Recent ticker

6/recent/ticker-posts

পৰ্বত কন্যা বলজিৎ কৌৰ : Baljit Kaur An Inspiration

সোতৰ এপ্ৰিল, ২০২৩ তাৰিখৰ দিনা আন্তঃৰাষ্ট্ৰীয় পৰ্বতাৰোহন ক্ষেত্ৰ খনত তোলপাৰ লগাই প্ৰকাশ হৈছিল মৃত্যুমুখী শৃঙ্গ নামেৰে অভিহিত কৰা পৃথিৱীৰ দশম সৰ্বোচ্চ শৃঙ্গ অন্নপূৰ্ণা শৃংগ অভিযানত তিনিজনকৈ পৰ্বতাৰোহীৰ সন্ধানহীন হোৱাৰ লগতে মৃত্যুৰ বাতৰি। তাৰ ভিতৰত দুজন আছিল ভাৰতৰ, এগৰাকী হিমাচল প্ৰদেশৰ জীয়ৰী বলজিৎ কৌৰ আৰু আনগৰাকী হৈছে ৰাজস্থানৰ সন্তান অনুৰাগ মালু। পৰ্বতাৰোহনৰ লগতে বিভিন্ন ক্ৰীড়াক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিজন বুকুৰে বৈ গৈছিল হুমুনিয়াহ। হাঁহাকাৰ লাগিছিল সকলোৰে মনত।
আমাৰো মন বিচলিত হৈছিল বাতৰি শুনি। ‘কিবাকে বাতৰিটো মিছা হোৱা হেতেন..’ ভাৱে মনত দোলা দি আছিল। ২০২২ বৰ্ষৰ অক্টোবৰ মাহত উত্তৰকাশীত অসম পৰ্বতাৰোহন সন্থাৰ উদীয়মান পৰ্বতাৰোহী দীপশিখাৰ প্ৰথমে সন্ধানহীন আৰু পিছলৈ পোৱা মৃত্যুৰ বাতৰিয়েও অসহজ কৰি ৰাখিছিল বহুত দিনলৈ। যিহেতু মই এই ক্ষেত্ৰখনৰ লগত জড়িত সেইবাবেই নে কি নাজানো আন মৃত্যুৰ বাতৰিতকৈ পৰ্বতত পৰ্বতাৰোহীৰ মৃত্যুৰ বাতৰিয়ে কিবা বিচলিত কৰি পেলায়। খেলিমেলি মনেৰেই ১৮ এপ্ৰিলৰ দিনা অফিচৰ কামত ব্যস্ত থাকোতেও হোৱাটচ এপ গ্ৰুপ এটাত হঠাতে দেখিলো যে বলজিৎ কৌৰক উদ্ধাৰকাৰী দল এটাই জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে আৰু কাঠমাণ্ডুৰ চিকিৎসালয়ত তেওঁৰ চিকিৎসা আৰম্ভ হৈছে। বলজিৎ কৌৰ বৰ্তমান সুষ্ঠ। উস...... বুকুখন শাঁত পৰি গৈছিল, কেৱল মোৰেই নহয় তেওঁলোকৰ বাতৰিক লৈ উদ্বিগ্ন হৈ থকা প্ৰতিজন ব্যক্তিৰ। দুদিন পিছত অনুৰাগ মালুকো এটি উদ্ধাৰ অভিযানত অশেষ কষ্টৰে উদ্ধাৰ কৰাৰ বাতৰিও প্ৰকাশ হ’ল। বাতৰি অনুসৰি যিহেতু বলজিৎ কৌৰে কৃত্ৰিম অক্সিজেন নোহোৱাকৈ অভিযান চলাইছিল, শৃঙ্গ আৰোহনৰ পিছত অক্সিজেনৰ অভাৱত অত্যধিক ভাগৰি যোৱাত ৭০০০ মিটাৰৰ পৰা তললৈ নামি আহিব নোৱাৰিলে, আনহাতে অনুৰাগ মালু তললৈ আহি থাকোতে এটা গিৰিখাদ(crevasse)ত পৰি যায় য’ৰপৰা তেওঁক উঠাই অনা সম্ভৱ নহয়। আৰু বিশেষকৈ ৭০০০ মিটাৰ উচ্চতাত -৪০ ডিগ্ৰীত কৈও তলৰ উষ্ণতাত এক ৰাতি পৰি থকাৰ পিছত কোনো মানুহ জীৱন্তে থকাতো অসম্ভৱ কথা। গতিকে তেওঁলোকক জীৱন্তে উদ্ধাৰ কৰাতো উদ্ধাৰকাৰী দলটোৰ এক বৃহৎ সফলতাৰ লগতে মানুহে সপোনতো কল্পনা কৰিব নোৱাৰা এক