’ স্ন’ ফল ’.. শুনিলেই ৰোমাঞ্চিত হৈ পৰা এটি শব্দ! কপাহৰ দৰে বগা বগা বৰফবোৰৰ মাজত সময় কটোৱাৰ হেপাহকণ কাৰনো নাথাকে নহয়জানো!
পাহাৰ বলীয়া মানুহ হিচাপে যোৱা আঠ-ন বছৰ মানৰ পৰা সুবিধা পালেই হিমালয়ৰ কোনোবা এটা চূকলৈ পিঠিত বেগটো লৈ ঢাপলি মেলো। ২০১৯ চনৰ ডিচেম্বৰত দাৰ্জিলিংস্থিত হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টইটিউটত বেচিক মাউন্টেইনিয়াৰিং প্ৰশিক্ষণ লৈছিলো। পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে আমি পশ্চিম ছিকিমৰ য়ুকচুমৰ পৰা তিনিদিন ট্ৰেকিং কৰি গৈ ১৪,৫০০ ফুট উচ্চতাত, পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাৰ কিছু নিলগতে ২০ দিন কেম্প কৰি ৰাথং হিমবাহত প্ৰশিক্ষণ লৈছিলো।বৰফৰ লগত জড়িত সকলো প্ৰশিক্ষণ সম্পূৰ্ণ কৰি এদিন জিৰণি লৈ আমাৰ প্ৰশিক্ষণত ব্যৱহৃত সঁজুলিবোৰ চাফ চিকুন কৰি পিছদিনা তললৈ নামি আহিবলৈ সাজু হৈছিলো। দিনৰ প্ৰায় ১২ মান বজাৰ পৰা বতৰ বেয়া হৈ আহিছিল আৰু লাহে লাহে তুষাৰ পাত আৰম্ভ হৈছিল। আমাৰ ৬৭ জনীয়া দলটোৰ সকলোৱে কেম্পৰ বাহিৰত ওলাই বৰফ খেলিবলৈ লাগিছিল। বৰফৰ বল দলিয়াদলি, স্ন’মেন বনোৱা, বৰফৰ ললি পপ বনাই খোৱা মুঠতে কোনে কি কৰি আছিল হিচাপ নাছিল।কাপোৰ কানি তিতি অৱস্থা নাছিল। ক্ৰমান্বয়ে তুষাৰপাত বাঢ়ি আহিছিল, ঠাণ্ডাই হেঁচা মাৰি ধৰিছিল ৰাতি সমস্ত গৰম কাপোৰ পিন্ধি শ্লিপিং বেগৰ ভিতৰত সোমায়ো গা গৰম হোৱা নাছিল। গোটেই ৰাতিটো তুষাৰপাত হৈ থাকিল। পিছদিনা পুৱা ৫ টাত বেড টিৰ ঘন্টা বাজোতে যেতিয়া উঠি গৈছিলো ভৰি আঠুলৈকে বৰফত পোত খাইছিল।

৭ বজাত সকলো সাজু হৈ তললৈ যাবৰ বাবে শাৰী পাতি প্ৰশিক্ষকৰ আদেশ অনুসৰণ কৰি যাত্ৰা আৰম্ভ কৰিলো।
ৰ’দ দি থকা অৱস্থাত স্ন’ত ট্ৰেকিং কৰিলে চকুত ছান গ্লাছ পিন্ধাতো অত্যন্ত প্ৰয়োজনীয় নতুবা স্ন’ত প্ৰতিফলিত হোৱা সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মীয়ে স্ন’ ব্লাইণ্ডনেছ(Snow Blindness) পৰ্যন্ত কৰি দিব পাৰে যাৰ বাবে চকুৰ অত্যন্ত বিষ হোৱাৰ লগতে কেইবাঘন্টালৈও চকুৰে নেদেখা হৈ যাব পাৰে। একাঠু বৰফ, পিঠিত ২০/২২ কেজি ওজনৰ বেগ, গাত নিজৰ জুখতকৈ ডাঙৰ ৱিণ্ডচিটাৰ তাৰ ওপৰত আকৌ পন্স(poncho), তাতে আকৌ একেৰাহে গাত পৰি থকা চেচা বৰফৰ টুকুৰাবোৰ, বতাহে গালত সোধাই যোৱা চৰ কেইটা, মাজে মাজে হঠাতে অহা বৰফৰ ধুমুহা...