Recent ticker

6/recent/ticker-posts

ৰামধেনুৰ দেশলৈ ট্ৰেকিং(Rainbow Waterfall)




ৰামধেনুৰ দেশলৈ ট্ৰেকিং(Rainbow Waterfall) 



 'ৰামধেনুৰ দেশ' অথৱা 'ৰেইনব' ৱাটাৰফল ' শুনিলেই কিবা এটা ভাল লাগি যায়। বহুত ট্ৰেকাৰৰ মুখত শুনো 'ৰেইনব' ফল ' ৰ বিষয়ে। উত্তৰ পূৱৰ মেঘালয়ৰ খাছি পাহাৰত  অৱস্থিত এই ঠাই আমাৰ স্বাভিমানো। কিন্তু প্ৰায়েই লাজত পৰো উত্তৰ পূৱৰ বাহিৰৰ মানুহে ইয়াৰ বিষয়ে সুধিলে যেতিয়া মনে মনে থাকিব লগীয়া অৱস্থা হয়। অন্তৰেৰে কিবা এটা কৰাৰ মন থাকিলে সুযোগ আহিয়েই যায় মাথো তাক ব্যৱহাৰ কৰিব জানিব লাগিব। 

অভিযানৰ পৰিকল্পনা একেবাৰেই তাৎক্ষনিক। ২৪ জানুৱাৰী দিনা ৰাতি ডনিপল' ট্ৰেইনৰ S3-42, S3-48 আসনত লখিমপুৰৰ  হাৰমতিৰ পৰা আৰম্ভ হ'ল আমাৰ যাত্ৰা। পুৱা ৪:৩০ ত ট্ৰেইনৰ পৰা নামি পল্টন বজাৰ পৰা খোজকাঢ়ি পূৱশৰণীয়াত থকা চাহিদ দাৰ 'ট্ৰেভেলাৰ্চ এব'ড ' পালোগৈ। গৈ অলপ চাফ চিকুন হওঁ মানে চাহিদ দাই আমালৈ ব্ৰেড বাটাৰেদি চাহ সাজু কৰিলে। চাহ খাই খাই ডাইনিং টেবুলতে চাহিদ দাৰ সহায়ত আচনি যুগুত কৰিলোঁ আৰু থাকিবৰ বাবে হোটেল আৰু হোমষ্টে'ৰ ঠিকনা ল'লোঁ। মেপিংৰ কাম হৈ গ'ল। গা পা ধুই ওলাই গ'লো পানবজাৰলৈ বুলি। তাত মোৰ কাম এটা আছিল কৰি উঠি পল্টনবজাৰত ১ টাত শ্বিলংলৈ বুলি আমি দুজনী চুম'ত উঠিলোঁ।যাত্ৰী ভৰ্তিহৈ থকাত সোনকালেই আমাৰ যাত্ৰা আৰম্ভ হ'ল। আমাক আৰু কোনে পাই। শ্বিলং গৈ পালো প্ৰায় ৪ টাত। তাৰ পৰা চহৰা (চেৰাপুঞ্জী)লৈ বুলি চুম' বিচাৰি ষ্টেণ্ডলৈ খোজকঢ়া আৰম্ভ কৰিলোঁ । অলপ দূৰ খোজকাঢ়ি যোৱাৰ পিছত ট্ৰেফিক জামত ৰৈ থকা বাছ এখনৰ কন্ডাক্টৰ জনক চুম' ষ্টেণ্ডলৈ কিমান দুৰ আছে বুলি সোধোতে আমাক সেইখন বাছতে উঠি ল'বলৈ ক'লে আৰু অলপ আগত গৈ পাই যাম বুলি ক'লে। আমিও জাপ মাৰি উঠি ল'লোঁ। অলপ দূৰ যোৱাৰ পিছত অঞ্জলী পেট্ৰল পাম্পৰ ওচৰত আমাক বাছৰপৰা নমাই দিয়ে আৰু কণ্ডাক্টৰ জনৰ লগতে যাত্ৰীসকলেও আমাক অলপ তললৈ নামি গ'লেই গাড়ী পাম বুলি দেখুৱাই দিলে। ভাড়া দিব লওতে তেওঁ ভাড়া ল'বলৈ অস্বীকাৰ কৰিলে।মানে আমাক ফ্ৰিতে উঠাই আনিলে। কণ্ডাক্টৰজনক আৰু যাত্ৰীসকলক ধন্যবাদ জনাই আমি তললৈ যোৱা ৰাস্তাটোৰে নামি গ'লোঁ। তাৰ পৰা তললৈ যথেষ্ট দূৰ তললৈ খোজকাঢ়ি যোৱাৰ পিছত আমি গাড়ী ষ্টেণ্ড পালোগৈ আৰু এখন গাড়ীত চহৰালৈ বুলি উঠিলোঁ। শ্বিলংৰ পৰা ওলোৱাৰ অলপ পিছতেই আন্ধাৰ নামি আহিছিল। ৬:৩০ মানত আমি চহৰা পালোগৈ। ফোনত ঠিক কৰি থোৱামতেই আমি গৈ 'পামকিন চেৰিছ লজ' পালোগৈ। ধুনীয়া কোঠাবোৰ। আন্ধাৰ হৈছিল যদিও বুজি পাইছিলো ৰাতিপুৱা উঠিয়েই আমি এখন পাহাৰ দেখিম। ভৰি হাত ধুই লজটোৰে কেয়াৰ টেকাৰ জনৰ লগত চহৰা  বজাৰলৈ ওলাই আহিলো এটিএমৰ পৰা পইচা উলিয়াবলৈ। ঘুৰি গৈ চাহ খাই ভাতৰ অৰ্ডাৰ দিলো। লজৰ ৰান্ধনী জন বিৰাত মৰমীয়াল আছিল। আমি বদমাছি কৰিয়েই তেখেতৰ লগত 'ভায়া দেখিয়ে না এইচা হে ৱেইচা হে' বুলি দামদৰ কৰিছিলো আৰু প্ৰতিটো কথাতে সৈমান হৈ তেখেতে মানি লৈছিল। আৰু আমি দুইজনীয়ে পিছত খুৱ হাহিছিলোঁ । পিছদিনাৰ বাবে তেখেতসকলৰ সহায়ত এখন গাড়ী বুক কৰি পুৱা ৬:৩০ ত আহিব ক'লোঁ। ৰাতি ১০ টা মানত শুই গ'লো আমি। 




