ নিজৰ বেগবোৰ থৈ পুৱাৰ আহাৰৰ প্ৰস্তুতিত লাগি গ’লো। ব্ৰে’ড, কল, কণী আদিৰে পুৱাৰ জলপানৰ পৰ্ব শেষ কৰি সকলো ব্যস্ত হৈ পৰিল। শিশু সকলে তাত তেওঁলোকৰ বাবে থকা বিভিন্ন খেলবোৰ খেলিলে লগতে ডাঙৰ বোৰেও ভাগ ল’লে। সমান্তৰালকে জিপ লাইনত পাহাৰৰৰ ফালৰ পৰা এজন এজনকৈ উৰি উৰি আহি থাকিল। ইফালে তাত থকা ভলীবল ক’ৰ্ট খনত প্ৰশিক্ষাৰ্থী সকলৰ দুটা দলে খেল আৰম্ভ কৰি দিলে। আমি প্ৰশিক্ষক সকলে পাল পাতি নিজৰ নিজৰ দায়িত্বত ধৰিলো। কোনোবাই জিপ লাইনত সহযোগ কৰি আছে, কোনোবাই টেন্ট বোৰ ভগাই দিবৰ বাবে হিচাপ নিকাচত লাগিছে, কোনোবাই শিশু সকলক তদাৰক কৰিছে, কোনোবাই দুপৰীয়াৰ আহাৰ প্ৰস্তুতিত লাগিছে, শাক পাচলি কূটাকে ধৰি মুঠতে সকলো ব্যস্ত। 

  ডাঙৰ, সৰু সকলো প্ৰশিক্ষাৰ্থীৰ লগতে অভিভাৱক সকলেও জিপ লাইনৰ অভিজ্ঞতা লোৱাৰ পিছতে দুপৰীয়াৰ আহাৰৰ পৰ্ব চলিল। তাৰ পিছতে অলপ জিৰণি লৈ নৰনাৰায়ণ সেতুৰ তলেদি ব্ৰহ্মপুত্ৰৰ কাষৰ পাহাৰত সূৰ্যাস্ত চাবলৈ বুলি সকলোবোৰ ব্ৰহ্মপুত্ৰৰ কাষ পালোগৈ।

  এইখিনি ঠাইত ব্ৰহ্মপুত্ৰখন যে ইমান চাপ খাই আহিছে দেখি আচৰিত হ’লো। আমি সদায় বগীবিল, কলিয়া ভোমোৰাৰে পাৰ হৈ থকা মানুহ যে এইখিনি ঠাইত ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ দেখি আমাৰ লখিমপুৰৰ সোৱনশিৰি নদীলৈ মনত পৰি গল। সচাকৈয়ে মহাবাহুৰ মহিমা অপাৰ। 

  ওপৰেদি দলঙেৰে গাড়ী-ট্ৰেইন চলি আছিল আৰু আমি দলঙৰ তলেৰে পশ্চিমৰ পাহাৰত লুকাব খোজা ৰান্ধনী সুৰুযৰ হেঙুলী আভাৰ সাক্ষী হৈ ৰৈ থাকিলো। নতুন বছৰটোৰ চতুৰ্থটো দিনৰ সুৰ্যাস্ত এয়া। সাধাৰণ দিন এটাত সূৰ্যোদয় বা সূৰ্যাস্ত চোৱাৰ আহৰিয়েই বা ক’ত থাকে আমাৰ! যি কি নহওক বছৰটোৰ আৰম্ভনীতে এনেকুৱা এটা সূৰ্যাস্ত উপভোগ কৰিব পাৰিছো যেতিয়া অনাগত দিনত আৰু বহুকেইটা সূৰ্যাস্তৰ সাক্ষী হ’ব পাৰিম বুলি এমুঠি আশা বুকুত লৈ দুখনমান ফটো তুলি শিবিৰলৈ উভতি আহিলো। 

