Recent ticker

6/recent/ticker-posts

অসম পৰ্বতাৰোহন সন্থাৰ শিশুবিশেষ দুঃসাহসিক শিবিৰ আৰু কিছু অনুভৱ:

উত্তৰ পূৱ ভাৰতৰ দুঃসাহসিক ক্ষেত্ৰখনলৈ অপৰিসীম অৱদান আগবঢ়াই অহা অসম পৰ্বতাৰোহন সন্থাই উঠি অহা যুৱ প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি আহিছে। বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত দুঃসাহসিক শিবিৰ অনুষ্ঠিত কৰি যুৱক যুৱতীকসকলক আগ্ৰহী কৰি তোলাৰ লগতে দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি থকা ভয়-শংকা তথা নেতিবাচক দিশসমূহ মানুহৰ মনৰ পৰা আঁতৰাই বৰঞ্চ ইয়াক অধিক জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰত্যেক বছৰে আয়োজন কৰা 'বাৰ্ষিক শৈলাৰোহন প্ৰশিক্ষন'ৰ সমান্তৰালকে শিশুসকলৰ বাবেও 'শিশু দুঃসাহসিক শিবিৰ( Children Adventure Orientation Camp)আয়োজন কৰি আহিছে। যোৱা কিছুবছৰ ধৰি আমিও এই শিবিৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ সুযোগকণ লাভ কৰিছো। শিশুপ্ৰিয় মানুহৰ বাবে ইয়াতকৈ আৰু বেলেগ কি লাগিছে। অসম ৰাজ্যিক চিৰিয়াখানা আৰু বশিষ্ঠৰ দাঁতিত শিশুসকলৰ প্ৰশিক্ষণ কাৰ্য্যসূচী হয় যদিও ক'ভিড মহামাৰীয়ে কৰি নিয়া সংহাৰৰ পিছৰ পৰা যোৱা দুবছৰৰ পৰা সদ্যহতে অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰাংগণতে এই শিবিৰ অনুষ্ঠিত হৈ আহিছে। শিবিৰলৈ বুলি ভয়ে ভয়ে চুচুক চামাককৈ অভিভাৱকৰ আঙুলিত ধৰি সোমায় অহা শিশুটিয়ে যেতিয়া যোৱাৰ সময়ত হাঁহি ওলায় যাওঁতে প্ৰশিক্ষকক সোধে 'ছাৰ কাইলৈ কেইটা বজাত আহিম'(যদিও তেওঁলোকৰ আগত সময় ঘোষণা কৰা হয়) সচাকৈয়ে ভাল লাগি যায়।
শিবিৰৰ বাবে প্ৰ পত্ৰ পূৰণৰ কাৰ্য্যসূচী আগৰেপৰাই মুকলি কৰি দিয়া হয় যদিও বেছিসংখ্যক অভিভাৱকে আৰম্ভণীৰ দিনা তালৈ আহি ঠাইতে পূৰণ কৰেহি। আৰম্ভণী অনুষ্ঠানটোত সন্থাৰ জ্যেষ্ঠ সদস্যসকলৰ লগতে নিমন্ত্ৰিত অতিথি সকলৰ ভাষণত শিশুসকলৰ প্ৰথমচোৱা ভয় কিছু আঁতৰ হয়। চিৰিয়াখানাৰ গেটৰ ভিতৰত সোমোৱাৰ পিছত অভিভাৱক সকলৰ লগত তেওঁলোকৰ সংযোগ বিছিন্ন হয় আৰু অসম পৰ্বতাৰোহন সন্থাৰ প্ৰশিক্ষণেৰে পুষ্ট যুৱ, অভিজ্ঞ প্ৰশিক্ষক তথা স্বেচ্ছাসেৱকসকলৰ অনুশাষণৰ মাজেৰে তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ হয়।
