Recent ticker

6/recent/ticker-posts

ফুলৰ উপত্যকা (The Valley Of Flower)



  পাহাৰ পাহাৰ কেৱল পাহাৰ ভালপোৱা মই জ্নীয়ে পাহাৰৰ বুকুত নিজক বিচাৰি কৰা যাত্ৰা আৰম্ভ হৈছিল ২০১৬ চনৰ জুলাই মাহত। প্ৰথমবাৰলৈ ঘৰৰ পৰা অকলে তাকো ইমান দূৰত য’ত নেকি নেটৱৰ্কৰো সুবিধা উপলব্ধ নহয়...ঘৰৰ মানুহৰ মনত অজান আশংকা সত্বেও মোৰ সপোন তেওঁলোকৰ বাবে আছিল হাজাৰগুণে ওপৰত। মোৰ ওপৰত থকা বিশ্বাস, ওপৰজনাৰ ওপৰত থকা বিশ্বাসকে সাৰথি কৰি মোক যোৱাত কোনো ধৰণৰ বাধা নিদিলে বৰঞ্চ উৎসাহিতহে কৰিলে। পাহাৰ বগোৱাৰ সপোনকে বুকুত বান্ধি ২১ জুলাইৰ পুৱা ৭  বজাত Youth Hostel Association of Indiaৰ উত্তৰাখণ্ডৰ ঋষিকেশৰ বেছ্ কেম্পত(সিন্ধি ধৰ্মশালা) উপস্থিত হৈছিলগৈ । ৪ বজাত অ'ৰিয়েন্টেছন আৰম্ভ হৈছিল। দিল্লী,মুম্বাই,চেন্নাই,পুণে,জবলপুৰ,বিশাখাপট্টন আৰু অসমৰ মোক লৈ ৩৬ জনীয়া এটা গ্ৰুপ।প্ৰথমাৱস্থাত অকলশৰীয়া ভাৱ এটাই ভূমূকি মাৰিলেও দলৰ সকলোৱে মোক যিদৰে আকোৱালী ল'লে ক্ষন্তেকতে পলাই পত্ৰং দিলে।সচাকৈয়ে জীৱনত কিছুমান মানুহ লগ পোৱাটো সৌভাগ্যৰ বাদে আন একো নহয়। ইয়াৰ পিছত গ্ৰুপ লিডাৰে লৈ গ'ল গংগাৰ সন্ধিয়াৰ আৰতি চাবলৈ।

গংগাৰ কাষতেই আমাৰ কেম্প আছিল।আৰতি চাই গাৰ নোম শিয়ৰি উঠিছিল।কি এক গম্ভীৰ পৰিৱেশ।তাৰ পৰা আহি ভাত খালো।চেন্নাইৰ নন্দিনী আৰু লোকপ্ৰিয়ৰ লগত চিনাকী হ'লো ভাল লাগিল। দুয়োজনী দাঁতৰ ডাক্তৰ।নন্দিনীৰ দেউতাক আৰু ভায়েকো আহিছে।পিছদিনা ৰাতিপুৱা ৩ টাত বেডটিৰ বেলৰ শব্দত সাৰ পালো।৫ বজাত আৰম্ভ হ'ল আমাৰ বাছ যাত্ৰা।লক্ষ্য ২৭১ কি.মি. দুৰত্বত থকা য'চিমাথ কেম্প।পাহাৰীয়া ৰাস্তাৰে ইখআৰ পিছত সিখন পাহাৰ এৰি বাছ আগবাঢ়িছিল ক্ৰমান্বয়ে ওপৰলৈ।উত্তৰাখণ্ড ৰাজ্যখন যে ইমান পৰিস্কাৰ পৰিছন্ন।পথৰ কাষৰ নদী, পাহাৰ, কুঁৱলীৰ দৃশ্য কি সুন্দৰ আছিল নিজ চকুৰে নেদেখিলে বুজোৱা টান।৪ টাত পালো যচিমাথ, সেইদিনা যচিমাথ কেম্পত থাকি পিছদিনা গোবিনঘাট গৈছিলো। যচিমাথত সেইদিনা সন্ধিয়া তাৰে স্থানীয় মানুহ এজনে হিমালয়ক লৈ প্ৰচলিত বহুখিনি কথা ক'লে। ক'লে যে তেওঁলোকে হিমালয়ক শিৱৰ দৰে জ্ঞান কৰে।গংগা নদীখন পৰিস্কাৰ কৰাৰ কাৰণে  লোৱা পদক্ষেপৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল।য’চিমাথতে ভাৰতৰ সৰ্বোচ্চ উচ্চতাৰ ৰ'পৱে'ত উঠিছিলো।





