Recent ticker

6/recent/ticker-posts

ট্ৰেকিং, পৰ্বতাৰোহণ ইত্যাদি..--Trekking, Mountaineering Etc....

আজিকালি সততে শুনিবলৈ পোৱা এটা জনপ্ৰিয় শব্দ হৈছে ’ট্ৰেকিং(Trekking)’। সুবিধা পালেই প্ৰায়ভাগ মানুহেই প্ৰকৃতিৰ বুকুত গৈ নিৰিৱিলি পৰিৱেশত সময় অতিবাহিত কৰি ভালপোৱা হৈছে। প্ৰকৃতিৰ এক সৃষ্টি হৈছে ৰহস্যৰে ভৰপূৰ পাহাৰবোৰ। ঠাইতে এচোৱা মাটি ওপৰলৈ উঠি গৈ নৈ, জান, জুৰি, গছ গছনি, পশু পক্ষীৰে ভৰপূৰ এই পাহাৰবোৰ বৰ আৱেদনময়ী। আঁতৰৰ পৰা নীলা, ওচৰলৈ গৈ থাকিলে লাহে লাহে সেউজীয়া হৈ গছ গছনিবোৰ স্পষ্ট হৈ খলা বমাবোৰো চকুৰ আগত ভাঁহি থাকে। পাহাৰত সৰু এটি জুৰি হৈ বৈ আহি ভৈয়ামত একো একোখন ডাঙৰ নদীৰ ৰূপ লয়হি। ওখ অংশৰ পৰা একেকোবে তলত গৈ পৰা পানীবোৰেৰে সৃষ্টি হোৱা জলধাৰাবোৰৰ নান্দনিক দৃশ্য প্ৰত্যেকেই জীৱনত এবাৰলৈ হ’লেও উপভোগ কৰিছে। বৰফেৰে আৱৰা সুউচ্চ হিমালয়ৰ শিখৰবোৰে যুগ যুগ ধৰি এক শ্ৰেণীৰ মানুহক আকৰ্ষিত কৰি আহিছে। সাধাৰণ মানুহ যাবলৈ কল্পনাও কৰিব নোৱাৰা ঠাইবোৰতো এই শ্ৰেণীৰ মানুহে বিশেষ সা সৰঞ্জামেৰে সু সজ্জিত হৈ পৃথিৱীৰ মুধচ এভাৰেষ্টৰ দৰে দুৰ্গম ঠাইতো সচৰাচৰ বাটে পথে হোৱা ’ট্ৰেফিক জাম’ৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছেগৈ। সাধাৰণ মানুহৰ দৃষ্টিত ট্ৰেকিং(Trekking) আৰু পৰ্বতাৰোহন(Mountaineering) শব্দ দুটাৰ বিশেষ পাৰ্থক্য নাই যদিও প্ৰকৃততে দুয়োটা শব্দৰ অৰ্থ একে নহয়। পৰ্বতাৰোহনৰ বহল পৰিসৰৰ ভিতৰত ট্ৰেকিং এটা অংশহে। ট্ৰেকিং মানে হৈছে বিশেষ একো পদ্ধতি ব্যৱহাৰ নোহোৱাকৈ কেৱল খোজকাঢ়ি গৈ থকা। ই সমান ঠাইতো হ’ব পাৰে, পাহাৰতো হ’ব পাৰে, মৰুভূমিতো হ’ব পাৰে, সাগৰৰ পাৰতো হ’ব পাৰে। আনহাতে পৰ্বতাৰোহন বুলি ক’বলৈ হ’লে ট্ৰেকিং, ৰক ক্লাইম্বিং(Rock climbing), স্ন’ ক্ৰাফ্ট(Snow craft),আইচ ক্লাইম্বিং(Ice climbing), ৰিভাৰ ক্ৰছিং(River crossing)আদিকে ধৰি বহুতো বিষয় সাঙুৰ খায় থাকে।
