Recent ticker

6/recent/ticker-posts

ভাৰতৰ তৃতীয় বৃহৎ গ্লেচিয়াৰত কেইটামান দিন ( Climbathon: Bara Shigri Glacier)

      ভাৰতীয় পৰ্বতাৰোহন সংস্থাই প্ৰতিবছৰে আয়োজন কৰাৰ দৰে  আয়োজন কৰিছিল ’ক্লাইম্বাথন ২০২৪’। জুন মাহৰ কোনোবা এটা দিনত মই মেইলত এখন চিঠি পাইছিলো য’ত ’ক্লাইম্বাথন ২০২৪’ ত অংশগ্ৰহন কৰিবলৈ মোক নিৰ্বাচিত কৰি আমন্ত্ৰন জনোৱা হৈছিল। ভাৰতৰ প্ৰায় প্ৰতিজন পৰ্বতাৰোহীয়েই আনুষ্ঠানিকভাৱে পৰ্বতাৰোহণৰ পথাৰ খনত খোজ দিয়াৰ লগে লগে ভাৰতীয় পৰ্বতাৰোহন সংস্থাৰ অন্তৰ্ভুক্ত হৈ পৰে। ভাৰতত যিকেইখন পৰ্বতাৰোহন প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে সকলোবোৰ ভাৰতীয় পৰ্বতাৰোহণ সংস্থা ৰ স্বীকৃতিপ্ৰাপ্ত।

  সময়ে সময়ে ভাৰতৰ  পৰ্বতাৰোহন  এই সৰ্বোচ্চ মঞ্চ খনৰ পৰা বিভিন্ন ধৰনৰ কাৰ্য্যসূচী আয়োজন কৰাৰ লগতে দেশৰ বিভিন্ন ঠাইৰ যুৱক যুৱতীসকলক এই কাৰ্য্যসূচীবোৰত ভাগ লোৱা দেখি আহিছো।গতিকে পৰ্বতাৰোহণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহন কৰাৰ পিছৰে পৰা আমাৰো এই ভাৰতীয় পৰ্বতাৰোহন সংস্থাৰ তত্বাৱধানত কিবা এটা কৰাৰ সপোন এটা মনৰ কোনোবা এটা চুকত শুই আছিল। দীৰ্ঘদিনীয়া সপোন এটা সফল হোৱাৰ পথ এটি সন্মুখতে পাই মোৰ উৎকণ্ঠাই পাৰ ভাঙিছিল।

জুলাই ৩০ তাৰিখৰ দিনা আবেলিলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি গোট খোৱা পৰ্বতাৰোহী যুৱতীৰে ভাৰতীয় পৰ্বতাৰোহন সংস্থাৰ কাৰ্যালয়ৰ লগতে লাগি থকা আৱাসিক এলেকা ভৰি পৰিছিল। হোষ্টেলৰ  কোঠাবোৰত ’হাই-হেল্ল’ ’ ক্যা নাম হে আপকা’ ’আপ কঁহা চে হে‘ ইত্যাদি কথাৰে আৰম্ভ হৈ আধা ঘন্টাৰ ভিতৰতে  সকলোৰে মাজত বহুদিনীয়া চিনাকীৰ দৰে সম্পৰ্কলৈ ৰূপান্তৰিত হৈছিল।

৩১ জুলাইৰ পৰা ২২ আগষ্টলৈ ’ক্লাইম্বাথন ২০২৪’ অনুষ্ঠিত হৈছিল ভাৰতৰ তৃতীয় বৃহৎ গ্লেচিয়াৰ ’বাৰা চিগৰি’ গ্লেচিয়াৰত।ভাৰতৰ সৰ্ববৃহৎ গ্লেচিয়াৰ হৈছে চিয়াছেন, দ্বিতীয় বৃহৎ গ্লেচিয়াৰ হ’ল গংগোত্ৰী গ্লেচিয়াৰ আৰু  হিমাচল প্ৰদেশৰ লাহল জিলাত অৱস্থিত তৃতীয় স্থানত থকা  এই হিমবাহৰ নামটোৰ অৰ্থ হ’ল বাৰা মানে ডাঙৰ আৰু চিগৰি মানে শিলৰ ওপৰত জমা হোৱা  বৰফ। ৫০০০ মিটাৰ/৬০০০ মিটাৰ উচ্চতাৰ বহুকেইটা শৃংগৰে বাৰা চিগৰি গ্লেচিয়াৰৰ দৈৰ্ঘ্য প্ৰায় ২৭ কি.মি.



 জানুৱাৰী মাহত ভাৰতীয় পৰ্বতাৰোহন সংস্থাই বছৰটোত হবলগীয়া বিভিন্ন কাৰ্য্যসূচীৰ বাবে ভাৰতৰ সকলো পৰ্বতাৰোহীৰ পৰা আৱেদন বিছাৰিছিল অসম পৰ্বতাৰোহণ সন্থাৰ ফালৰ পৰা আমাৰো আৱেদনৰ প্ৰ পত্ৰ  পঠিওৱা হৈছিল বিগত বছৰত হোৱা ক্লাইম্বাথনৰ পৰা এইবছৰৰ ক্লাইম্বাথন ব্যতিক্ৰম আছিল কিয়নো আগতে ইয়াত পুৰুষ মহিলা উভয়ে অংশগ্ৰহন কৰিছিল কিন্তু এইবাৰ আছিল মহিলা বিশেষ ক্লাইম্বাথন  সংস্থাৰ বাছনি কমিটীয়ে লাভ কৰা আৱেদন পত্ৰ সমূহৰ পৰা বিৱেচনা কৰি ২২ গৰাকী যুৱতীক নিৰ্বাচন কৰিছিল দলপতিউপদলপতিমুখ্য প্ৰশিক্ষকপ্ৰশিক্ষক সকলোবোৰ মহিলা আছিল হিমাচল প্ৰদেশত থকা অটল বিহাৰী বাজপেয়ী ইনষ্টিউট অৱ মাউন্টেইনিয়াৰিং এণ্ড এলাইড স্পৰ্ট্চ ৰ জ্যেষ্ঠ প্ৰশিক্ষক , এভাৰেষ্ট বিজয়ী ৰাধা দেৱী আছিল আমাৰ মুখ্য দলপতি লগত আছিল ছিকিমৰ ইণ্ডিয়ান হিমালয়া চেন্টাৰ ফৰ এড্ভেঞ্চাৰ এণ্ড ইক’ টুৰিজ্মৰ প্ৰশিক্ষক , ভাৰতীয় পৰ্বতাৰোহন ক্ষেত্ৰ খনৰ এগৰাকী নামজ্ৱলা পৰ্বতাৰোহী শান্তি ৰায়