২৩ তাৰিখে ৯ টা বজাত গোবিনঘাটত বাছৰ পৰা নামি  তাৰপৰাই আৰম্ভ হৈছিল আমাৰ পদযাত্ৰা। মুম্বাইৰ পৰা অহা Mazagon dock shipbuilders ltd ৰ অভিযন্তা মুকেশ,চন্দ্ৰশেখৰ,দীপেশ,প্ৰশান্ত, বিজয় আৰু পুণেৰ পৰা অহা স্মীতা, ধনশ্ৰী আৰু মই মিলি এটা সৰু গোট গঠন হৈছিল।মোৰ বাদে বাকী সকলো মাৰাঠী আছিল।মই আটাইতকৈ সৰু আছিলো বাবে সিহঁতে মোক মাৰাঠীত ছ'তি বুলি মাতিছিল।মূষলধাৰ বৰষুণৰ মাজেৰেই আমি আগবাঢ়িছিলো ১৬ কি.মি. দুৰত্বৰ  ১০,০০০ফুট উচ্চতাত থকা ঘাংগেৰীয়া কেম্প অভিমুখে। প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি ৰাজিৰ মাজেৰে গতি কৰোঁতে গমেই পোৱা নাছিলো কিদৰে সেই পথ অতিক্ৰম কৰিছিলো। ভোক লগাত  পেক্ কৰি নিয়া টিফিন খালো। খাই থাকোতে বৰষুণৰ পানীৰে টিফিনত থকা শুকান ভাজি জোল হৈ যোৱা  আৰু তাকেই ৰুটি তিয়াই খোৱা কথাষাৰ মনত পৰিলে হাঁহি উঠি যায়।মাজে মাজে লগত নিয়া চকলেট খাওঁ।মাজে মাজে অলপ হাঁহি উঠাৰ কথা পাতি মনটো সবল কৰো।বৰষুণৰ মাজতেই চাৰিটা বজাত গৈ ঘাংগেৰিয়া পালো।বেগৰ সমস্ত বস্তু বাহানী তিতি শেষ হৈছিল পিন্ধা কাপোৰ,জোটা একো বাকী নাছিল।ইফালে আছো হিমালয়ৰ একেবাৰে মাজত।কঁপি থকাৰ বাদে অন্য উপায় নাছিল। ভাবিলো শেষ মই ,জ্বৰ হ'লে কি হ'ব।কিন্তু ভগৱানৰ কৃপাত একো নহ'ল যেনিবা। ভাত খাই শুই গ'লো। অচিন ঠাই অচিন মানুহ কিন্তু সকলোবোৰেই যেন চিনাকী।ৰাতিপুৱা আঠটা বজাতেই মোবাইলত শেষ বাৰৰ বাবে নেটৱৰ্কৰ লাঠি কেইদাল দেখিছিলো আৰু নাই। কেতিয়া টোপনি গ'লো গমেই নাপালো। ২৪ তাৰিখে পুৱা উঠি  হিমালয়ৰ বৰফাবৃত শিৰত ৰ'দৰ জিলিঙনি দেখি ৰোমাঞ্চত শিহৰিত হৈ পৰিছিলো।কেম্পৰ চাৰিওফালে পাহাৰ আৰু পাইনৰ শাৰী।এই ঠাই বছৰটোৰ মে'ৰ পৰা ছেপ্তেম্বৰলৈকেহে বৰফমুক্ত হৈ থাকে।বাকী আঠমাহ সম্পূৰ্ণ বৰফাবৃত হৈ থাকে। পুৱাৰ  কাৰ্যসূচী পালন কৰি ৬.৩০ত যাত্ৰা আৰম্ভ হ'ল। লক্ষ্য৫ কি.মি. দুৰত্ব ১২,০০০ফুট উচ্চতাত থকা ফুলৰ উপত্যকা(valley of flower)। যিমানে আগুৱাই গৈছো এনেকুৱা লাগিছে মই যেন সৰগলৈহে আগবাঢ়িছো।প্ৰকৃতিৰ কি মেলা। অলকানন্দাৰ পাৰে পাৰে সৰু ৰাস্তাটোৰে ক্ৰমান্বয়ে ওপৰলৈ আগবাঢ়িছো।চাৰিওফালে পাহাৰ কেৱল পাহাৰ।যিমানেই ওপৰলৈ গৈছো দেখিছো পাহাৰবোৰত তৃনজাতীয় উদ্ভিদে আৱৰি ৰাখিছে।যেন একো একোখন দলিছাহে।ফুলৰ উপত্যকাত যেতিয়া উপস্থিত হৈছিলো সকলোৰে মুখ মেলাভাগেই ৰৈ গৈছিল।দুশাৰী পৰ্বতৰ মাজৰ সমতল ভাগক উপত্যকা বোলে বুলি সৰুতে পাইছিলো কিন্তু এইয়া কেৱল উপত্যকা নে? এটা পৰ্বতৰ মাজৰপৰা বৈ আহিছে পুষ্পাৱতী নদী।আনটোৰ পৰা অলকানন্দা। উত্ৰাৱল অলকানন্দা।যেন সৰগৰ পৰা নাচি নাচি আহিছে।হেপাঁহৰ জুখাৰে তাৰ পানী খালো।৪ কি.মি. কেৱল ফুল আৰু ফুল।ফুলবোৰ সম্পূৰ্ণকৈ ফুলা নাছিল যদিও কি লয়লাস ভংগিমা।অলপ দূৰত হিমালয়ৰ বৰফেৰে আৱৃত শিৰ।মন আৰু চকু প্ৰশান্তিৰে ভৰি পৰিছিল।সকলো দৃশ্য কেমেৰাত বন্দী কৰিব চেষ্টা কৰিছিলো যদিও এনেকুৱা লাগিছিল মোৰ চকুহালেই যদি কেমেৰা হ'ল হেঁতেন।