চমৎকাৰ। কাঠমাণ্ডুত চিকিৎসা কৰি সুষ্ঠ হৈ বলজিতে আটাইকে ধন্যবাদ দিছিল যাৰ প্ৰাৰ্থনাত তেওঁ ঘুৰি আহিব পাৰিলে। এমাহতকৈও কম সময়ত চাৰিটাকৈ ৮০০০ মিটাৰকৈ উচ্চতাত থকা(পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ এভাৰেষ্ট, তৃতীয় সৰ্বোচ্চ শৃঙ্গ কাঞ্চনজংঘা , চতুৰ্থ সৰ্বোচ্চ শৃঙ্গ ল’ট্চে আৰু দশম সৰ্বোচ্চ অন্নপূৰ্ণা) শৃঙ্গ আৰোহন কৰা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ লগতে পৃথিৱীৰ সপ্তম সৰ্বোচ্চ শৃঙ্গ ধৌলগিৰী আৰোহন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপেও নিজৰ নাম সোনালী আখৰেৰে খোদিত কৰিছে। অন্নপূৰ্ণালৈ বুলি এইটো আছিল তেওঁৰ দ্বিতীয় অভিযান কৃত্ৰিম অক্সিজেনৰ অবিহনে। হিমাচল প্ৰদেশৰ সোলাং জিলাৰ এখন গাঁৱত ডাঙৰ হোৱা বলজিৎ কৌৰৰ দেউতাক পেচাত এজন ড্ৰাইভাৰ, তিনিজন ভাই ভনীৰে সৈতে মাকক খেতি বাতিত সহায় কৰি দিয়া ছোৱালীজনীক সৰুৰ পৰাই পাহাৰে বৰকৈ আকৰ্ষণ কৰিছিল। আনুষ্ঠানিক শিক্ষাৰ লগে লগে সময়ৰ খোজত আগুৱাই গৈ তেওঁ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীত যোগদান কৰে আৰু বিভিন্ন ক্ৰীড়াৰ লগতে পৰ্বতাৰোহনৰ যাত্ৰাও আৰম্ভ কৰে। মাৰাথন দৌৰবিদ বলজিতে অতি কম বয়সতে পৰ্বতাৰোহনৰ ক্ষেত্ৰখনত ইটোৰ পিছত সিটোকৈ সফলতা বুটলিবলৈ সক্ষম হোৱাৰ লগতে অনাগত দিনত নিজৰ বাকী সপোনবোৰ পূৰা কৰিবলৈ কঠোৰতকৈও কঠোৰ অনুশীলন তথা আদৰ্শনীয় জীৱনশৈলীৰে নিজক গহাত ব্যস্ত হৈ পৰিছিল। তেওঁ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অন্তৰ্গত ভাৰতৰ মুঠ দহজনী ছোৱালীৰ ভিতৰত নিৰ্বাচিত হৈ এভাৰেষ্ট অভিযানৰ বাবে ভাৰতীয় সেনাবাহিনীৰ অধীনত চিয়াচেন হিমবাহত পৰ্বতাৰোহনৰ প্ৰশিক্ষন লৈছিল। অন্নপূৰ্ণাত তেওঁৰ মৃত্যু হোৱা বুলি বাতৰি ওলোৱাৰ নিশাটোত তেওঁ আচলতে এটি ভিডিঅ’ৰ জৰিয়তে সামাজিক মাধ্যমত নিজৰ কাহিনী বৰ্ণনা কৰি উচুপি উঠিছিল। সাধাৰণতে উচ্চ উচ্চতাত বিভিন্ন অসুবিধাৰ মুখা মুখি হোৱা যায়। শূণ্যৰ তলৰ ৫০ পৰ্যন্ত তাপমান, বায়ুমণ্ডলত অক্সিজেনৰ নিম্নতম উপস্থিতি, বৰফেৰে আবৃত পাহাৰত খোজে খোজে প্ৰতি দুৰ্ঘটনাৰ আশংকা, লুকায় থকা গিৰিখাদৰ ভয়, এইবোৰৰ লগতে পৰ্বতাৰোহীৰ দেহতো সাংঘাতিক অস্বাভাৱিক কিছুমান পৰিৱৰ্তনে দেখা দিয়ে। বিভ্ৰান্ত মৰিচিকা(Hallucination) হ’ল তাৰ ভিতৰত অন্যতম।