শ্বাহৰুখ খানৰ অভিনীত বলিউডৰ ’চক দে ইণ্ডিয়া’ চিনেমাখন মোৰ খুৱ প্ৰিয়  তাত দেশৰ বিভিন্ন ঠাইৰ পৰা গোট খোৱা  হকী খেলা যুৱতী সকলক দেখি বৰ ভাল লাগে আগতে পৰ্বতাৰোহণ প্ৰশিক্ষণ লওঁতে আৰু ট্ৰেকিং কাৰ্য্যসূচীত একমাত্ৰ অসমীয়া হৈ যোগদান কৰাৰ অভিজ্ঞতা আছে যদিও কিন্তু এইবাৰৰ কথাটো অলপ বেলেগ এইবাৰ যি অভিযানৰ বাবে আহিছো তাৰ বাবে আমিবোৰে আমন্ত্ৰন পাইছোতাকো এক বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে ,ভাৰতীয় পৰ্বতাৰোহণ সংস্থাৰ পৰা যাক দূৰ আকাশৰ তৰাৰ দৰে সদায় চাই থাকোএই অভিযানৰ আমাৰ সকলো খৰচ বহন কৰিছিল ভাৰত চৰকাৰে নিৰ্বাচিত যুৱতী পৰ্বতাৰোহী সকলৰ এখন তালিকা আছিল আৰু তাত প্ৰত্যেকৰে নামৰ কাষত নিজৰ ৰাজ্যখনৰ নাম লিখা আছিলমোৰ নামৰ কাষত ’অসম’ শব্দটোৱে মোক অধিক দায়িত্ৱশীল কৰি পেলাইছিল

তালিকাত নাম থকা বাইছ গৰাকীৰ ভিতৰত প্ৰায় ১৮ গৰাকীয়েই পৰ্বতাৰোহনক পেচা হিচাপে গ্ৰহন কৰিছে সাংঘাতিক সাহসী আৰু  সৱল ব্যক্তিত্বৰ যুৱতী সকলৰ মাজত উনৈশ বছৰ বয়সৰ পৰা চল্লিশোৰ্ধৰ মহিলা লৈকে আছিল সকলোকে লগ পাই নিজকে তেনেই নগন্য যেন অনুভৱ হৈছিলআৰু সকলোৰে পৰা যে বহুকথা শিকিব পাৰিম কথাটো ভাৱি ভাল লাগিছিল



প্ৰত্যাহ্বান ভালেখিনি আছিল ৩১ জুলাইত হিমাচললৈ যাবলগীয়া দলটোৱে দুদিন আগত হৈ যোৱা ডাৱৰ বিস্ফোৰণত বাট পথ বিধ্বস্ত হৈ পৰাৰ বাবে ২ আগষ্টত যাত্ৰা আৰম্ভ কৰিছিলো ইফালে বন্ধু বৰ্গশুভাকাংক্ষীআত্মীয় স্বজনপৰিয়ালৰ সদস্য সকলোৰে ফোন কৰি কৰি দেখুওৱা চিন্তা আমাৰ দলৰ দুগৰাকীক ঘৰৰ পৰা অভিযানত অংশ লবলৈ বাধা দিয়াৰ বাবে তেওঁলোক উভতি গৈছিলগৈ আমিবোৰে বুকুত সাহ বান্ধি ঈশ্বৰক প্ৰাৰ্থনা কৰি নিজ লক্ষ্যৰ দিশে আগবাঢ়িছিলো

আবেলি চাৰি বজাত আমি সকলোৱে মিলি বয় বস্তু তথা অভিযানৰ লাগতীয়াল সা সামগ্ৰীবোৰ বাছত উঠাই দিল্লীৰ গৰমত বিদায় দি শীত তাপ নিয়ন্ত্ৰিত ভলভত বহি উৰা মাৰিলো সপোনৰ দেশলৈ

মাজতে এবাৰ চাহ খাবলৈএবাৰ ৰাতিৰ আহাৰ খাবলৈ ৰখাই বাছখন আগুৱাই গৈ থাকিল ৰাতি দুটামান বজাতে বাছে হিমাচল প্ৰদেশত প্ৰৱেশ কৰাৰ পিছত বাছৰ ভিতৰত আমাৰ ঠাণ্ডা লাগিছিল আৰু সকলোৱে বাছৰ পৰা যোগান ধৰা পাতল কম্বল গাত মেৰিয়াই টোপনি গৈছিলো

