Recent ticker

6/recent/ticker-posts

International Everest Day

২৯ মে', International Everest Day

  দিনৰ ১১ বাজি ৩০ মিনিট পাৰ হওঁতেই ১৯৫৩ চনৰ আজিৰ দিনটোত ২৯,০৩৫ ফুট উচ্চতাত থকা  পৃথিৱীৰ সৰ্বোচ্চ ঠাইডুখৰত  মানৱ সভ্যতাৰ ইতিহাস ৰচি থিয় দিছিলগৈ নিউজিলেণ্ডৰ ছাৰ এডমাণ্ড হিলাৰী আৰু নেপালৰ টেনজিং নৰগে শ্বেৰ্পা। কৃত্ৰিম অক্সিজেনৰ মুখাই তেওঁলোকৰ উল্লাসখিনি ম্লান কৰিব পৰা নাছিল ।দুয়ো দুয়োকে সাৱতি ধৰি অভিৱাদন জনাইছিল বহুদিনীয়া সপোনটো দিঠক হোৱাৰ আনন্দত।

এটা ব্ৰিটিছ অভিযানৰ অভিযাত্ৰী  এই দুজন আৰোহীয়ে এভাৰেষ্ট অভিযানৰ চতুৰ্থ কেম্পত (২৭,৯০০ ফুট) উৎকন্ঠাৰে ভৰা এটা নিশা কটাই পুৱা ৬.৩০ ত কেম্পৰপৰা ক্ৰমান্বয়ে অগ্ৰসৰ হৈছিল ওখ হিমালয়ৰ ঠেক সীৰেদি। ইতিমধ্যে চাৰিওকাষৰ ওখ ওখ শৃংগবোৰক পুৱাৰ প্ৰভাতি কিৰণে ধুৱাই পেলাইছিলহি । প্ৰয়োজনীয় সকলো সামগ্ৰী লগত বান্ধি তেওঁলোক সাজু হৈছিল। তুষাৰে আবৃত ঠাইবোৰ বগা পাউডাৰ ঢালি থোৱাৰ দৰে লাগিছিল। আৰু তাৰ মাজেদিয়েই  ক্ৰেম্পন লগোৱা স্ন’বুতেৰে ’খচক খচ” কৰি আগবাঢ়িছিল আগে আগে শ্বেৰ্পা টেনজিং নৰগে’ পিছে পিছে এডমাণ্ড হিলাৰী।

চীন আৰু তিব্বতৰ সীমাত অৱস্থিত হিমালয়ৰ সৰ্বোচ্চ শৃংগটোক তিব্বেতিয়ান সকলৰ ভাষাত ’কমলুংমা’ (সেই ঠাই খিনিৰ দেৱী) বুলি কোৱা হয় যদিও ব্ৰিটিছ সকলে ইয়াৰ বাবে এটা উপযুক্ত নামৰ সন্ধানত নামি পৰিছিল। কল’নেল জৰ্জ এভাৰেষ্ট নামৰ ভূ বিজ্ঞানীয়ে জৰীপ কৰা তথ্যত এই শৃংগটো পৃথিৱীৰ সৰ্বোচ্চ অংশ বুলি প্ৰকাশ হোৱা হেতুকে তেঁওৰ নামেৰেই শৃংগটোৰ নাম ৰখা হয় ’মাউন্ট এভাৰেষ্ট’ ।  নেপালত ইয়াক ’সাগৰ মাথা’ বুলি কোৱা হয় অৰ্থাৎ ’সৰগীয় আৱাস’।

১৯২১ চনত ব্ৰিটিছ সকলে আয়োজন কৰা প্ৰথমটো এভাৰেষ্ট অভিযানত আৰোহী সকলে দুৰ্গম পথেৰে ৪০০ মাইল পৰ্যন্ত ট্ৰেকিং কৰিবলৈ সক্ষম হৈছিল। এক প্ৰলয়ংকাৰী ধুমুহাৰ মুখামুখী হৈ দলটোৱে সিমানৰ পৰাই উভটিব লগা হৈছিল যদিও পৰ্বতাৰোহী জৰ্জ লেই মালুৰীৰ দৃষ্টিত স্পষ্ট হৈ পৰিছিল কোন পথেদি গ'লে এভাৰেষ্ট পাব পাৰি।

মালুৰীৰ সেই বিচক্ষনতাকে সাৰথি কৰি ১৯২২ চনত দ্বিতীয়বাৰ ব্ৰিটিছ সকলে আয়োজন কৰা এভাৰেষ্ট অভিযানৰ দলটো ২৭০০০ ফুট পৰ্যন্ত বগাবলৈ সক্ষম হৈছিল। দ্বিতীয়বাৰ বিফলতাৰ পিছত ১৯২৪ চনত হোৱা তৃতীয়টো ব্ৰিটিছ এভাৰেষ্ট অভিযানত কৃত্ৰিম অক্সিজেন নোহোৱাকৈয়ে এডৱাৰ্ড নৰ্টনে  ২৮,১২৮ ফুটলৈকে গৈ বাকী ৯০০ ফুটৰ বাবে ঘূৰি আহে। এই খবৰ পোৱাৰ পিছতে মালুৰী আৰু এন্দ্ৰিউ আৰ্ভিনে চাৰিদিনৰ পিছত  তৎকালিনভাৱে চামিট আয়োজন কৰি ওলাই গৈ পুনৰ আৰু কেতিয়াও ঘুৰি নাহিল। পিছত ১৯৯৯ চনত মালুৰীৰ শৰীৰটো পোৱা গৈছিল শীতল বৰফৰ মাজত । মালুৰী আৰু আৰ্ভিনৰ মৃত্যু এক ৰহস্য হৈয়ে থাকিল।