শাৰীৰিক ব্যায়াম, যোগাসন কাৰ্য্যসূচীৰে প্ৰশিক্ষণ আগুৱাই যায়। পিঠিত নিজৰ বেগত দিনটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ শাৰীপাতি সম্পূৰ্ণ নিয়মানুৱৰ্তীতাৰ মাজেৰে চিৰিয়াখানাৰ পিছফালে থকা বন বিভাগৰ আৱাসিক এলেকা পাৰ হৈ আৰ. কে. মেমৰিয়েল ৰক ফিল্ডৰ কিছু আগত তেওঁলোকক ৰ'প অনুযায়ী প্ৰশিক্ষকসকলৰ তত্ত্বাৱধানত গতাই দিয়া হয়। পুৱাৰ জলপান আৰু দুপৰীয়াৰ আহাৰ খোৱা কাৰ্য্যসূচীত তেওঁলোকক নিজেই বেগৰ পৰা কাপ, গিলাছ, কাঁহী আদি যিখিনি লগত লৈ যোৱাটো বাধ্যতামূলক সেইখিনি উলিয়াই শাৰীত থিয় হৈ এজনৰ পিছত এজনকৈ নিজৰ খাদ্য সংগ্ৰহ কৰি যথাস্থানত বহি খাবলৈ দিয়া হয়। লগতে খাদ্যসামগ্ৰী নষ্ট নকৰি, কাঁহী পৰিস্কাৰ কৰি, গিলাছত দিয়া হৰলিক্স/বৰ্ণভিতা সম্পূৰ্ণ আদায় কৰি, সিজোৱা কণীৰ বাকলি তথা কল আদি ফলমূলৰ বাকলি যথাস্থানত পেলাবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰশিক্ষকৰ সহযোগত নিজৰ খোৱা বাচন পৰিস্কাৰ কৰিবলৈও শিকোৱা হয়। শিশুসকলেও ইমান সূচাৰুৰূপে নিয়মাৱলীবোৰ আনন্দমনেৰে পালন কৰে যে দেখিয়েই মন ভৰি যায়। ইয়াৰ উপৰিও তেওঁলোকক প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞ হোৱাৰ লগতে প্ৰকৃতিক সন্মান জনোৱা আৰু তাৰ বাবে আমি মানৱজাতি কিমান দায়বদ্ধ ইত্যাদিবোৰ তেওঁলোকৰ ভাষাৰেই, আৰ্হিৰে বুজোৱাৰ লগতে ব্যৱহাৰিক দিশতো চকু ৰখা হয়। তেওঁলোকক প্ৰশিক্ষণৰ অংশ হিচাপে শৈলাৰোহন, কৃত্ৰিম দেৱাল আৰোহন, ৰছীৰে সজোৱা দলংসদৃশ পথেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা, ৰছীত বান্দৰৰ দৰে উলমি এমূৰৰ পৰা আনটোমূৰলৈ যাবলৈ দিয়া আদি খেল সমূহ খেলোৱা হয় য'ত 'Safety first' কথাষাৰত প্ৰশিক্ষক সকলে আটাইতকৈ বেছি গুৰুত্ব দিয়ে। গুৱহাটীৰ লগতে অসমৰ আন ঠাইৰ পৰাও আহি যোগদান কৰা শিশুসকল প্ৰথমে অচিনাকী যদিও প্ৰশিক্ষণৰ সময়ছোৱাত গঢ়ি উঠা তেওঁলোকৰ বন্ধুত্ব আৰু ইজনে আনজনৰ প্ৰতি লোৱা মৰম আদৰবোৰ দেখিলে মনবোৰ ভৰি যায়। প্ৰশিক্ষণৰ অন্তত প্ৰদান কৰা মান পত্ৰখন গ্ৰহণ কৰিবলৈ ৰৈ থকা কণমানিহঁতৰ উৎকণ্ঠাৰে ভৰা চকুৰ তিৰ বিৰণিবোৰে আমাকো যথেষ্ট উৎসাহিত কৰে।