 পুৱা চাৰি মান বজাত কাষতে বহুত মানুহে ভূনভূনাই  থকা শুনি টোপিনি ভাঙিল আৰু চকু নেমেলাকৈয়ে অনুমান কৰিলো বাছ খন ৰখাই থৈছে আৰু বহুত মানুহ গোট খাই আছে চকু মেলি দেখিলো টোপনিত লাল কাল দি থকা আমি কেইজনীমানৰ বাদে বাছত বাকীবোৰ নাই ঘপকৈ কাষৰ জনীক জগাই বাছৰ পৰা নামি গলো এছাটি চেচা বতাহে হিমাচললৈ সম্ভাষন জনালেহি ঠাণ্ডা বতাহকাষৰ নদীৰ হৰহৰাই যোৱা পানীৰ শব্দপথৰ দুয়োকাষৰ পাহাৰপাহাৰৰ টিঙত লাগি থকা ডাৱৰবোৰ….এই খিনি পাবলৈয়েতো ঢপলিয়াই আহোঁ পাহাৰলৈ বাছৰ পৰা নামি গৈ পৰিস্থিতিৰ বুজ লৈ গম পালো কিছু দুৰ আগত পাহাৰ খহি পথ বন্ধ হৈ আছেগতিকে পথ নোখোলালৈকে আমি ইয়াতে ৰব লাগিব ওচৰতে থকা ধাবা এখনত সকলোৱে প্ৰাতঃকৰ্ম সমাপন কৰি চাহ তাহ খাই প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি আত্মীয় সকললৈ ফোন কৰি কৰি খবৰ বোৰ বিলাই দিলে । এনেকৈয়ে ইফাল সিফাল কৰি থকাৰ পিছত সাত মান বজাত পথ মুকলি হোৱাত আমি পুনৰ যাত্ৰা পথেৰে আগুৱাই গৈ থাকিলো

বৰষুণ দি যোৱাৰ পিছত যে পাহাৰবোৰ ইমান আৱেদনময়ী হৈ উঠে। বৰষুণে ধুই যোৱা পৰিস্কাৰ বায়ুমণ্ডল, পাহাৰৰ ফাকে ফাকে ৰৈ যোৱা কপাহৰ দৰে ভাঁহি থকা ডাৱৰবোৰ, ওপৰৰ পৰা তললৈ বৈ পৰা সেউজীয়াৰ পৰা নীলা হ’ব ধৰা সদ্যস্নাতা গছ বনবোৰৰ খিৰীকিৰে চাই চায়েই কুল্লু মানালী পথেৰে আগবাঢ়িলো। পথৰ কাষতে থকা বাগানবোৰত লমা লমে লাগি থকা আপেল, ডালিমবোৰে মোক খা মোক খা কৰি আছিল। কুল্লু মানালী পথেৰে কিছুদূৰ গৈ আমি মূল পথ এৰি বিকল্প পথ এটাৰে যাবলৈ বুলি ভলভ’ বাছ খনক বিদায় দি দুখন ট্ৰেভেলাৰত বস্তু বাহানী উঠাই ল’লো কিয়নো কুল্লু মানালী পথছোৱা আগলৈ ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰৱল বৰষুণে উটুৱাই লৈ গৈছিল। আমাৰ গন্তব্যস্থল আছিল সোলাং ভেলি।



’এডভেন্সাৰ ভেলী’ হিমাচল প্ৰদেশৰ পৰ্যটন ক্ষেত্ৰখনৰ এক উল্লেখনীয় অংশ। আমাৰ অভিযানৰ গোটেই ল’জিষ্টিক বিভাগটোৰ পৰিচালনাৰ দায়িত্ব এই এডভেন্সাৰ ভেলীয়ে লাভ কৰিছিল। ইয়াৰ পৰা আমাৰ খোৱা বোৱা, থকা মেলা সকলোবোৰ এওঁলোকৰ ওপৰত। ইয়াৰ স্বত্বাধীকাৰী সোলাঙৰ স্থানীয় যুৱক ৰৌচন লাল সিঙ। দুঃসাহসিক ক্ষেত্ৰ খনত প্ৰায় প্ৰতিটো ক্ষেত্ৰতে পাৰদৰ্শীতাৰে সোলাং উপত্যকাৰ বৃহৎ এলেকা সামৰি এই বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি হিমালয়ৰ বুকুত বিভিন্ন ধৰণৰ দুঃসাহসীক ক্ৰীড়াৰ বিভিন্ন কাৰ্য্যসুচী পৰিচালনা কৰি আহিছে। তেওঁৰ অধীনত বহু সংখ্যক দক্ষতাসম্পন্ন যুৱক যুৱতীয়ে প্ৰশিক্ষক হিচাপে এই কাৰ্য্যসূচীবোৰত নিজকে নিয়োজিত কৰি নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।

যিহেতু আমিবোৰ বিভিন্ন  উচ্চতাৰ  পৰা গৈ তাত গোট খাইছো গতিকে উচ্চ উচ্চতাত খাপ খাবৰ বাবে এডভেন্সাৰ ভেলীতে তিনিদিনীয়া কাৰ্য্যসূচী নিৰ্ধাৰণ কৰা আছিল।এডভেন্সাৰ ভেলীৰ চৌহদটো বিৰাত ধুনীয়া। কেইবাটাও সৰু বৰ ৰং বিৰঙী ওখ ওখ ঘৰৰ লগতে প্ৰায় ২০ টা মান তম্বুৰে খুৱ ধুনীয়া কেম্পচাইট এটাও আছিল্। পিছফালে পাহাৰৰ ওপৰত সোলাং গাওঁ। মানালীস্থিত অটল বিহাৰী বাজপেয়ী ইনষ্টিউট অৱ মাউন্টেইনিয়াৰিং এণ্ড এলাইড স্পৰ্ট্চৰ স্কী প্ৰশিক্ষণ কেন্দ্ৰ সোলাঙতেই আছে । আমি এদিন সেই স্কী প্ৰশিক্ষণৰ খেলপথাৰখন চাবলৈ গৈছিলো, অঞ্জনী মহাদেৱ মন্দিৰলৈও গৈছিলো য’ত ওপৰৰ পৰা বৈ অহা জলপ্ৰপাত এটা ঠাণ্ডা দিনত পানীখিনি গোট মাৰি শিৱ লিংগৰ ৰূপ লয়।। এদিন সোলাং গাঁৱৰ মাজেৰে মাউন্ট পাটাচলু ট্ৰেকিং কৰিব গৈছিলোঁ।আৰু তৃতীয় দিনা তথা সোলাঙৰ  শেষৰ দিনা মানালীৰ বজাৰত বজাৰ কৰাৰ নামত গৈ সকলোৱে অলপ টহল দিলোগৈ।