মুঠতে আতংকময় এটা পৰিৱেশ। তাতে আকৌ পিছল থিয় অংশবোৰত পিছলি পৰা প্ৰশিক্ষাৰ্থীৰ ধাপ ধুপ শব্দ, কাৰোবাৰ আঠু গৈ বৰফেৰে ঢাক খাই থকা শিলতেই লাগিছেগৈ মুঠতে অকল্পনীয় এক পৰিৱেশ। কঁপি কঁপি ইজনৰ পিছত সিজনকৈ, এজন আনজনৰ সাহস হৈ আমি আগুৱাই গৈ আছিলো। ১০ মান বজাৰ পৰা ৰ’দ ওলাইছিল। ঠাণ্ডাটো কমিছিল যদিও ৰ’দত বৰফবোৰ গলি পথছোৱা অধিক পিছল হৈ প্ৰত্যাহ্বান দুগুণে বঢ়াইছিল। তথাপিও আমিবোৰ গৈয়ে আছিলো কাৰণ যাঁওতে দুদিনত সম্পূৰ্ণ কৰা পথছোৱা সেইদিনা এদিনতে সম্পূৰ্ন কৰাৰ নিৰ্দেশ আছিল। ইফালে ভৰিখন বৰফত সোমায় যোৱাৰ পিছত বেগৰ সৈতে গধুৰ মানুহজনীৰ ভৰিখন উলিয়াই আনোতেই যে কিমান যে কষ্ট ভাষাৰে বুজাব নোৱাৰি, আনহাতে জোতাৰ তলত বৰফ বোৰ তৰপ তৰপকে লেকেটা লাগি গোটা বান্ধি টান বল এটাৰ নিচিনা হয় যিটো ভাঙিবলৈ বহুত সময় লাগে অন্যথা খোজকঢ়াটো অসম্ভৱ হৈ পৰে।মাজতে দুপৰিয়াৰ আহাৰ গ্ৰহন কৰি, ছুটী ছুটীকৈ জিৰনি লৈ গৈ গৈ লাহে লাহে আবেলি হ’ল। আবেলি হৈও আন্ধাৰ হ’ল আমিও গৈয়েই থাকিলো। সকলোৰে হেড্লেম্পবোৰ জলিল, বগা বৰফৰ মজত জোনাকীৰ দল এটাৰ দৰে লাগিছিল। প্ৰশিক্ষক সকলেও আমাক সাহস দি লগে লগে গৈ থাকিল। আমি যিহেতু প্ৰায় ২১/২২ দিনৰ আগতেই ওপৰলৈ গৈছিলো গতিকে আমাৰ হেডলেম্পবোৰৰ বেটাৰীবোৰৰো আয়ুস কমি আহিছিল। বেগত থকা এক্সট্ৰা বেটাৰী উলিয়াই ল’বলৈও বহুতৰে ধৈৰ্য্য নাছিলগৈ। ৰাতি হৈ অহাৰ লগে লগে ঠাইবোৰ কিবা জয়াল জয়াল লাগিছিল। মানুহবোৰ বেছিকৈ পিছল খাই পৰিব ধৰিছিল। পিছদিনা শুনিছিলো এজন এজন প্ৰশিক্ষাৰ্থী ১০০ বাৰ পৰ্যন্ত পিছল খাই পৰিছিল।পুৰণি কম গ্ৰিপ থকা জোতা পিন্ধা সকল বেছিকৈ পিচলিছিল। মোৰ জোতাযোৰ নতুন আছিল যদিও ১০ বাৰ মান পিচলি পৰিছিলো চাগে। এবাৰ উফৰি গৈ শিল এটাতে মূৰটো দি পৰিছিলোগৈ, কিন্তু হেলমেট থকা বাবে একো নহ’ল।