প্ৰশিক্ষণৰ সময়ত খাবলৈ দিয়া বিস্কুত/ মৰ্টনৰ বাকলিয়েই হওক বা তেওঁলোকৰ ব্যৱহৃত যিকোনো প্লাষ্টিকৰ টুকুৰা আদি য'তে ত'তে নেপেলাই, নিৰ্দিষ্ট ঠাইত পেলাবলৈ কোৱা হয়। আৰু আমোদজনক কথাটো হ'ল যে প্ৰশিক্ষণৰ পৰা উভতি যোৱা সময়ত দেখা যায় কাৰোবাৰ যদি চোলা বা পেন্টৰ পকেট কৰোবাৰ আকৌ বেগৰ কোনোবাটো খাপ তেনেকুৱা প্লাষ্টিকৰ টুকুৰাৰে ভৰি থাকে। নজনা কিবা কথা থাকিলে প্ৰশিক্ষকক সুধি সুধি নিজেই কৰিবলৈ চেষ্টা কৰে।
প্ৰত্যেক বছৰৰ দৰে এইবাৰো ২৪ আৰু ২৫ ডিচেম্বৰ তাৰিখে এই বাৰ্ষিক শিবিৰৰ আয়োজন কৰা হৈছে যাৰ বাবে আমি উৎকণ্ঠাৰে বাট চাই আছো, ইতিমধ্যে প্ৰ পত্ৰ বিলোৱা আৰম্ভ হৈছে। অসম পৰ্বতাৰোহন সন্থাৰ কাৰ্যালয়ত এই সমূহ উপলব্ধ হোৱাৰ উপৰিও আগ্ৰহী অভিভাৱকে মোবাইল যোগে তত্বাৱধায়ক মাধুৰ্য্য মঞ্জৰী বড়া (৭৬৬৩৯৭০০৩৬) আৰু প্ৰাঞ্জল দত্ত (৯৮৬৪০৭৯০৪১ )ৰ লগত যোগাযোগ কৰিব পাৰিব। শিশুসকলৰ লগত সেই সময়খিনি পাবৰ বাবেই লখিমপুৰৰ পৰা গুৱাহাটীলৈ ঢাপলি মেলো প্ৰতি বছৰে। অসম পৰ্বতাৰোহন সন্থাৰ লগত জড়িত হোৱাৰে পৰা বছৰজুৰি অপেক্ষা কৰোঁ এই দিনকেইটালৈ। আনকি মোৰ ভাগিনকো ৫ বছৰ বয়সৰ পৰা এই প্ৰশিক্ষণ ল'বলৈ লখিমপুৰৰ পৰা লৈ যাওঁ। যোৱা বছৰ লখিমপুৰৰ পৰা আৰু এজন শিশুক নি যোগদান কৰাইছোঁ। এইবছৰো ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা গৈ যোগদান কৰিবলৈ সাজু হৈ আছে কেইবাজনো দুঃসাহসী শিশু।
এই শিবিৰত বিশেষ ভাৱে সক্ষম শিশুকো প্ৰশিক্ষণ দিয়া হয়। গুৱাহাটীস্থিত বিশেষ ভাৱে সক্ষম শিশুসকলৰ শিক্ষানুষ্ঠান আশাদ্বীপৰ পৰা বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে প্ৰতি বছৰে অংশ লয়। টক টকীয়া ল'ৰা ছোৱালীকেইটাই সুন্দৰকৈ নিজা প্ৰচেষ্টাৰে সকলোবোৰ কৰি যায়। তাৰে ৰঞ্জিতা, পল্লৱহঁতৰ লগত মোৰ সম্পৰ্কই সুকীয়া। ৰঞ্জিতাই মোক দেখিলেই দূৰৰ পৰাই যেতিয়া 'লখিমপুৰৰ বাইদেউজনী' বুলি দৌৰি আহে বুকু ভৰি যায়। পল্লৱেতো গোটেই বছৰেই ফোন কৰি সুধি থাকে 'বা ৰক ক্লাইম্বিং কেতিয়া হ'ব' বুলি। কিমান ভাল লাগিলে