চক দে ইণ্ডিয়া চিনেমা খনত ছোৱালীবোৰে খেলিবলৈ গৈ ৰেষ্টুৰেন্টত খাবলৈ যোৱাৰ নিচিনাকৈ আমিও মানালী চহৰত দল বান্ধি ইটো সিটো বজাৰ কৰিছিলো, দোকানীৰ লগত দৰ দাম কৰিছিলো। পৰ্বতাৰোহণ কৰা ছোৱালীৰ শাৰীৰিক গঠন এনেও মজবুট তাতে দলত আমিবোৰ অকল ছোৱালী গতিকে আমাৰ ’কনফিডেন্স লেভেল’টো লগাতকৈ অকমান বেছিয়ে হৈ আছিল সেইখিনি সময়ত। বজাৰ কৰি উভতি আহোতে মানালীৰ পৰা সোলাঙলৈ ১২ কি.মি. পথ এখন টাটা মোবাইলৰ পিছফালে উঠি চিঞৰ বাখৰ কৰি কেম্পচাইট পাইছিলোগৈ।

 ৫ আগষ্টৰ দিনা আমাৰ মূল কাহিনী আৰম্ভ হৈছিল। সোলাঙৰ পৰা অটল সুৰংগৰ মাজেদি গৈ কক্চাৰ হৈ আমি আমাৰ গন্তব্যস্থললৈ আগবাঢ়িছিলো। ৰতিনলাল নামৰ ঠাইত আমাৰ বাহনসমূহক বিদায় দি পদযাত্ৰা আৰম্ভ কৰিছিলো। পথৰ পৰা নামিয়েই আমি সন্মুখত পাইছিলো প্ৰচণ্ড সোঁতেৰে তৰ্জন গৰ্জন কৰি বৈ যোৱা চন্দ্ৰা নদী। সকলোৱে বেগৰ পৰা হাৰনেচ(Harness,পাহাৰ বগাওঁতে ৰছীত বান্ধি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ককালত পিন্ধা এবিধ সঁজুলি) আৰু হেলমেট  উলিয়াই পিন্ধি ল’লো। পৰ্বতাৰোহণ প্ৰশিক্ষণত নদী এখনত বেছি পানী থাকিলে দুয়োফালে ৰছী বান্ধি পুলিৰ সহায়ত ইপাৰৰ পৰা সিপাৰ হোৱা পদ্ধতি শিকোৱা হয়। সেইদৰেই আমিবোৰেও ৰছীৰে প্ৰথমে বস্তু বাহানীবোৰ আৰু তাৰ পিছত আমি নিজেই এজনী এজনীকৈ পাৰ হ’লো। এই ক্ষেত্ৰত আমাক এডভেন্সাৰ ভেলীৰ কিটচেন ষ্টাফেও সহযোগ কৰিছিল। ভৰা নদীখনৰ তৰ্জন গৰ্জন কৰি থকা পানীখিনিৰ ওপৰেদি যাওঁতে এনে লাগিছিল যেন আমাৰ মাজত এক নিৰৱ চুক্তি হৈছে যেন নদী খনে কৈছে ’মই মোৰ মতে বৈ থাকিম তুমি তোমাৰ মতে পাৰ হৈ যোৱা’। 



নদী পাৰ হৈ শিলৰ ওপৰেদি  ট্ৰেকিং কৰি গৈ গৈ এখন সেউজীয়া দলিচা পালোগৈ, তাৰ কাষতে ডাঙৰ গোলাকাৰ পানী এখিনিৰ পৰা দুফালে দুটা জুৰি বৈ গৈছে। লাহল জিলাৰ চন্দ্ৰা উপত্যকা এয়া। নীলিম আকাশে মাজে মাজে ডাৱৰৰ জাক এটাৰে আমালৈ চাই আছিল, পিঠিত গধুৰ বেগটোৰে তললৈ মূৰ কৰি ট্ৰেকিং কৰি গৈ থাকি কোনো সময়ত ৰৈ মূৰ দাঙিলেই দেখা চাৰিওফালে টকলা শিলৰ পাহাৰবোৰৰ কোনোবাই বৰফৰ টুপি পিন্ধি আছে আৰু কোনোৱাই ডাৱৰৰ ক্ষন্তেকীয়া আৱৰণ। সেউজীয়া দলিছা খনৰ কাষতে আছিল আমাৰ স্নাউত কেম্প, উচ্চতা ১২,৮০০ ফুট। গৈ পায়েই আমাৰ প্ৰশান্তিৰে ভৰি পৰা মনবোৰে বেছি সময় ভাৱিবললৈ সময়েই নাপালে, হাতে পাতে লাগি তিনিজনীকৈ দল পাতি নিজৰ নিজৰ টেন্টবোৰ তৰি ল’লো। ক্ষন্তেকতে সেউজীয়াখিনি ৰঙা, নীলা, হালধীয়া টেন্টেৰে ৰঙীন হৈ পৰিল লগতে থাকিল বগা ৰঙৰ এটা দাইনিং টেন্ট। স্নাউত কেম্পৰ আশে পাশে থকা পাহাৰকেইটাত শৰীৰ খাপখুওৱা প্ৰক্ৰিয়া (Acclimatize) কিছু পৰিমানে কৰি দুদিন থাকি  তাৰ পৰা ওপৰলৈ যাবলৈ সাজু হ’লো।

নিয়মানুৱৰ্তীতা, সময়ানুৱৰ্তীতা এই দুটা শব্দ পাহাৰত মূল বস্তু। এটা ছেকেণ্ডত হোৱা ভুলে মানুহৰ জীৱন পৰ্যন্ত কাঢ়ি ল’ব পাৰে।পৰ্বতাৰোহনৰ প্ৰশিক্ষণত কঠোৰ অনুশাষন মানি চলা হয় আৰু সেই অনুশাষন আমাৰ হাড়ে হিমজুৱে সোমায় যায়, জীৱনৰ বাকী সময়তো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰে।

