১৯২১ চনত বৃটিছৰ নেতৃত্বত আয়োজন কৰা হৈছিল প্ৰথমটো এভাৰেষ্ট অভিযান। এই অভিযানত আৰোহী সকলে দুৰ্গম পথেৰে ৪০০ মাইল পৰ্যন্ত ট্ৰেকিং কৰিবলৈ সক্ষম হৈছিল। এক প্ৰলয়ংকাৰী ধুমুহাৰ মুখামুখী হৈ দলটোৱে সিমানৰ পৰাই উভটিব লগা হৈছিল যদিও পৰ্বতাৰোহী জৰ্জ মালুৰীৰ দৃষ্টিত স্পষ্ট হৈ পৰিছিল কোন পথেদি গ'লে এভাৰেষ্ট পাব পাৰি।
মালুৰীৰ সেই বিচক্ষনতাকে সাৰথি কৰি ১৯২২ চনত দ্বিতীয়বাৰ ব্ৰিটিছ সকলে আয়োজন কৰা এভাৰেষ্ট অভিযানত দলটো ২৭০০০ ফুট পৰ্যন্ত বগাবলৈ সক্ষম হৈছিল। দ্বিতীয়বাৰ বিফলতাৰ পিছত ১৯২৪ চনত পুনৰ চলিল তৃতীয়টো ব্ৰিটিছ এভাৰেষ্ট অভিযান। এইটো অভিযানতে এডৱাৰ্ড নৰ্টনে কৃত্ৰিম অক্সিজেন নোহোৱাকৈয়ে ২৮,১২৮ ফুটলৈকে গৈ বাকী ৯০০ ফুটৰ বাবে ঘূৰি আহিবলগীয়া হয়। সেইটো দলত মালুৰী নাছিল।
কিন্তু দলটোৰ সদস্যই ইমান খিনি লৈকে আৰোহন কৰাৰ বাতৰি পোৱাৰ পিছতে মালুৰীয়ে ২২ বছৰীয়া যুৱক এন্দ্ৰিউ আৰ্ভাইনক লগত লৈ চাৰিদিনৰ পিছতে তৎকালিনভাৱে অভিযানৰ আয়োজন কৰে।
৮ জুন তাৰিখে দুয়োজন পৰ্বতাৰোহী এভাৰেষ্ট অভিযানৰ চতুৰ্থ কেম্পৰ পৰা চামিটলৈ বুলি ওলাই গৈ পুনৰ আৰু কেতিয়াও ঘুৰি নাহিল।
১৯৯৯ চনত মালুৰীৰ শৰীৰটো পোৱা গৈছিল শীতল বৰফৰ মাজত । তললৈ মূৰ কৰি পৰি থকা মালুৰীৰ শৰীৰৰ অৱশিষ্টত তেওঁৰ নামটো লিখা আছিল, কঁকালত টানকৈ বান্ধি থোৱা আছিল ক্লাইম্বিং ৰ'প। বিশেষজ্ঞ সকলে তেওঁৰ অৱস্থানৰ ভিত্তিত চমিটৰ পৰা তললৈ নামি অহা অৱস্থাত এই ঘটনা ঘটা বুলি অনুমান কৰে। তেওঁ লগত লৈ যোৱা কেমেৰাটো পালে তেওঁলোকৰ চামিটৰ ওপৰত থকা সকলো ৰহস্যৰ ওৰ পৰিব বুলি ক'ডাক কোম্পানীয়েও মতামত দিছিল। কিন্তু তেওঁৰ কেমেৰাটো এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।
তেওঁলোকৰ ঘটনাটোৰ ১০০ বছৰ হোৱাৰ সময়ত অৰ্থাৎ যোৱা বছৰ বিখ্যাত ক্লাইম্বাৰ জিমি চিনৰ নেতৃত্বত চলা এক অভিযানত এটা ভৰিৰ আঠুৰ তলৰ অংশৰ কংকালৰ সৈতে এযোৰ জোতাৰ অৱশিষ্ট উদ্ধাৰ হয়, মোজাযোৰত আৰভাইনৰ নাম লিখা আছিল।
উদ্ধাৰ হোৱা অৱশিষ্টৰে তেওঁলোকৰ মৃত্যুৰ কাৰণ বিচাৰি উলিয়াবলৈ বিশেষজ্ঞ সকলে অহৰহ প্ৰচেষ্টা চলাই থকাৰ লগতে তেওঁলোকৰ লগত নিয়া কেমেৰাটোৰো উদ্ধাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে যিটোৱে হয়টো পোহৰলৈ আনিব এভাৰেষ্টৰ শিখৰত প্ৰথমবাৰলৈ মানুহৰ পদধুলা ১৯২৪ চনতে পৰিছিল নে আমি জনামতে ১৯৫৩ চনতহে !(ফটো আৰু তথ্যৰ উৎস ইন্টাৰনেট)
ৰুবী বৰা @ Pahadichori
0 Comments