অনুষ্ঠান এটাৰ প্ৰতি ইমান আগ্ৰহী হ'ব পাৰে শিশুসকল! ২০১৮ চনত 'কেয়াৰ ইউ ৩৬৫' বেচৰকাৰী সংস্থাই আয়োজন কৰা দিব্যাংগ জ্যোতি মহোৎসৱলৈ বিহপুৰীয়াৰ অসম অন্ধ বিদ্যালয়ৰ ছাত্ৰসকলৰ লগত গৈছিলো লগতে অনুষ্ঠানটোৰ লগত জড়িত হোৱাৰ লগতে অসম পৰ্বতাৰোহন সন্থাৰ সদস্য হোৱাৰ ফলস্বৰূপে অনুষ্ঠানটোত দিব্যাংগসকলৰ বাবে দুঃসাহসিক শিবিৰ এটি আয়োজন কৰাৰ বিষয়ে জ্যেষ্ঠ সকলক অৱগত কৰিছিলো। আৰু জৰ্জ ফিল্ডত হোৱা দিব্যাংগ জ্যোতি মহোৎসৱত অসম পৰ্বতাৰোহন সন্থাৰ তত্বাৱধানত দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলে দুঃসাহসীক ক্ৰীড়াৰ সোৱাদ লাভ কৰিছিল। দৃষ্টিহীন ছাত্ৰইও প্ৰশিক্ষকৰ নিৰ্দেশ অনুসৰণ কৰি হাত আৰু ভৰিৰে উমান কৰি কৰি কৃত্ৰিম দেৱাল আৰোহন কৰা দৃশ্যই আৱেগিক কৰি তুলিছিল।
দুঃসাহসিক ক্ৰীড়াই কেৱল খেলৰ প্ৰশিক্ষণেই নিদিয়ে, একো একোজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশত যথেষ্ট অৰিহনা যোগায়। সময়ানুৱৰ্তীতা, নিয়মানুৱৰ্তীতা, আচাৰ ব্যৱহাৰ, জ্যেষ্ঠ জনৰ প্ৰতি শ্ৰদ্ধা, কনিষ্ঠ জনৰ প্ৰতি মৰম-আদৰ, প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা ইত্যাদিবোৰ দুঃসাহসিক ক্ৰীড়াই এজন ব্যক্তিক দিয়া শিক্ষাৰ ভিতৰত অন্যতম। এই ক্ৰীড়াত যেনেকৈ কঠিন পৰিস্থিতিত মনৰ ভিতৰৰ ভয়ক অতিক্ৰম কৰি ধৈৰ্য্য আৰু সাহসেৰে খোজ আগবঢ়োৱা হয় নিজৰ জীৱন যাত্ৰাতো ঠিক তেনেকৈয়ে কঠিনতকৈও কঠিন প্ৰত্যাহ্বানবোৰ সামৰি ধৈৰ্য্যৰে, সুস্থিৰ পদক্ষেপেৰে আগুৱাই যোৱাত সহায় কৰে। ঘৰত নিজেই পানী এগিলাচো লৈ নোখোৱা, খোৱাৰ সময়ত ঘৰত সৰু সুৰা এখন যুদ্ধৰ সৃষ্টি হোৱা শিশুটিয়ে যেতিয়া ইয়াত আহি নিজৰ ব্যক্তিগত কামবোৰ নিজেই কৰাৰ লগতে আনন্দমনেৰে প্ৰকৃতিৰ সান্নিধ্যত, নতুনকৈ গঢ়ি উঠা বন্ধুত্বৰ আব্দাৰবোৰৰ মাজে মাজে প্ৰশিক্ষকৰ মৰম মিশ্ৰিত অনুশাষণৰ মাজত নিজকে বিলীন কৰি দিয়ে, পৰৱৰ্তী সময়ত সেইজন শিশুৱেই নিজৰ পৰিয়ালৰ সদস্যৰ লগতে বিদ্যালয়েই হওক বা সমাজৰ আন ৰাজহুৱা স্থানতো আন দহজনক অনুপ্ৰাণিত কৰাৰ লগতে সমাজখনক এক ধনাত্মক দিশেৰে আগুৱাই নিয়াত সহায় কৰিব। ৰুবী বৰা<

Post a Comment

0 Comments