পুনৰ ঘাংগেৰিয়া কেম্পলৈ উভতি আহোঁতে  ফুলৰ উপত্যকাৰ পৰা বিদায় লোৱাৰ দুখত মনটো গধুৰ হৈ পৰিছিল।পিছদিনা অৰ্থাৎ ২৫ তাৰিখে যাত্ৰা আৰম্ভ হ'ল প্ৰায় ৯কি.মি. দুৰত্বৰ ১৪,৬০০ ফুট উচ্চতাৰ হেমকুন্দ চাহিব সৰোবৰ। পথচোৱা আছিল থিয়।কষ্ট হৈছিল অলপ।অলপদূৰ গৈ জিৰনী লওঁ।আকৌ আগবাঢ়ো।মাজে মাজে তললৈ চাই নিজেই আচৰিত হওঁ ইমান দূৰ কেনেকৈ আহিলো বুলি।ৰাস্তাৰ কাষে কাষে ভিন্নৰঙী ফুল। তাতেই দেখা পালো উত্তৰাখণ্ডৰ ৰাজ্যিক ফুল ব্ৰহ্মকমল। পৰম্পৰা অনুসৰি এই ফুলপাহ প্ৰথম ফুলিলে সকলোৱে পূজা কৰি ফুলপাহ ছিঙি শিৱৰ চৰণত অৰ্পণ কৰে। অন্যথা সেই ফুল ছিঙিলে ২৫০০০ টকা জৰিমনা ভৰিব লাগে।চাৰিঘন্টাৰ পিছত হেমকুন্দ চাহিব সৰোবৰ পালো।কাষতে আছে গুৰু গোবিন্দ সিং দেৱে প্ৰতিষ্ঠা কৰা গুৰুদ্বাৰ।কি শান্তিৰ পৰিৱেশ।শিখ ধৰ্মাৱলম্বী লোকসকল ঘোঁৰাৰে এই গুৰুদ্বাৰলৈ যায়।পৃথিৱীৰ সৰ্বোচ্চ উচ্চতাৰ গুৰুদ্বাৰ দৰ্শন কৰিলো ভাল লাগিল।গুৰুদ্বাৰৰ খিচিৰি আৰু চাহ খাই বৰ ভাল লাগিল।কাষতে আছে ভাৰতৰ একমাত্ৰ লক্ষ্মণ মন্দিৰ।তাৰ পৰাই বৈ আহিছে লক্ষ্মণগংগা নদী।হঠাৎ ডাৱৰে আৱৰি ধৰে হঠাৎ মুকলি হৈ যায় কি লুকাভাকু।অলপ সময় থকাৰ পিছত আৰম্ভ হ'ল উভতনি যাত্ৰা।যিহেতু পথচোৱা বৰ থিয় আছিল নামি আহোতে বৰ সাৱধান হ'ব লগা হৈছিল। নহ'লে কোন টলকত সিপুৰি পামগৈ ঠিক নাই।চাৰি বজাত ঘাংগেৰিয়া পালো।পিছদিনা ২৬ তাৰিখে পুৱা আৰম্ভ হ'ল গোবিনঘাট অভিমুখি যাত্ৰা। লগত আৰম্ভ হ'ল বৰষুণ।বতৰটোৱে যেন আমি ঘূৰিযোৱালৈহে বাট চাই আছিল।যোৱা দুদিন যে বৰষুণ নিদিলে তাৰ বাবে বৰ ভাগ্যৱান যেন লাগিল।গোবিনঘাটৰ পৰা ৩ বজাত বাছত পুনৰ যাত্ৰা আৰম্ভ হ'ল বদ্ৰীনাথ অভিমুখে।চাৰিদিনৰ পিছত মোবাইলত নেটৱৰ্ক পালো ।পথৰ অৱস্থা বহুত বেয়া। মাজে মাজে চকু মুদি দিওঁ।চাৰিটাত বদ্ৰীনাথ পালো।একেই মনোমোহা প্ৰাকৃতিক দৃশ্য।ঠাণ্ডা বতৰত কেম্পত গৰম গৰম পকৰা চাহ খাই ভাল লাগিছিল।বদ্ৰীনাথ মন্দিৰ গ'লো ভাল লাগিল।সাতটাত কেম্প পাই ভাত খালো। আৰম্ভ হ'ল কেম্প ফায়াৰ।আৰম্ভনিতেই কোনোবাএজনে ক'লে 'we want to see a bihu dance' ।