স্নাউট কেম্পৰ পৰা প্ৰথমে এদিন কেম্প-১ লৈ ল’ড ফেৰী কৰিলো। ’ক্লাইম্বাথন’ কাৰ্য্যসূচীৰ মূল উদ্দেশ্যই হৈছে উদিয়মান পৰ্বতাৰোহীক এলপাইন পদ্ধতিৰে অভিযান চলাই পৰ্বতাৰোহী দল এটাক নেতৃত্ব দিয়াৰ কৌশলৰ প্ৰশিক্ষণ দিয়া। সকলোবোৰ কাম আমি নিজেই কৰিব লাগিব, সিদ্ধান্ত আমি নিজেই ল’ব লাগিব। দলপতি আৰু বাকী জ্যেষ্ঠ প্ৰশিক্ষক সকলে আমাক কেৱল সহযোগ হে কৰিব। আমাৰ কিবা ভুল হ’লে সঠিক পথ দেখুৱাব অন্যথা সকলবোৰ আমাৰ ওপৰত।

স্নাউট কেম্পৰ পৰা বেচ কেম্প পোৱালৈ আমাৰ পাঁচ দিন লাগিল। এই পাঁচদিন কেৱল পুৱাৰ পৰা গধুলিলৈকে শিলৰ পাহাৰেই বগালো। কোনো গ্লেচিয়াৰৰ আশে পাশে থকা এনেকুৱা শিলবোৰক মৰেইন বুলি কয়। পিঠিত প্ৰায় ২০ কে.জি. ওজন লৈ ১৪০০০ ফুট উচ্চতাৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ পাহাৰবোৰ এঢলীয়াকৈ যেতিয়া পাৰ হৈছিলো ভৰি হাত সমানে চলাব লগীয়া হৈছিল। কোনোবা সময়ত ঢিলা হৈ থকা শিলত ভৰি খন দিয়াৰ পিছত সেইখন গৈ শিলৰ সৈতে খহি গৈ তল পাইগৈ আৰু আনখন ভৰিত গোটেই শৰীৰৰ ভৰ দি তলৰ পৰা সেই খন উঠাই আনি আগৈলৈ আগবঢ়াব লাগে। কোনো সময়ত ঠাইতে ইমানে তললৈ নামিব লাগে যে শিলত চুচৰি যোৱাৰ বাদে অন্য উপায় নাথাকে। আমাৰ প্ৰায় সকলোৰে পেন্টবোৰ পিছফালে ফুটা হৈ গৈছিল। আনফালে শিল ওপৰৰ পৰা খহি আহি মূৰত পৰে বুলি চিন্তা। বেছিভাগ ঠাইত আকৌ শিলৰ তলত ’ব্লেক আইচ’ থাকে যিবোৰ অত্যন্ত পিছল।  মুঠতে কোনসময়ত ভৰিৰ সৰু গাঠি ৩৬০ ডিগ্ৰীত ঘুৰি যাব, কোন সময়ত অঠুৰ ঘিলা ওলাই পৰিব কোনো গেৰান্টি নাই।



১ নং কেম্পত পানীৰ উৎস আছিল পুখুৰীৰ দৰে দ আৰু কেওঁফালে টান বৰফৰ দেৱাল। তললৈ চিধাকৈ নামিও যাব নোৱাৰি পিছলি গৈ ক’ত পামগৈ ঠিক নাই, সেয়ে এডাল ৰ’পত আমি শাৰী পাতি নিজক এংকৰ কৰি তলৰ পৰা ড্ৰামত পানী উঠাই চেইন পদ্ধতিৰে ওপৰলৈ আনিছিলো।

বেচ কেম্প পোৱাৰ পিছত আমাক দুটা দলত ভাগ কৰি দুটা শৃংগ চামিট কৰিবলৈ নিৰ্দেশ দিছিলদলপতিৰ নিৰ্দেশক্ৰমেই শৃংগলৈ যোৱা পথৰ ৰেইকীপথ মুকলি কৰা আদি প্ৰক্ৰিয়াবোৰ দলীয়ভাৱে কৰি ১৪ আগষ্টৰ দিনা আমি মাউন্ট জেলদি (৫৬৪৮ মিটাৰআৰু আনটো দলে প্ৰায় একে সময়তে পুৱা ১০ বজাত এটা নামবিহীন শৃংগ আৰোহন কৰে আমাৰ চামিটৰ পৰা আনটো দলৰ চামিট কেম্প দেখা পাইছিলো আৰু আমি ৱাকি টকীত পৰস্পৰক শিখৰ আৰোহনৰ অভিৱাদন জনাইছিলো আনটো দলৰ এগৰাকী যুৱতীয়ে পথ মুকলি কৰোতে আঘাতপ্ৰাপ্ত  হোৱা বাবে তেওঁৰ বাদে দুয়োটা দলৰ আটাইয়েই শিখৰ চামিট কৰিছিল আমাৰ চামিটৰ পৰা গোটেই বাৰা চিগৰি গ্লেচিয়াৰটো দেখি। ওপৰৰ পৰা বৈ অহা বৰফৰ ধাৰবোৰ ৰাষ্ট্ৰ্ৰীয় ঘাই পথৰ দৰে মসৃণ যেন লাগে। চাৰিওফালৰ পাহাৰোবোৰ তলত দেখি হোৱা সেই অনুভৱ অনন্য।