  আন্ধাৰ নামি আহিছিল। অমাৱস্যা হৈ যোৱাৰ পিছৰ পাঁচদিনীয়া জোনটো কাচিখনতকৈ অকনমান ডাঙৰকৈ আকাশত ওলাইছিল। শীতৰ ফৰকাল আকাশত জিলিকি থকা জোনটোক আগুৰি তৰাবোৰো এটি দুটিকৈ ওলাই আহিছিল।



’কেম্প ফায়াৰ’ বা ’বন ফায়াৰ’ ৰাগী লগা এটা  শব্দ। জোন তৰাৰে ভৰি থকা আকাশৰ তলত পুহমহীয়া শীতৰ কোলাত সন্মুখত একোৰা ডাঙৰ জুইক চাৰিওফালে ঘেৰি লৈ মেহফিলত ভাগ লোৱাৰ হেপাহ কণ প্ৰায় সকলোৰে থাকে। কিছু সময়ৰ পিছতেই কেম্প ফায়াৰ আৰম্ভ হ’ল। সকলোৱে নিজৰ ভাল লগা কথাবোৰ কৈ গ’ল, কোনোবাই গান গাই শুনালে, কোনোবাই কবিতা আবৃত্তি কৰিলে, কোনোজনে আকৌ শাৰীৰিক ব্যায়ামৰ প্ৰতি ৰাপ থকা বুলি কৈ ৫০ টা পৰ্যন্ত ’পুশ্ব আপ’ কে মাৰি দেখুৱালে, কোনোবাই কৌতুক শুনালে।  জুইত খৰি জাপি জাপি দি থকা হ’ল আৰু আড্ডাৰ ৰস বাঢ়ি গৈ থাকিল। 

প্ৰশিক্ষাৰ্থী সকলৰ মাজত এজনৰ আছে এক ব্যতিক্ৰমী নিচা । ফটোগ্ৰাফী কৰি ভালপোৱাৰ লগতে তেওঁ ৰাতিৰ আকাশ চাই ভাল পায়।  আকাশত আমি দেখা সাধাৰণ তৰাৰে তেওঁ এটা সাধু কথাৰ প্লট অংকন কৰিব পাৰে। দক্ষিণ পূৱ আকাশত জিলিকি থকা কেইটামান তৰাৰে তেওঁ আমাকো এটা চৰিত্ৰৰ প্লট দেখুৱাইছিল। ব্যতিক্ৰমী ভাৱনাৰে তেওঁ যিদৰে আমাক বৰ্ণনা কৰি দেখুৱাইছিল আমিও আকাশ খনত এটা সাধু কথাৰ আঁত বিচাৰি পাইছিলো।



সকলোৰে ভিন ভিন বিষয়ত ৰাপ আছে কিন্তু এনেকৈ আহি সকলো একগোট হোৱাৰ কাৰণ কিন্তু এটাই , সেয়া হৈছে প্ৰকৃতিৰ সৈতে একাত্মতা। ইয়াত থকা প্ৰতিজনেই প্ৰকৃতিৰ সৈতে একাত্ম হৈ ভাল পাই, নিজক বিলীন কৰি দিব খোজে প্ৰকৃতিৰ বুকুত, চকুত অলেখ স্বপ্ন নিজক ব্যতিক্ৰমী খোজেৰে আগুৱাই নিয়াৰ। মেহফিল জমি থাকিল বহুত দেৰীলৈকে। নৈশ আহাৰ ঠাণ্ডা হোৱাৰ আগতেই খাই লোৱা ভাল হ’ব বুলি মেহফিল ভংগ কৰা হ’ল। সামৰণীত অসম পৰ্বতাৰোহন সন্থাৰ সাধাৰণ সম্পাদক তথা মাউন্ট এভাৰেষ্ট, মাউন্ট কাঞ্চনজংঘা অভিযানৰ লগতে প্ৰায় ১৫ টাতকৈও অধিক অভিযানত নেতৃত্ব দিয়াৰ লগতে ১৪ টাকৈ  শিখৰ সফলতাৰে আৰোহন কৰা অভিজ্ঞ পৰ্বতাৰোহী মানস বৰুৱা ছাৰে সকলোকে নিজৰ অভিজ্ঞতাৰ বিষয়ে দুআষাৰ কোৱাৰ লগতে পৰ্বতাৰোহন তথা দুঃসাহসিক ক্ৰীড়াৰ মৌলিক দিশ কিছুমানৰ কথা নিজৰ অভিজ্ঞতাৰ কাহিনীৰে উনুকিয়াই দিয়ে। ছাৰৰ কথাত মেহফিলৰ ৰহন দুগুণে চৰিছিল আৰু প্ৰশিক্ষাৰ্থী সকল অধিক উৎসাহিত হৈছিল।