তিব্বতৰ ফালেদি আয়োজন কৰা বহুকেইটা বিফল অভিযানৰ পিছত যেতিয়া  দ্বিতীয় বিশ্বযুদ্ধৰ শেষলৈ বিদেশীৰ বাবে তিব্বতৰ দুৱাৰেই বন্ধ হৈ থাকিল ১৯৪৯ চনত নেপালে বাহিৰৰ দেশৰ প্ৰৱেশৰ বাবে অনুমতি দিয়া আৰম্ভ কৰিলে। ১৯৫০ আৰু ১৯৫১ চনত নেপাল হিমালয় অঞ্চলত ব্ৰিটিছে বহুকেইটা  অভিযান সম্পন্ন কৰে।

১৯৫২ চনত যোৱা এটা চুইচ অভিযানৰ সদস্যই বগাই গৈ অশান্তিকৰ কুম্ভু গিৰিখাদ পৰ্যন্ত পাইছিলগৈ। অভিযানটোৰ সদস্য ৰেমণ্ড লেম্বাৰ্ট আৰু শ্বেৰ্পা টেনজিং নৰগে বগাই গৈ ২৮,২১০ ফুটৰ একেবাৰে চাউথ চামিটৰ তলি পাইছিলগৈ। কিন্তু প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত তেওঁলোক  তাৰপৰাই ঘূৰি আহিবলগীয়া হয়।

চুইচ অভিযানৰ এই সফলতা দেখি  তৎপৰ হৈ পৰিল এভাৰেষ্ট আৰোহনৰ সপোন দেখি বলিয়ান হৈ থকা ব্ৰিটিছ পৰ্বতাৰোহী সকল। ১৯৫৩ চনত তেওঁলোকে এক বিশাল এভাৰেষ্ট অভিযানৰ আয়োজন কৰিলে। ব্ৰিটিছ কমনৱেলথৰ পৰা নিউজিলেণ্ডৰ জৰ্জ লৱে, এডমাণ্ড হিলাৰীৰ দৰে অভিজ্ঞতাসম্পন্ন  বচা বচা পৰ্বতাৰোহীৰ লগতে এভাৰেষ্টৰ নিচেই কাষৰ পৰা  উভতি অহা টেনজিং নৰগে’ৰ দৰে অভিজ্ঞ শ্বেৰ্পা, ব্যৱহাৰ কৰিবলৈ আধুনিক সা সজুলি, বুট, কাপোৰ, ৰেডিঅৰ সৰঞ্জাম, খোলা বন্ধ সুবিধা উপলব্ধ অক্সিজেন চিলিণ্ডাৰকে আদি কৰি মুঠতে এক মহা অয়োজন। কাৰ্য্যসূচী অনুসৰি বছৰটোৰ আৰম্ভনীৰে পৰা যুদ্ধংদেহী ক্ষীপ্ৰতাৰে কামবোৰ আগুৱাই নি এপ্ৰিল মে’ মাহৰ ভিতৰত পাহাৰত বহুকেইটা কেম্প স্থাপন কৰি অভিযানৰ বাবে সাজু কৰি তুলিলে।

পৰিকল্পনা অনুসৰি যথাসময়ত অভিযান আৰম্ভ কৰি মে’ ২৮ তাৰিখে টেনজিং নৰগে’ আৰু এডমাণ্ড হিলাৰী ২৭,৯০০ ফুটত স্থাপন কৰা চতুৰ্থ কেম্প তথা এভাৰেষ্ট অভিযানৰ চামিট কেম্পত উপস্থিত হৈছিলগৈ।

প্ৰায় ৯ টা বজাত চাউথ চামিট পোৱাৰ অলপ পিছতে আগে আগে যোৱা হিলাৰী মুখামুখি হ'ল  প্ৰায় ৪০ ফুট ওখ এক প্ৰকাণ্ড শিলাখণ্ডৰ। দেখাত পাৰ হৈ যোৱাতো একেবাৰে অসম্ভৱ যেন লগা  এই বিৰাতাকাৰ শিলাখণ্ডৰ কোনোবাখিনিত চেপত নিজকে সুমোৱাই,  সেই উচ্চতাত য’ত কৃত্ৰিম অক্সিজেনৰ সহায়ত শ্বাস প্ৰশ্বাস লৈ আছিল, তীব্ৰবেগী বতাহৰ লগত যুঁজ দি হিম শীতল বৰফৰ মাজৰ সকলো প্ৰত্যাহ্বান নেওচি তেওঁ  আগুঁৱাই গৈ থাকিল। সুকলমে সেই প্ৰত্যাহ্বান অতিক্ৰম কৰি  টেনজিং নৰগে’কো  সহায় কৰি আগুৱাই লৈ গ'ল। এভাৰেষ্টৰ পথৰ কন্টকময় এই শিলাখণ্ডক তেওঁৰ নামেৰেই নামাকৰন কৰাৰ পিছত এতিয়া হিলাৰী ষ্টেপ নামেৰে জনা যায়।