পিছদিনা পুৱা ৪:৩০  ত উঠি অলপ পোহৰ হোৱালৈ বাট চালোঁ। যেই পোহৰ হ'ল আমি ওলাই গ'লো। প্ৰথমে লজৰ ওপৰৰ পাহাৰটোলৈ গ'লো। তাৰ পৰা নামি আহি ৰাস্তাৰে আগুৱাই গ'লোঁ। আমি থকা লজটো চহৰাৰ পৰা 'চেভেন চিষ্টাৰ ফল'ৰ ফালে যোৱা ৰাস্তাৰ কাষতে  আছিল। আমি খোজকাঢ়ি কাঢ়ি বহুদুৰ পালোগৈ আকৌ উভতি আহিলোঁ। পুৱাৰ মেঘালয়ৰ ৰূপত আমি আপোনপাহৰা হৈ গ'লোঁ। ফটো উঠি উঠি ঘুৰি আহি লজ পাওঁ মানে ঠিক কৰি থোৱা  গাড়ী আহি হাজিৰ। লৰালৰিকে চাহ খাই সাজু হ'লোঁ।
 


যাত্ৰা আৰম্ভ হ'ল তীৰ্ণা গাওঁ অভিমুখে। চহৰাৰ পৰা তীৰ্ণালৈ প্ৰায় ৫০ কি.মি. পথ পাহাৰীয়া অকোৱা পকোৱা পথেৰে নামি যাব লাগে। তালৈ যাতায়তৰ বিশেষ সুবিধা নাই বাবে গাড়ী ভাড়া কৰি নিয়াটোৱেই বুদ্ধিমানৰ কাম। তীৰ্ণা  পালোগৈ। ধুনীয়া পাহাৰীয়া গাওঁ। বাইকাৰছ, ট্ৰেকাৰছ, বিদেশী মানুহ সকলো দেখা পালোঁ। গাড়ীৰ পৰা নামিয়েই তাত থকা চাইনবোৰ্ড সমূহৰ পৰা যাব লগা ঠাইসমূহৰ অৱস্থান বুজি ল'লোঁ। পিঠিত আৰু আগফালে সৰু বেগটো আঁৰি লৈ পদযাত্ৰা আৰম্ভ কৰিলোঁ। তাত বহুত মানুহ ৰৈ আছিল গাইড হিচাপে যাবলৈ। গাইডৰ ভাড়া ১০০০ টকা লিখা আছিল। আমি হ'লোঁ যিমান পাৰো কম খৰচত চলা মানুহ গতিকে আমি নিজেই নিজৰ গাইড হৈ যাত্ৰা আৰম্ভ কৰিলোঁ। তীৰ্ণা গাওঁৰ মাজেদি পকা চিৰিয়েদি তললৈ নমা আৰম্ভ কৰিলোঁ। যিমানেই আগুৱাই গৈছো ঘন হাবিয়ে ৰাস্তাটো আৱৰি ৰাখিছে। মোতকৈও ছয়নিকাৰ ফুৰ্তি চাব লগা আছিল কাৰণ এইটো আছিল তাইৰ জীৱনৰ প্ৰথম ট্ৰেকিং। সপোন পূৰা হোৱাৰ আনন্দত গোটেইজনী ক'ব নোৱাৰা হৈছে। মোৰদৰে পাহাৰবলীয়া জনীৰ কথা নকলোৱেইবা। নামি গৈ আছো গৈ আছো। চিৰি শেষ নহয় হে নহয়। এঠাইত