বাৰা চিগৰি গ্লেচিয়াৰৰ ৪,৬০০ মিটাৰ উচ্চতাত আমাৰ বেচ কেম্প আছিল চাৰিওফালে শিলাময় পাহাৰ কিছুমানৰ শিৰত বৰফকিছুমানৰ গাত ওপৰৰ পৰা তললৈ এঢলীয়াকৈ বৈ অহা বৰফ লা টান বৰফৰ ওপৰত শিল আৰু শিলৰ ওপৰত আমাৰ টেন্টস্নাউট কেম্পৰ পিছৰ পৰা আমি শিলতে টেন্ট তৰি আহিছোটেন্টৰ তলত থকা অসমান শিলবোৰ দিনত যিমানেই মিলালেও ৰাতি শুওঁতে পিঠিত শিলে আহি বিন্ধিবই ইফালে শ্লিপিং বেগত সোমাই যেতিয়া সোঁ বা বাওঁফালটো তললৈ দি শুবলৈ চেষ্টা কৰোঁ কাণত আহি পৰে গ্লেচিয়াৰৰ গতিৰ ফলত সৃষ্টি হোৱা ’ধমহ ধমহ’ নতুবা ’খৰক খাৰাক’ শব্দ এনেকুৱা লাগে যেন এই তললৈ বৰফ খহি সোমাই যাম

আজৰি সময় আমাৰ একেবাৰেই নাছিল জিৰণি দিন সাধাৰণতে অভিযানৰ কাৰ্য্যসূচীত অন্তৰ্ভুক্ত থাকে যদিও ইয়াত আমাক জিৰণিৰ বাবে সময় একেবাৰেই দিয়া নাছিল আমাৰ শৰীৰবোৰ প্ৰতিদিনাই গধুলিলৈ ভাগৰি পৰিছিল যদিও পিছদিনা পুনৰ নতুন উদ্যমেৰে সকলো সাজু হৈ উঠেভাগৰৰ কোনো চিনেই নাথাকে কাৰো মনতদেহত শৰীৰবোৰ যেন লোহাৰলৈ পৰিৱৰ্তন হল এনে লাগিছিল ১৫ আগষ্টৰ দিনা স্বাধীনতা দিৱস পালন কৰি কেম্প-১ লৈ উভতনি যাত্ৰা আৰম্ভ কৰিছিলো তিনিদিনৰ পিছত আমি স্নাউট কেম্প পাইছিলোগৈ

কেৱল শিল আৰু বৰফৰ পাহাৰবোৰ বগাই বগাই স্নাউট কেম্পৰ সেউজীয়া দলিছাৰে সৰগ সদৃশ ঠাইখিনি পাবলৈ আমিবোৰ ব্যাকুল হৈ পৰিছিলো ভৰিবোৰ জুখতকৈ বেছিয়েই আগবাঢ়িছিল এনেও শিলবোৰ বগাই বগাই আমিবোৰ অভ্যস্ত  হৈ পৰিছিলো স্নাউট কেম্পলৈ কিছুদূৰ বাকী থাকোতেই ওপৰৰ পৰা যেতিয়া প্ৰথম চকুত পৰিছিল আৱেগত চকু পানী ওলাই আহিছিল দেহৰ সমস্ত ভাগৰে জুমুৰি দি ধৰিছিলহি নিজৰ আপোন ঘৰখন আহি পোৱাৰ নিচিনা লাগিছিল

আমি দুপৰিয়া ১২ টা মান বজাত স্নাউট কেম্প পাইছিলোগৈ সকলোৱে জুৰিৰ পানীৰে নিজক চাফ চিকুন কৰি ধুব পৰা কাপোৰ কানি আদি ধুই মেলি দুপৰিয়াৰ আহাৰ খাবলৈ দাইনিং টেন্টত গোট খালো আৰু তেতিয়াই আমাৰ বাবে দলপতিয়ে সাচি  থোৱা চাৰপ্ৰাইজটো ঘোষণা কৰিলে



চাৰপ্ৰাইজটো আছিল আমি আৰু এটাকৈ শিখৰ চামিট কৰিব লাগিব দাইনিং টেন্টৰ সন্মুখতে থকা পাহাৰবোৰৰ ওচৰা ওচৰিকৈ থকা আটাইতকৈ ওখ শৃংগ দুটালৈ আঙুলিয়াই কলে যে আমি আগৰ নিচিনাকৈ দুটা দলত ভাগ হৈ সেই শৃংগ দুটালৈ যাব লাগিব

আচলতে এই ঘোষনাটোৰ বাবে আমি মানসিক-শাৰীৰিক কোনো প্ৰকাৰেই প্ৰস্তুত নাছিলো ভাৱিছিলো পিছদিনা  বস্তু বাহানি সামৰি তাৰ পিছদিনা চন্দ্ৰা নদী আকৌ ৰছীৰে পাৰ হৈ আমি আমাৰ দৈনন্দিন জীৱনলৈ উভতি যাম কিন্তু এতিয়া আমি যাব লাগিব আনটো চামিটলৈ

প্ৰথম শৃংগ আৰোহনৰ আগদিনা আমাক কোৱা হৈছিল যে চামিট কৰি অহাৰ পিছত ছেটেলাইট ফোনেৰে আমাক আপোন মানুহৰ সৈতে এক মিনিট সময় কথা পাতিবলৈ দিয়া হ কথামতেই চামিটৰ পৰা আহি আমি ফোনৰ বাবে শাৰী পাতিলো আৰু মই  মালৈ ফোনটো লগালো ’হেল্ল’ মা…..’ বুলি কোৱাৰ পিছত মাৰ প্ৰতিক্ৰিয়া শুনি  ১০/১২ দিনে কোনো সংযোগ নোহোৱাকৈ থকাৰ দুখশিলৰ পাহাৰবোৰ বগাই বগাই পোৱা কষ্টৰ পৰা আদি কৰি এবুকু শোকে আহি বুকুখন খুন্দা মাৰি ধৰিলে মাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ সাধ্য নাছিল মুখেৰে একো কব নোৱাৰা হৈ পৰিছিলো ইফালে সময় সিমিত কিবাকে ’মা মই ভালে আছো,সকলো ভালে ভালে হৈ গ,আৰু এসপ্তাহ মানৰ পিছত নেটৱৰ্ক পামভালকৈ থাকিব’ বুলি কৈ এক  মিনিট সময় হে কথা পাতিবলৈ দিছে বুলি কৈ ফোনটো কাটি দিলো প্ৰায়ভাগৰে ঘৰলৈ ফোন কৰি মোৰ সৈতে একে অৱস্থা এঘন্টা মানলৈ আমিবোৰ আৱেগিক হৈ মনে মনে বহি আছিলো