২৯.০৫.১৯৫৩ ৰ  ১১.৩০ বজাত তেওঁলোক গৈ লক্ষ্যস্থানত থিয় দিছিলগৈ।

  আনুষ্ঠানিক শিক্ষা অবিহনেই ভেড়া পালন কৰি অতি সাধাৰন জীৱন কটোৱা টেনজিং নৰগে’ আছিল একেবাৰেই হোজা প্ৰকৃতিৰ। হিলাৰীয়ে লগত লৈ যোৱা কেমেৰাটোৰে যিমান পাৰে টেনজিংৰেই ফটো উঠাইছিল কিয়নো তেওঁ জানিছিল কেমেৰাৰে ফটো উঠোৱা কামটো টেনজিংৰ বাবে ইমান সহজ নহ’ব। শিখৰ পায়েই টেনজিং নৰগে’ই লগত থকা বিস্কুট, চকলেট আৰু মিঠাইৰ কিছু অংশ  দেৱী কমলুংমালৈ  বুলি আগবঢ়াই মনতে কিবা প্ৰাৰ্থনা কৰিলে। তেওঁৰ বিশ্বাস দেৱীৰ আশীৰ্বাদতে তেওঁ পৃথিৱীৰ সৰ্বোচ্চ স্থানত আহি উপস্থিত হ'ব পাৰিছে।
 প্ৰায় ১৫ মিনিট সময় পৃথিৱীৰ মুধচত কটাই চৰিওকাষৰ নান্দনিক দৃশ্য উপভোগ কৰি উভতনি যাত্ৰা আৰম্ভ কৰিছিল দুয়োজনে। সপোন সপোন যেন লগা অৱস্থাৰেই দুয়ো ইতিহাস ৰচি সন্তৰ্পনে অতি সাৱধানতাৰে আৰম্ভ কৰিছিল অৱৰোহন যাত্ৰা। মাজতে জিৰনি লবলৈ বহোঁতে হিলাৰীয়ে পিছলৈ ঘুৰি চাই বৰফৰ শুভ্ৰ চাদৰত এৰি থৈ অহা নিজৰ আৰু বন্ধুৰ খোজকেইটা দেখি মনৰ কথা খিনি লিখিছে 

”I looked back up the ridge and I saw that our steps were clearly outlined in the snow, so I got out my camera once again and photographed them’’। 
২ জুন তাৰিখে বিশ্বজুৰি খলকনি তুলি প্ৰচাৰ হৈছিল প্ৰথম এভাৰেষ্ট  আৰোহন কৰা ব্যক্তি দুজনৰ নাম। এডমাণ্ড হিলাৰী আৰু  টেনজিং নৰগে’। সূচনা হ’ল পৰ্বতাৰোহনৰ এক নতুন অধ্যায়, যাৰ  পাতনিৰ আঁত ধৰি ১৯৬৫ চনত ভাৰতে এভাৰেষ্টৰ শিখৰ আৰোহনকাৰী প্ৰথম দেশসমূহৰ তালিকাত চতুৰ্থ স্থানত নিজৰ নাম জিলিকাবলৈ সক্ষম হয়। ২০১৩ চনৰ ১৮ মে’ত তৰুন শইকীয়া দেৱে এভাৰেষ্টত থিয় হোৱা প্ৰথম অসমীয়া হিচাপে পৰিচয় দিবলৈ সক্ষম হয়।
উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতাৰোহনৰ ক্ষেত্ৰখনক আগুৱাই নিবলৈ নিৰলস প্ৰচেষ্টা চলাই যোৱা অসম পৰ্বতাৰোহন সন্থাই ২০১৬ চনৰ ১৯ মে’ত অসমৰ প্ৰথমটো পূৰ্ণ পৰ্য্যায়ৰ এভাৰেষ্ট অভিযানৰ বিজয় ধ্বজা উৰুৱাই আহে।  মানস বৰুৱাৰ নেতৃত্বত হেনৰী ডেভিড টেৰন , খৰচিং টেৰন আৰু নন্দ দুলাল দাসে সফলতাৰে এভাৰেষ্ট শিখৰত অসমৰ নাম খোদিত কৰি আহে। এই সফলতাই  অসমক আৰু এখোজ আগুৱাই নিয়াত সফল হ‘ল। 
 পাহাৰে হাতবাউলী মাতি থকা পৰ্বতাৰোহীসকলৰ পৰ্বতাৰোহনৰ এই যাত্ৰা অব্যাহত থাকক  আজি আন্তৰ্জাতিক এভাৰেষ্ট দিৱসৰ শুভক্ষণত তাকেই কামনা কৰিছোঁ।

ৰুবী বৰা

Post a Comment

0 Comments