বহিলোঁ। সৰু ছাত্ৰ ছাত্ৰীৰ দল এটাও আমাৰ লগে লগে গৈ আছিল। তীৰ্ণাৰপৰা মুঠ ৩০০০ মান চিৰি নামি এখন নদী পালোঁ। তাতে ডাঙৰ শিল এটাত বহিলোঁ দুইজনী। ৰাতিপুৱা চাহকাপ খাইয়ে ওলাই গৈছিলো আমি। হাতত আলু পৰঠা আৰু সিজোৱা দিম লৈ গৈছিলোঁ। পেটেও কলমলনি আৰম্ভ কৰিলে আমি তাতে আধাখিনি খাই দিলোঁ। নদীখন পাৰ হোৱাৰ পিছৰপৰা ওপৰলৈ উঠা আৰম্ভ হ'ল। যিহেতু একেবাৰে কম সময়ত আমাৰ অভিযানটো হ'ল মোৰ শাৰীৰিক কচৰৎ একেবাৰেই নাছিল। তথাপি ভয় কৰা ধৰণে একো নহ'ল, মনৰ জোৰতে আগুৱাই গৈ থাকিলোঁ। ছয়নিকাও ভাগৰিছিল যদিও মনৰ জোৰত ভাগৰে হাৰ মানিছিল। অলপ দূৰ গৈ এখন ওলমা দলং পালোঁ।১০ টাত গৈ নংৰিয়াত গাওঁ পালোগৈ য'ত ডাবল ডেকাৰ ৰোত ব্ৰিজ খন আছে। গাইপতি ২০ টকাকৈ টিকত কাটি দলংখনৰ কাষ  পালোগৈ।ৰবৰ গছৰ শিপাৰে প্ৰায় ৫০ মিটাৰমান দীঘল ১.৫ মটাৰ বহল দুখলপীয়া দলং। 









তলৰ পৰা ১৫ মিটাৰ মান ওপৰত এখন আকৌ তাৰ পৰা ১০ মিটাৰমান ওপৰত আনখন। মাজতে থকা নদীখনৰ দুকাষে থকা ৰবৰ গছৰ শিপাবোৰক এনেধৰণে ব্যৱস্থা কৰি দিয়া হৈছে সিহঁতে ইডালে আনডালক মেৰিয়াই ধৰি নদীৰ দুয়োপাৰৰ মাজত এক মজবুত সংযোগৰ সৃষ্টি কৰিছে। আৰু এই শিপাৰে সৃষ্ট দলংদুখনে  এটা সময়ত ৫০০ জন মানুহৰ ভৰ সহিব পৰাকৈ শক্তিশালী। গছৰ শিপা খিনিকৈ এই ৰূপ দিয়া স্থানীয় লোকসকল আৰু ইয়াক সযতনে ৰাখি ঠাইখনক  পৰ্যটন থলীৰ ৰূপত আটোমটোকাৰীকৈ ৰখা মানুহখিনিৰ কষ্টক নশলাগি নোৱাৰিলোঁ। প্ৰায় দুশবছৰ পুৰণি এই  শিপাৰ দলং খন আৰু শ শ বছৰ যাব যদিহে ৰবৰ গছ দুজোপাও সুস্থ হৈ থাকে। এনে অপূৰ্ব সৃষ্টিৰ অধিকাৰী গছ দুজোপাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