স্বাধীনতা দিৱসগনৰাজ্য দিৱসত আজি ইমান বছৰে নিজৰ কৰ্মথলীত উদযাপন কৰি আহিছো সহকৰ্মীৰ সৈতে একেলগে চাহ একাপ খাওঁ,কিবা কিবি অনুষ্ঠানৰ আয়োজন কৰোঁ তাত যেতিয়া স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছিলো কৰ্মথলীৰ লগতে সহকৰ্মী সকললৈ মনত পৰি চকু সেমেকি উঠিছিল বাকী সময়ত ইমানেই ব্যস্ত থাকো কাৰো কথা ভাবিবলৈ সময় নাথাকে কেৱল ৰাতি শুৱাৰ সময়ত ঈশ্বৰক স্মৰণ কৰোতেই সকলকে কুশলে ৰাখিবলৈ কৈ টোপনি যাওঁ

অভিযান শেষ হল বুলি অৱশ হৈ জিৰণি লব বিচৰা দেহা আৰু মনটোক বুজাই আকৌ আমিবোৰ সাজু হলো দ্বিতীয়টো চামিটলৈ বুলি

দুয়োটা দল দুভাগত বিভক্ত হৈ প্ৰয়োজনীয় ক্লাইম্বিং সা সজুলিবোৰৰ লগতে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলা বান্ধি যাত্ৰা আৰম্ভ কৰিলো আমি যিটো শৃংগলৈ বুলি আগবাঢ়িছিলো এঘন্টামান যোৱাৰ পিছত এখ্ন খৰস্ৰোতা নদী পাৰ হবলগীয়া হ আমি নিজেই ৰপ ফিক্স কৰি জোতা মোজা খুলি আঠুৰ ওপৰলৈ হিমচেচা পানীত নামি ৰছীৰ সহায়ত এজনী এজনীকৈ পাৰ হলো পানীখিনি ইমানেই চেচা তলত থকা জোঙা জোঙা শিলবোৰত কত ভৰি পৰে একোৱেই কব নোৱাৰো ইফালে বতাহ যি জোৰত বলিছিল  ভৰি ভালকৈ ন্পৰিলে তলৰ ফালে পানীয়ে টানিব আৰু ওপৰফালে বতাহে টানিব ককালত পিন্ধি লোৱা হাৰনেচত লগোৱা কেৰাবিনাৰেদি ৰছীদালত নিজক বান্ধি লোৱাৰ বাবে পানীয়ে উটুৱাই নিব নোৱাৰিলেও গধুৰ বেগটোৰ সৈতে সমতা হেৰুৱাই পৰিব লাগিলে দাঁত মুখ যে ভাঙিব আৰু গোটেই তিতিব সেইটো খাতাং নদীখন সুকলমে পাৰ হৈ আমাৰ দলপতিক ৱায়াৰ্লেছ ফোনেৰে জনালো দলপতিয়ে প্ৰতি মুহুৰ্ততে আমাৰ খবৰ লৈ আছিল আৰু আমাক সুৰক্ষাৰ দিশটোত গুৰুত্ব দিবলৈ বাৰে বাৰে উনুকিয়াই দিছিল আমিও প্ৰতি খোজতে নিজক সুৰক্ষিত কৰি আগুৱাই গলো

পানীৰ উৎস আৰু চামিট কৰিবলগীয়া শৃংগৰ দুৰত্ব সকলো সুবিধা হোৱাকৈ গধুলি ৭ বজাত আমি এডুখৰ ঠাইত চামিট কেম্প তৰিলো পানীৰ উৎস নামতহে আমি পাৰ অহা নদীখনৰ ওপৰলৈ এই অংশ প্ৰচণ্ড সোঁত আৰু পাৰৰ পৰা তললৈ বহুকেইটা ডাঙৰ শিল বগাই নামি যাব লাগে বাকী কেইজনীক টেন্ট ফিক্স কৰিব দি আমি তিনিজনী পানী আনিবলৈ গলোআমাৰ দলত আমি ৯ জনী আছিলো বহুত কষ্টৰে পানীখিনি অনাৰ পিছত আটায়ে বুজিলো যে আমি পানী একেবাৰে হিচাপত ব্যৱহাৰ কৰিব লাগিব লগত নিয়া খাদ্য বস্তুৰে বিউটেনৰ চিলিণ্ডাৰৰ ষ্টোভত আহাৰ ৰান্ধি খাই ৯ টাত আমি টেন্টত সোমাই শুই গলো পুনৰ পুৱা ৩ টাতে উঠি সাজু হৈ ৪ বজাত চামিটলৈ বুলি আগবাঢ়িলো দুঘন্টামান মুৰত বান্ধি লোৱা  হেড লেম্পৰ পোহৰত শাৰী পাতি যোৱাৰ পিছত এঠাইত পোহৰ হোৱালৈ অলপ বাট চালো কাৰণ সেই ঠাইৰ পৰা চামিটলৈ যোৱা পথছোৱা একেবাৰে থিয়কোনফালেদি গলে ভাল হব পোহৰতহে ধৰিব পৰা যাব