ই মানুহক এনে এক পৰ্যায়লৈ লৈ যায় যে মানুহজন এখন মায়াৰ পৃথিৱীত সোমায় পৰে। বাস্তৱত অস্তিত্ব নথকা এক পৰিৱেশত নিজকে দেখে আৰু সেই অস্তিতহীন পৃথিৱীৰ মায়াত বন্দী হৈ নিজকে পৰিচালনা কৰাত ব্যৰ্থ হয়(ইয়াৰ কাৰণ, পৰিস্থিতি আদি বিজ্ঞানভিত্তিক বহল পৰিসৰ আছে যদিও মই কেৱল বলজিৎ কৌৰৰ দুৰ্ঘটনাটোৰ লগত জড়িত কথাখিনিহে উল্লেখ কৰিছোঁ) বলজিৎ কৌৰো ইয়াৰ কৱলত পৰিছিল। ৮০৯০ মিটাৰ উচ্চতাৰ অটাইতকৈ বিপদসংকূল শিখৰ বগাই গৈ চামিটলৈ ২০ মিটাৰ বাকী থকা অৱস্থাত তেওঁৰ মনত অবান্তৰ কিছুমান কথাই ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে।তাৰ মাজতে অশেষ কষ্টেৰে কিবাকে শিখৰ চামিত কৰি উভতি আহোঁতে তেওঁ সম্পূৰ্ণ এখন বেলেগ কাল্পনিক পৃথিৱীত সোমাই পৰিছিল। তেওঁ নামি আহিব খোজা নাছিল। (তেওঁ বৰ্ণনা কৰা কথা খিনিৰে সৱিশেষ লিখিলে লিখনিটো অধিক দীঘল হৈ যাব বাবে কথাখিনি বৰ্ণনা কৰাত অলপ অসুবিধা হ’ল।নিশ্চয় পিছত কেতিয়াবা লিখিবলৈ চেষ্টা কৰিম) আন নালাগে তেওঁ শ্বেৰ্পা কেইজনকো তললৈ পঠিয়াই দিছিল।যিহেতু শ্বেৰ্পা কেইজনে কৃত্ৰিম অক্সিজেন লৈ গৈছিল আৰু তেওঁলোকৰ অক্সিজেন চিলিণ্ডাৰ খালী হৈ আহিছিল, সেয়ে তেওঁলোকৰো উপায় নাছিল বাবে তাতে বলজিতক এৰি থৈ গুছি আহিছিল।চামিত কেম্পৰ পৰা চামিত কৰিবলৈ ওলাই যোৱা বলজিতৰ ইতিমধ্যে ২৭ ঘণ্টা পাৰ হৈছিল, তাকো অক্সিজেন মুখাৰ অবিহনে। শ্বেৰ্পা কেইজনে এৰি থৈ অহাৰো দহ ঘন্টাৰ পিছতহে তেওঁ নিজকে সেই অবাস্ত্বিক পৃথিৱী্ খনৰ পৰা নিজক উলিয়াই আনিছিল আৰু মোবাইলত থকা চেটেলাইট এপৰ জৰিয়তে এজেন্সি তথা বিভিন্ন ঠাইলৈ বাৰ্তা পঠাবলৈ সক্ষম হৈছিল। আৰু ততাতয়াকৈ তেওঁক হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰি অনা হৈছিল। -৫৯ ডিগ্ৰী চেন্টিগ্ৰেডত সাতত্ৰিশ ঘন্টা নালাগে দহ ঘন্টাও মানুহে জিয়াই থাকিবলৈ য’ত অসম্ভৱ তেনে ক্ষেত্ৰত মৃত্যক জিনি অহা বলজিৎ কৌৰৰ ওপৰত সঁচাই পৰ্বতৰ আশীৰ্বাদ আছে। শেহতীয়াকৈ তেওঁ আফ্ৰিকাৰ সৰ্বোচ্চ শিখৰ মাউন্ট কিলিমাঞ্জাৰো আৰোহন কৰি আহিছে। ভাৰতীয় পৰ্বতাৰোহন সংস্থা (Indian Mountaineering Foundation)ই পৰ্বতাৰোহন ক্ষেত্ৰখনত তেওঁ অৰ্জন কৰা উল্লেখনীয় সফলতাৰ বাবে ২০২৩ বৰ্ষত তেওঁলৈ সোনৰ পদকৰ সন্মান আগবঢ়াইছে। বলজিৎ কৌৰৰ এই কাহিনীয়ে আমাক জীৱনৰ এক ডাঙৰ শিক্ষা দি গৈছে। মনটোতকৈ শক্তিশালি বস্তু পৃথিৱীত একো নাই, যাৰ ওচৰত মৃত্যুৱেও হাৰ মানে। @Rubi Borah

Post a Comment

0 Comments