তাত ফটো উঠি হেপাহ পূৰাই আগবাঢ়িলো ৰামধেনু জল ধাৰা অৰ্থাৎ ৰেইনব' ৱাটাৰফল অভিমুখে। অলপ দূৰ গৈ এখন ওলমা দলং পালোঁ। বেলেগ মানুহ নথকাত ১০০ মিটাৰমান দীঘল দলং খনত আমি জপিয়াই জপিয়াই দুলি দুলি পাৰ হ'লোঁ।তাৰ পৰা অলপ দূৰ গৈ আমি  ৰাস্তা ভুল কৰি বেলেগ এফালে গ'লোঁ। গ'লোঁ মানে ,মই আগে আগে বৃহদাকাৰ শিল এটাত বগাই মেলি উঠি কিবাকে থিয় হৈছোহে ছয়নিকা উঠিব আৰু ,এনেতে  পাৰ হৈ যোৱা স্থানীয় মানুহদুজনমানে  দূৰৰপৰা আমাক চিঞৰি প্ৰকৃত  ৰাস্তাটো হাতেৰে দেখুৱাই দিলে। অলপ আগলৈ গৈ ধুনীয়াকৈ কাঠৰ জখলাৰ ৰাস্তাটো নেদেখি যে মস্ত শিলটোত উঠি মিচা কষ্ট কৰিলো কথাটো পাতি দুইজনীয়ে খুৱ হাঁহিলোঁ। লাহে লাহে ৰাস্তা কঠিন হৈ গৈ আছে। ওপৰলৈ মাথো ওপৰলৈ। তললৈ নমাৰ নামেই নাই। ইফালে ছয়নিকাৰ মুখৰ ৰং সলনি হৈ গৈছে। বিনাপ্ৰস্তুতিৰে যোৱাৰ বাবে মোৰো ভাগৰে ধৰিছিল যদিও বেয়া লগা নাছিল। গৈ আছিলোঁ। মাজতে এবাৰ ছয়নিকাই 'ৰুবী বা আৰু নাযাওঁ অ' বুলি কোৱাত মই বোলো 'শেষ'! তাইৰ হেনো ৰাস্তাটোলৈ বহুত খং উঠিছে।  তাইক উৎসাহ দিব চেষ্টা কৰিলো। আগৰ ওখ ৰাস্তাবোৰ বাদ দি পাৰ কৰি অহা ৰাস্তাবোৰৰ কথা ভাৱিব ক'লোঁ। জিৰাই জিৰাই আগবাঢ়িলোঁ। মাজে মাজে দুই  এটা গ্ৰুপ পাওঁ। মোবাইলত অলপ ম'টিভেতেড গান লগাই আগে আগে অলপ নচাৰ দৰে কৰি কৰি গৈ থাকিলোঁ। তাইও হাৰ নামানি গৈ থাকিল। দুঘন্টামান এনেকে  গৈ জলপ্ৰপাতৰ শব্দ শুনিলো আৰু ৰাস্তাও তললৈ আৰম্ভ হ'ল। প্ৰায় দৌৰি দৌৰিয়ে আগুৱাই গ'লোঁ। যেতিয়া অলপ দূৰত তললৈ চাই জলপ্ৰপাতটো দেখিছিলো মই জোৰেৰে চিঞৰি দিছিলোঁ। 