পুৱা ৭ টাৰ পৰা সেইহেন গধুৰ বেগটো কঢ়িয়াই একেৰাহে উঠা নমা কৰি কৰি খোজকঢ়া,কান্ধৰ অৱস্থা নাছিল, ডিঙি-মূৰ সকলো অংগ কোঙা হৈ পৰিছিল, ভৰিবোৰ কঁপিবলৈ আৰম্ভ কৰিছিল, হাতবোৰ শিল যেন চেঁচা হৈ আহিছিল, হেডলেম্পৰ পোহৰো কমি আহিছিল, যিমানলৈকে দেখি বগা বগা কেৱল বগা... চকুৱেও জলক তবক দেখিছিলোগৈ,কিবা ভ্ৰম হৈ গৈছিলো.. এনেকুৱা লাগিছিল যেন চিনেমাত দেখাৰ নিচিনাকে ক’ৰবাত হেৰাইহে গ’লো য’ৰপৰা ওলাই যোৱা অসম্ভৱ।
প্ৰায় আঠমান বজাত দলৰ একেবাৰে আগৰ ফালৰ পৰা চিঞঁৰ এটা শুনিলো। সকলোৱে মূৰ তুলি চাই দেখো অলপ দূৰত তললৈ পোহৰ, মানে আমি আমি আমাৰ গন্তৱ্যস্থল পালোহি, উফ কেনেকুৱা যে লাগিছিল, বহুতে কান্দিয়েই পেলাইছিল। কেম্পত গৈ বেগটো খুলি গম পালো পিঠিখন একেবাৰে অকামিলা হৈ গ’ল। জিনজিনাই আছে কেৱল, বাকী একো গম নাপায়। ছোৱালীখিনি কাঠেৰে সজোৱা কেম্পৰ এটা কোঠাত থাকিব দিছিল। আটাইকেইজনী আহি পোৱাৰ পিছত ইজনীয়ে সিজনীৰ পিঠি মালিচ কৰিব লাগি গৈছিলো। বহুতেই নিশাৰ আহাৰ নোখোৱাকৈয়ে শুই পৰিছিল, কেইবাজনকো ধৰি ধৰি আনিবলগীয়া হৈছিল,মেডিকেল ইউনিট ব্যস্ত হৈ পৰিছিল। বাহিৰলৈ যাবলৈও বৰফ, পানী আনিবলৈ যাবলৈও বৰফ, ভাত খাবলৈ যাবলৈও বৰফ মুঠতে বৰফে লগ এৰা নাছিল,অত্যধিক ভাগৰত ৰাতি টোপনিও ভাল হোৱা নাছিল।

সকলোৰে বাবে সপোন যেন তথা ৰোমাঞ্চকৰ এই বৰফৰ মাজত সোমায় থকা প্ৰত্যাহ্বান খিনিৰ লগত নিজেই মুখামুখি নহ’লে বুজি পোৱা টান। তথাপি কিন্তু এই অভিমান ক্ষন্তেকীয়া, ইয়াৰ পিছতো পাহাৰলৈ গৈছো, স্ন’ ফল পাইছো, অত্যধিক স্ন’ ফলৰ বাবে লাডাখত ৭০৩৫ মিটাৰ উচ্চতাৰ মাউন্ট নুন অভিযান আধাতে সামৰি ঘুৰি আহিবলগীয়া অৱস্থাও হৈছে, তথাপি কিন্তু কমা নাই বৰফৰ প্ৰতি থকা হাবিয়াস, বিভিন্ন ঠাইৰ বৰফৰ ফটো ভিডিঅ’ দেখি নিজৰ স্মৃতি উলিয়াই এয়া লিখি আছো, ফটোবোৰ চাই আগৰ দিনবোৰলৈ ঘুৰি গৈছো, এই বছৰ কোনফালে যাম পৰিকল্পনা কৰিছো.... প্ৰত্যাহ্বান সকলোতে থাকে ভাললগা খিনি মুঠতে উপভোগ কৰিব লাগে সেইটোহে মূল কথা।
@Rubi Borah
0 Comments