নিয়ৰবোৰ শিলৰ ওপৰত গোট মাৰি বৰফৰ পাতলীয়া আৱৰন হৈ আছিল  যাক ’বাৰগ্লাছ’ বুলি কোৱা হয় সন্তৰ্পনে সাৱধানে আগুৱাই গৈ প্ৰায় ৯ বজাত আমি চামিটত উপস্থিত হৈছিলোগৈ নামবিহীন শৃংগটোৰ উচ্চতা আছিল ৫৪০০ মিটাৰ চামিটৰ পৰা বাৰা চিগৰিৰ গোটেই পাহাৰবোৰ দেখা পাই অটল সুৰংগ হৈ স্পিটি ভেলীৰ কাজালৈ যোৱা পথৰ বাহনবোৰ আমি চলন্ত  বিন্দু এটাৰ এটাৰ দৰে দেখিছিলো আমাৰ স্নাউট কেম্পৰ ৰং বিৰঙী টেন্ট বোৰ ৰঙীন ফুটৰ দৰে দেখিছিলো খুৱ ভাল লাগিছিল ইমান প্ৰত্যাহ্বানেৰে ভৰপূৰ কঠিন পথ অতিক্ৰম কৰি চাৰি দিনৰ ব্যৱধানত দুটাকৈ শৃংগ আৰোহন কৰি মনটো আনন্দৰে ভৰি পৰিছিল আমি ইজনীয়ে সিজনীক আনন্দতে সাৱতি ধৰি চিঞৰি দিছিলো



চামিটৰ পৰা ঘুৰি গৈ কেম্প সামৰি স্নাউট কেম্পলৈ যাত্ৰা আৰম্ভ কৰিলো ইতিমধ্যে আনটো দলো সফল হৈ স্নাউট কেম্প পাইছিলহি আমাক বাটতে আহি সকলোৱে অভিনন্দন জনালে

এতিয়া আৰু আমাক জিৰণিৰ প্ৰয়োজন নাছিল সুকলমে দুটাকৈ শৃংগ আৰোহন কৰি দলৰ সকলোৰে দেহ মন প্ৰশান্তিৰে ভৰি পৰিছিল কোনোবাই হেনো আমাৰ দলপতিক কৈছিল বাৰা চিগৰি  গ্লেচিয়াৰলৈ যিমান কঠিন যাত্ৰা মহিলা দলটো গৈ বেচ কেম্প পালেও অভিযান সফল হোৱাৰ নিচিনাই হ তেনেক্ষেত্ৰত গোটেই দলে দুটাকৈ মুঠ চাৰিটা শৃংগ আৰোহন কৰি সুকলমে উভতি অহাটো আমাৰ বাবে এক ডাঙৰ সফলতা যাৰ বাবে এই মহিলা বিশেষ প্ৰথম ক্লাইম্বাথন কাৰ্য্যসূচীয়ে ভৱিষ্যতে পৰ্বতাৰোহণৰ ক্ষেত্ৰখনত মহিলাৰ অৱস্থানৰ এক নতুন অধ্যায় সূচনা কৰিলে

জিৰণি নোলোৱাকৈয়ে পিছদিনা পুৱাই চন্দ্ৰা নদী ৰপেৰে পাৰ হৈ বস্তু বাহানিবোৰ কঢ়িয়াই আমৰ বাবে সাজু কৰি থোৱা বাহনত উঠালোহি প্ৰথম শৃংগ আৰোহনৰ চামিট কেম্পলৈ যোৱাৰ দিনাই সোঁহাতৰ বুঢ়া আঙুলিৰ ওচৰত কৰবাত দুখ পাইছিলো মনিবন্ধনৰ পৰা বুঢ়া আঙুলিলৈ গোটেইচোৱা ফুলি গৈছিল  বিষৰ টেবলেট এটা খাই ভাল নোপোৱাত আৰু টেবলেট নাখালো আৰু কাকো নজনালোও কথাটো বিষ সহ্য কৰি কৰিয়েই অভিযান সম্পূৰ্ণ কৰিলো কিন্তু বিষটো দিনক দিনে বাঢ়ি গৈ থাকিল ঘুৰি যোৱাৰ সময়ত কথাটো সকলোৱে গম পোৱাত চিকিৎসা আৰম্ভ হল আৰু হাতত ক্ৰেপ বেণ্ডেজ লাগিলহি সেইদিনা আবেলিলৈ এডভেন্সাৰ ভেলীৰ কেম্পচাইত পালোহি তাত আমাক সম্বৰ্ধনা জনোৱাৰ লগতে আমাৰ সফলতাৰ বাবে ’গ্ৰেণ্ড পাৰ্টীৰো আয়োজন কৰিলে সকলোৱে হাঁহি ফুৰ্টীৰে নাচ গান কৰি পিছদিনা দিল্লী পালোহি দিল্লীত সামৰণী অনুষ্ঠানত ভাৰতীয় পৰ্বতাৰোহণ সংস্থাৰ বিষয়ববীয়া সকলে আহি আমাক অভিনন্দন জনোৱাৰ লগতে আমাৰ অভিজ্ঞতাৰ বুজ ললেহি আৰু বেজ প্ৰদান কৰিলে



আমাৰ লগৰ এগৰাকীয়ে ভৰিত দুখ পাইছিল তেওঁক আৰু মোক সংস্থাৰ খৰছেৰে দিল্লীৰ চিকিৎসালয়ত চিকিৎসা কৰালে মোৰ এক্স ৰে ফলাফলৰ পৰা গম পালো যে বুঢ়া আঙুলিৰ তলতে সিৰ এডাল অকণমান ফাটিছে তাত প্লাষ্টাৰ কৰিব কৈছিল যদিও ঘৰলৈ আহিব লাগিব বাবে তাত নকৰিলো সামৰণী অনুষ্ঠানৰ পিছতে আমি সকলোৱে সেমেকা চকুৰে সকলো ঘৰমুৱা হলো

এটোপোলা স্মৃতি বুকুত বান্ধি উৰাজাহাজেৰে অৰুণাচলৰ ডনিপল’ বিমান বন্দৰত অৱতৰণ কৰি আমিও ঘৰ পালোহি এই যেন এখন নাটকৰ যৱনিকা পৰিল যাৰ বুকুচাত উঠি সাৰ পালে আন বহু সপোনে

ৰুবী বৰা 

(Published in ' Basundhara' the sunday supplimentary of Dainik Janambhumi on 24th November, 2024) 


Post a Comment

0 Comments