আমি আহি ৰৈ যোৱাৰ বিপৰীত দিশৰ পাহাৰটোৰ ওপৰৰ পৰা জোৰেৰে পানীৰ ধাৰ আহি তলত পৰিছেহি। আৰু য'ত পৰিছে তাত পানীখিনিৰ ৰং ঈশৎ নীলা। আৰু ওপৰৰ পৰা বৈ অহা জলধাৰাটোতে এখন ৰামধেনু। ওচৰলৈ যাবলৈ ডাঙৰ ডাঙৰ শিল অলপেদি তললৈ নামি যাব লাগে। মই নিজৰ দুটা বেগৰ ওপৰিও ছয়নিকাৰ বেগটো লৈ কেনেকে সেইখিনি ৰাস্তা পাৰ হ'লোঁ নিজৈই গম নাপালোঁ।  জলপ্ৰপাতটোৰ সন্মুখত  প্ৰায় ৭০ মিটাৰমান ওখ শিল এটালৈ জখলাৰে উঠি গৈ  জলপ্ৰপাতৰ পানীৰ স্পৰ্শ ল'ব পাৰি। 


শিলটোৰ একেবাৰে আগলৈ গ'লোঁ। 


ওপৰৰ পৰা বৈ অহা পানীবোৰ  বতাহত ওফৰি আহি গাত পৰিছিলহি। কাপোৰ খিনি প্ৰায় তিতি গৈছিল। আৰু অ'ত ত'ত ৰামধেনু আবিৰ্ভাৱ হৈছিল।এবাৰ যদি অলপ ওপৰত অলপ পিছত অলপ তলত। মুঠতে তৎমুহুৰ্ততে ৰামধেনুৱে অৱস্থান সলনি কৰে। কিন্তু যিমুহুৰ্ততে নহওক তাত এখন ৰামধেনু থাকিবই। হেপাহৰ জোখাৰে ফটো উঠি সময়খিনি মোবাইলৰ কেমেৰাত বন্দী কৰাৰ চেষ্টা কৰিলোঁ। কিন্তু চকুৰে দেখাৰ সমান কেমেৰাই জানো দিব পাৰিব! শিলটোৰপৰা নামি আহিলোঁ। জলপ্ৰপাতটোৰ পৰা পানীবোৰ পৰি য'ত জমা হৈছে এটা ঈশৎ নীলা পুখৰীৰ ৰূপ লৈছে আৰু তাৰ পৰাই শিলৰ মাজে নাজে তললৈ বৈ গৈছে। পানীবোৰ অতিপাত চফা হোৱা বাবে দ বাম ধৰিবই নোৱাৰি। দক্ষিন ভাৰতৰ পৰা অহা যুৱকৰ দল দুটামান তাত আছিল। বাকী মেঘালয়ৰ বহুত মানুহ আছিল। ল'ৰাবোৰে ধামধুম পানীত জপিয়াই জপিয়াই গা ধুইছে। আমিও বেছি পলম নকৰি পানীত জাপ দিলোঁ। খুৱ সাতুৰিলো প্ৰকৃতিয়ে নিজ হাতেৰে গঢ়া এই অপূৰ্ৱ নীলা পুখুৰীটোত। 






ঘৰৰ পৰা যাওতে হোৱা চৰ্দি কাঢ় কেনি পলাল গমেই নাপালোঁ। অলপ দেৰী উৎপাত কৰি ওখ ওখ তিনিটা শিলেৰে আগুৰা ঠাই এটুকুৰাত গৈ দুইজনীয়ে কাপোৰ সলাই বেগৰ পৰা শুকান কাপোৰ উলিয়াই পিন্ধি ল'লো আৰু তিতা কাপোৰখিনি শিলতে শুকুৱালোঁ। লগত লৈ যোৱা আলুপৰঠা আৰু দিম খালোঁ। ভু স্বৰ্গখনত প্ৰায় দুঘন্টামান সময় কটাই ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। 