  নিশাৰ আহাৰ গ্ৰহন কৰি থাকোতেই মানস ছাৰে স্পিকাৰত বিহু গান বজাই দিছিল। বিহু শুনিলে ৰ’ব নোৱাৰা মানুহ এনেই তাতে এনেহেন উৎসৱমুখৰ পৰিৱেশ , কোনোমতে ভাত কেইটা খাই  ডাঃ পদ্মিনী আৰু মই বিহু নাচিবলৈ আৰম্ভ কৰিলো। ডাঃ পদ্মিনী ত্ৰিপুৰাৰ ত্ৰিপুৰী ছোৱালী, কৰ্মসূত্ৰে গুৱাহাটীত থাকে। অৰুণাচলত পৰ্বতাৰোহনৰ প্ৰশিক্ষণত আমি লগ পাইছিলো। এদিন অসম পৰ্বতাৰোহন সন্থালৈ ময়েই লগ ধৰিছিলো আৰু তায়ো সন্থাৰ সক্ৰিয় সদস্য হৈ পৰিল। তায়ো খুৱ ধুনীয়াকৈ বিহু নাচিব জনা হ’ল। দুয়োজনীয়ে কিছু সময় নচাৰ পিছত বাকীসকলো আগুৱাই আহিল ককাল ভাঙি ভাঙি। উপাসনা, মাধুৰ্য্য মঞ্জুৰী বা,ত্ৰিবেণী বা, পাপৰি, কৃষ্ণাংগী, প্ৰিয়ংকাকে ধৰি সকলোৱে খুৱ নাচিলো ঘুৰি ঘুৰি। প্ৰায় বাৰ মান বজাত টেন্টত সোমাই শুই পৰিলো।

    পুৱা চাৰিমান বজাতে উঠি বহুকেইজন প্ৰশিক্ষাৰ্থী ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্যোদয় চাবলৈ গ’ল। আমিও সোনকালে উঠি গা পা ধুই পুৱাৰ আহাৰ সাজু কৰিলো।

পুৱাৰ আহাৰ খাই পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি সকলো সাজু হ’ল ট্ৰেকিঙলৈ বুলি। গাইপতি পানী বটল, জুচ, চকলেট আদি লৈ সকলো কেম্পৰ পিছফালে থকা পাহাৰখনৰ ফালে আগবাঢ়িল। 



 পঞ্চৰত্ন পাহাৰৰ বুকুত দলটো আগুৱাই গৈ থাকিল। পঞ্চৰত্ন বিড এলেকাৰ অন্তৰ্গত এই পাহাৰত প্ৰচুৰ পৰিমানে শাল , চেগুন আদি গছ দেখিলো। বিৰাত ওখ ওখ আৰু প্ৰকাণ্ড প্ৰকাণ্ড শাল, চেগুন গছবোৰে পাহাৰখন খুব ধুনীয়াকৈ সজাই থৈছে। বহুকেইজোপা বিশালাকায় বট  গছ দেখিছিলো, য’ত এজোপা গছৰেই গাটো প্ৰায় ৯-১০ ফুট বহল হ’ব আৰু ডাল পাতেৰে প্ৰায় এবিঘা মান মাটি আগুৰি আছে। 