পৰ্বতাৰোহনৰ অভিযান এটাত অংশ ল’বলৈ ইয়াৰ প্ৰশিক্ষণ থকাটো নিম্নতম যোগ্যতা। ভাৰতীয় পৰ্বতাৰোহন সংস্থা(Indian Mountaineering Foundation)ৰ স্বীকৃতিপ্ৰাপ্ত বহুকেইটা পৰ্বতাৰোহন প্ৰশিক্ষণ প্ৰতষ্ঠান আছে। দাৰ্জিলিঙত থকা হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টিটিউট(HMI) ভাৰতৰ প্ৰথম পৰ্বতাৰোহন প্ৰশিক্ষণ প্ৰতিষ্ঠান। ইয়াৰ উপৰিও উত্তৰকাশীত নেহেৰু ইনষ্টিটিউট অৱ মাউন্টেইনিয়াৰিং(NIM), মানালীত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ মাউন্টেইনিয়াৰিং এণ্ড এলাইড স্পৰ্টছ(ABVIMAS), জম্মুত জৱাহৰ ইনষ্টিটিউট অৱ মাউন্টেইনিয়াৰিং(JIM) আৰু আমাৰ নিচেই কাষতে দিৰাঙত আছে নেশ্যনেল ইনষ্টিটিউট অৱ মাউন্টেইনিয়াৰিং এণ্ড এডভেন্সাৰ স্পৰ্টছ(NIMAS)। পৰ্বতাৰোহন প্ৰশিক্ষণৰ বিভিন্ন পৰ্য্যায় সমূহ হৈছে বেচিক মাউন্টেইনিয়াৰিং ক’ৰ্চ(Basic Mountaineering Course), এড্ভান্স মাউন্টেইনিয়াৰিং ক’ৰ্চ(Advance Mountaineering Course), মেথড অৱ ইনষ্ট্ৰাক্চন(Method of Instruction), চাৰ্চ এণ্ড ৰেচ্কিউ ক’ৰ্চ(search and rescue course)ইত্যাদি। এটা পৰ্য্যায়ত ’এ’ গ্ৰেড সহ সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পাৰিলেহে আনটো পৰ্যায়ৰ প্ৰশিক্ষণৰ যোগ্যতা অৰ্জন কৰিব পাৰি, অন্যথা পুনৰাই একেটা প্ৰশিক্ষণেই ল’ব লাগিব। আমাৰ গতানুগতিক শিক্ষা পদ্ধতিত বিভিন্ন বোৰ্ড সমূহে বান্ধি দিয়া পাঠ্যক্ৰমৰ দৰেই পৰ্বতাৰোহনৰো নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে।পৰ্বতাৰোহন প্ৰশিক্ষনৰ সময়ত কঠোৰ অনুশাষন মানি চলিব লাগে। প্ৰশিক্ষক বা প্ৰতিষ্ঠানৰ উচ্চ স্থানৰ ব্যক্তি সকল বেছিভাগেই ভাৰতীয় স্থল সেনা, নৌ সেনা, বায়ু সেনাৰ পৰা নিয়োজিত ব্যক্তি থাকে।সময়ানুৱৰ্ত্তীতা, নিয়মানুৱৰ্ত্তীতা, কঠোৰ অধ্যৱসায়, কেতিয়াও হাৰ মানিব নোখোজা এটা স্বাস্থ্যকৰ শৰীৰ, মনত সাহস, প্ৰকৃতিৰ সৈতে একাত্মতা, উচ্চ উচ্চতাতো পৰিৱেশৰ লগত-পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লোৱা আদিবোৰ হৈছে পৰ্বতাৰোহনৰ মূল চাবিকাঠি।