এনেই বিহু নাচি ভাল পাঁও একেকোবে বহাৰ পৰা উঠিলো আৰু মোবাইলত বিহু গাণ এটা লগাই ককালত গামোছাখন বান্ধি খুব নাছিলো।সকলোৱে তালে তালে হাত চাপৰি বজালে।ইয়াৰ পিছৰ সময়খিনিত গ্ৰুপৰ বাকী সদস্যৰ লগতে কেম্প লিডাৰ জনেও মোক বিহু গাৰ্ল বুলি মতা আৰম্ভ কৰিছিল।ইয়াৰ পিছত দুটা গ্ৰুপৰ অন্তাক্ষৰী প্ৰতিযোগিতা।সকলো ভাষাতে গাণ চলিছে।প্ৰতিটো ভাষাৰে অতি কমেও তিনিজন হ'লেও আছে কেৱল মই অকলে হোৱাৰ বাবে প্ৰথমে অলপ অসুবিধা পাইছিলো কিন্তু বেছি সময় অপেক্ষা নহ'ল অসমীয়া গাণো আৰম্ভ কৰি দিলো।পিছদিনা গ'লো বসুধাৰা জলপ্ৰপাত অভিমুখে।ভাৰত সীমান্তৰ অন্তিম গাঁও মানা গাঁৱৰ মাজেৰে আগবাঢ়িলো।সৰস্বতী নদীৰ ওপৰত এটা শিলৰ ভীমপুল ওপৰেদি আগবাঢ়িলো।প্ৰায় ৯ কি.মি খোজকঢ়াৰ পিছত পালোগৈ।অসমান শিলৰ ওপৰেদি যোৱা পথচোৱা বৰ কষ্টকৰ আছিল।জলপ্ৰপাতৰ পানী ইমানেই ওপৰৰ পৰা পৰিছিল  তলত পৰা সময়ত বৰফ উফৰি অহা যেন হে লাগে পানী যেন নালাগেই আমি প্ৰায়১৫০মি. দুৰত্বত থাকিও সম্পূৰ্ণ তিতি গৈছিলো। ডাৱৰে গোটেইখন আৱৰি ৰখা বাবে জলপ্ৰপাতটোৰ আৰম্ভনী দেখাৰ সৌভাগ্য নহ'ল। উভতি আহোতে মনটো বেয়া লাগিছিল ট্ৰেকিং শেষ হোৱা কাৰণে।সেইদিনা ৰাতি বদ্ৰীনাথ কেম্পতে থাকিলো। পিছদিনা ৭ টাত বাছেৰে আৰম্ভ হ'ল ঋষিকেশ অভিমুখি যাত্ৰা।গোটেই দিনটোৰ যাত্ৰা অন্তাক্ষৰীৰ মাজতে পাৰ হ'ল। ঋষিকেশ পালো ৬ টাত। ভাত খাওঁতে হঠাৎ ৰান্ধনি এজনৰ অসমীয়া কথা শুনিলো।বিশ্বনাথ চাৰিআলিত ঘৰ। বৰ ভাল লাগিল।ভাতখাই বহুত মানুহ যাব ওলাল।মনবোৰ গধুৰ হৈ পৰিল।পুনৰ কোনোবা পাহাৰত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে চকুৰ পানীৰে সকলোৱে সকলোৰে পৰা বিদায় ল'লে। মই২৯ তাৰিখে তাৰপৰা ট্ৰেইনেৰে দিল্লী পালো। দিল্লীৰ পৰা ৩০ তাৰিখে বিমানেৰে গুৱাহাটী পালোহি।


  ইমান কম সময়ত কেৱল ট্ৰেকিং এ নহয় কত মানুহৰো স্মৃতি জড়িত হৈ পৰিল সচাকৈয়ে ভাবিয়ে ভাল লাগে। হিমালয়ত যে মই ট্ৰেকিং কৰি আহিলো ভাবিলে কিবা সপোন সপোনহে লাগে এতিয়া।

@ৰুবী বৰা

Post a Comment

0 Comments