মাজে মাজে ডাঙৰ ডাঙৰ শিলৰো পাহাৰ দেখিছিলো। আধাঘন্টামান যোৱাৰ পিছত আমি এটা শিলৰ সুৰংগ সদৃশ গুহা পাইছিলো। পঞ্চৰত্ন শিবিৰৰ নিতুলহঁতে লৈ যোৱা ডাঙৰ টৰ্চ লাইটৰ পোহৰত আমিবোৰ গুহাটোলৈ সোমাই গৈছিলো। কোনোমতে এজন মানুহ  সোমাব পৰাকৈ বহল গুহাটোত সোমাই অন্ধকাৰ জগত খনৰ কিছু অভিজ্ঞতা লৈ সকলোৱে খুৱ ভাল পালে। গুহাটোৰ পৰা ওলাই সেইখন পাহাৰ পাৰ কৰি আন খন পাহাৰ বগাই প্ৰায় ১২ মান বজাত আমি শিবিৰত উপস্থিত হৈছিলোগৈ। পাহাৰখনৰ এঠাইত ওখ শিল কেইটামানৰ ওপৰত থিয় হৈ দিলে পঞ্চৰত্ন গোটেই ঠাইখিনি দেখা পাই। বিশেষকৈ নৰনাৰায়ণ সেতু খন আৰম্ভনী হৈ ব্ৰহ্মপুত্ৰৰ নীলা পানীখিনিৰ ওপৰেদি গৈ সিপাৰৰ নীলা পাহাৰ খনত লগ লগাৰ নিচিনা লাগে আৰু নদীখনৰ সৈতে পাহাৰ খিনি সামৰি গোটেই দৃশ্যটোৱে সকলোৰে মন জয় কৰিলে। 






পিছদিনা সোমবাৰ হোৱা বাবে মই সুদূৰ গোৱালপাৰা পৰা ডিব্ৰুগড় আহি পোৱাটো জৰুৰী আছিল, গোটেই দলৰ পঞ্চৰত্নৰ পৰা গুৱাহাটীলৈ ট্ৰেইন আছিল সন্ধিয়া পাঁচবজাত। সেইসময়ত আহি গুৱাহাটী পাওঁতে দেৰী হৈ যাব আৰু মই পুৱা ডিব্ৰুগড় আহি নাপাম বাবে সময়ৰ হিচাপটো মিলাই ভাতকেইটা খায়েই ২ঃ৩০ বজাত দলতকৈ আগতীয়াকৈ গুৱাহাটীলৈ বুলি ওলাই বাছত উঠিলো।

 ৰাজা দা আৰু ৰাজু দাৰো বিশেষ কাম থকাত আমি তিনিওজন একেলগে আহিলো। গুৱাহাটী ৮ বজাত পাই ৰাজু দা আৰু ৰাজা দাৰ পৰা বিদায় লৈ দৌৰাদৌৰিকৈ আই.এছ.বি.টি.ত ডিব্ৰুগড়ৰ নৈশ বাছত উঠি ছিটত বহি গাটো এৰি দিলো। ইতিমধ্যে বাছেও যাত্ৰা আৰম্ভ কৰিলে। 

অলপ সময় টোপনি গৈ সাৰ পাই  ৰাতি ১০ মান বজালৈ হোৱাট্চ এপ গ্ৰুপত দেখিলো দলৰ বাকীসকলো গুৱাহাটী আহি পাইছেহি আৰু যোৱা কেইটা দিনৰ স্মৃতি বুকুত সামৰি আৱেগ ভৰা বিদায় বাৰ্তাৰে এজনে আনজনৰ পৰা বিদায় লৈ ঘৰলৈ বাট লৈছে। আমিও পুৱা ৬ বজাত ডিব্ৰুগড় পালোহি। মানসপটত ৰৈ গ’ল প্ৰকৃতিৰ কোলাত, পঞ্চৰত্ন ইক’ কেম্পত আপোন মানুহৰ সৈতে কটাই অহা জীৱনৰ দুটা উল্লেখনীয় দিন।

'Amar Khobor' The Assamese daily


@ৰুবী বৰা








Post a Comment

0 Comments