গুৱাহাটীত প্ৰতিবছৰে অসম পৰ্বতাৰোহন সন্থাই শিশু আৰু যুৱক যুৱতি সকলৰ বাবে পৃথকে বাৰ্ষিক ৰক ক্লাইম্বিং প্ৰশিক্ষণ অনুষ্ঠিত কৰে য’ত ৰক ক্লাইম্বিং, ট্ৰেকিং, কেম্পিং, ৰিভাৰ ক্ৰছিং, ৱাটাৰ ফল ক্লাইম্বিং ইত্যাদিবোৰৰ প্ৰশিক্ষণ দিয়ে। বছৰ বছৰ ধৰি পৰ্বতাৰোহনৰ ক্ষেত্ৰ খনত কৰি অহা সফলতাৰে অসমক উজ্বলাই ৰখা জ্যেষ্ঠ সকলৰ তত্ত্বাৱধানত, পৰ্বতাৰোহনৰ প্ৰশিক্ষণ লৈ হিমালয়ত কৰা শিখৰ অভিযানৰ অভিজ্ঞতাৰে পুষ্ট যুৱক যুৱতিসকলে নতুনকৈ এইখন ক্ষেত্ৰত খোজ দিবলৈ অহা নবীন যুৱক যুৱতী তথা শিশুসকলক প্ৰশিক্ষণ দিয়ে।প্ৰতি বছৰে শেষৰ দেওবাৰ কেইটাত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত পৰ্বতাৰোহনৰ একেবাৰে প্ৰাথমিক বিষয়বোৰৰ সৈতে চিনাকি কৰায় দিয়া হয়।প্ৰশিক্ষনৰ সমান্তৰালকৈ তাত ব্যৱহৃত সা সজুলি, ৰোমাঞ্চকৰ কাহিনীবোৰৰো বৰ্ণনা দিয়া হয়। হিমালয়ৰ ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ ট্ৰেকিং পথ মুকলি কৰাৰ সমান্তৰালকে উত্তৰ পূৰ্বাঞ্চলতো বহুতো ট্ৰেকিং পথ জনপ্ৰিয় হৈ পৰিছে। নগালেণ্ডৰ জুক’ ভেলী, অৰুণাচলৰ চেভেন লেক্ছ ট্ৰেক, মেঘালয়ৰ ডাৱল ডেকাৰ ৰোট ব্ৰিজ, হাফলঙৰ চিলকেল পিক ট্ৰেকিং আদিলৈ দেশ বিদেশৰ পৰা মানুহৰ আগমন ঘটিছে। বহুতো কোম্পানীয়ে এই ট্ৰেকবোৰ আয়োজন কৰে। ট্ৰেকিং কৰিবলৈ আগ্ৰহী সকলে এনেকুৱা কোম্পানী তথা এজেন্সী নিৰ্বাচন কৰোঁতে সাৱধান হোৱা উচিত। উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত তথা অভিজ্ঞতাসম্পন্ন গাইড থকা কোম্পানীৰ জৰিয়তেহে ট্ৰেকিং কৰিব লাগে।অন্যথা পাহাৰ যাত্ৰা এনেই প্ৰত্যাহ্বানেৰে ভৰা, তাতে যদি পথ দেখুওৱা মানুহেই আহুকালৰ সৃষ্টি কৰে তেনেহ’লে ট্ৰেকিঙৰ আনন্দ খিনি নোহোৱা হৈ পৰিব। পাহাৰত সময় কটোৱাৰ হেপাহ পুহি ৰখা সকলোৱে নিজৰ শৰীৰটো সুস্থ সৱল কৰি ৰাখি হেপাহ পূৰণ কৰক লগতে আমাৰ ট্ৰেকিং বিলাসীতাৰ উন্মাদনাত যাতে প্ৰকৃতিৰ একো অনিষ্ট নহয় সেইকথা সদায় মনত ৰাখক। প্ৰকৃতি যেনেদৰে আছে সদায় যাতে তেনেদৰেই থাকে , প্লাষ্টিক তথা জাৱৰ আদিৰে যাতে ট্ৰেকিং পথছোৱা ডাষ্টবিনলৈ পৰিৱৰ্তিত নহওক, ট্ৰেকিঙৰ সময়ছোৱাত সৃষ্টি হোৱা আৱৰ্জনাবোৰ নিজেই ক য়াই আনি তলত যাতে সঠিক স্থানত পেলোৱা হয় সেই কথাটোত সকলোৱে গুৰুত্ব দিয়াতো অত্যন্ত প্ৰয়োজনীয়।প্ৰ্কৃতি থাকিলেহে মানুহ থাকিব আৰু তেতিয়াহে আমি পাহাৰত গৈ ইয়াৰ আনন্দ ল’ব পাৰিম নহয় জানো! ৰুবী বৰা

Post a Comment

0 Comments