অলপ দূৰ যোৱাৰ পিছত মোৰ  বাওঁ আঠুটোত হঠাতে ক্ৰিপ হোৱাত গতি অলপ মন্থৰ হ'ল।অলপ দূৰ খোজকাঢ়ি ভাল  পালো কিবাকে। প্ৰায় দুঘন্টামান লৈকে ঠিকেই আছিল । পুৱা যাওঁতে নামি যোৱা সেই ৩০০০তকৈও অধিক চিৰিখিনি যেতিয়াই আৰম্ভ হ'ল ভৰিৰ গতি কমি আহিল। তাতে পাহাৰখন এৰি অহাৰ দুখ! লাহে লাহে গৈ গৈ তীৰ্ণা গাওঁতে পাওঁতে সম্পূৰ্ণ আন্ধাৰ হ'ল। আগদিনা থকা লজলৈ ফোন কৰি গম পালোঁ কোঠা খালী নাই। ইফালে সেইদিনা ৰাতিপুৱা আমাক থ'ব যোৱা গাড়ীখনক আমি পিছদিনা ৰাতিপুৱা আমাক আনিবৰ বাবেহে মাতিছিলোঁ।কাৰণ আমি নংৰিয়াত গাৱত থকাৰ কথা আছিল। ইফালে সময় বাকী থকাৰ বাবে আমি একেদিনাই ঘুৰি আহিলোঁ আৰু গাড়ীখনৰ ফোন নাম্বাৰো ৰাখিব পাহৰিলোঁ। তাত ৰৈ থকা গাড়ী দুখনমানক সুধিলোঁ যদিও সকলোবোৰেই বুক হৈ আছে। কিবাকে যেনিবা দুজন ট্ৰেকাৰে বুক কৰা এখন গাড়ীত ড্ৰাইভাৰজনে আহিব পাৰিম বুলি ক'লে। চুৰান্ত ভোক লাগিছিল ইফালে গাড়ী বুক কৰি থোৱা মানুহদুজনো পোৱাহি নাই। আমি তাতে দোকান এখনত মেগি খাব বহিলোঁ। অলপ পিছত তেওঁলোক আহি পোৱাত আমিও গাড়ীত বহিলোঁ। তেওঁলোক দুজনক আমি ইতিমধ্যে ৰেইনবৌ  ফলৰ ওচৰত লগ পাইছিলোঁ। বাংগালোৰৰ পৰা আহিছে দুয়ো পতি পত্নী। ভালেই পালো আগতে লগ পোৱা বাবে। তীৰ্ণাৰ পৰা আহি তেওঁলোক থকা হোটেলখন পালোহি। তাত কোঠা খালী থকাত তাতে থাকিলোঁ আমিও।দেৰী নকৰি ভাত খাই শুই গ'লোঁ আমি। পিছদিনা অলপ দেৰীকৈ উঠি দুইজনী ওলাই গ'লোঁ। ভৰিবোৰ বিষাইছিল অলপ অলপ। ঘুৰি আহি আমি গা পাধুই ওলাই গ'লো মাওচমাই গুহালৈ বুলি। ৰাস্তাতে টেক্সি এখন ৰখাই তালৈ যাম বুলি কোৱাত লৈ গ'ল। গৈ পালো।মাওচমাই গাৱৰ মাজেদি ১ কিমি গৈ গুহাটো পায়। মাওচমাই কেভত সোমাই গৈ বহুত ভাল লাগিল। আমি ৰাতিপুৱাই গৈ পোৱাত মানুহৰ ভিৰ কম পালোঁ।গুহাটোৰ মাজে মাজে লাইটৰ ব্যৱস্থা কৰি দিছে। গুহাৰ মাজেদি গৈ গৈ ওলাই গ'লোগে। তাৰ পৰা আমি মাওচমাই গাৱৰ মাজেদি খোজকাঢ়ি তাৰ পৰা ১ কিমি দুৰত থকা 'চেভেন চিষ্টাৰ ফল' ৰ ভিউ পইন্টলৈ গ'লোঁ। কিন্তু শীতকাল হোৱা বাবে তাত পানীৰ কোনো অস্তিত্বই দেখা নাপালোঁ।খোজকাঢ়ি ঘুৰি আহি মাওচমাই গাৱৰপৰা টেক্সি এখনত হোটেল পালোহি। কাৰ্য্যসূচী শেষ হোৱাত মনটো বেয়া লাগিছিল ফলত ভৰি বিষবোৰ বেছিকৈ অনুভৱ হৈছিল। বেকাবেকীকে সকলো ঠিকঠাক কৰি বেগ আদি ঠিক কৰি ১২ টা মানত হোটেলৰ পৰা ওলাই চহৰাৰ পৰা শ্বিলংলৈ যোৱা চুম' ষ্টেণ্ডলৈ গ'লোঁ। শ্বিলংৰপৰা গুৱাহাটীলৈ বুলি পুনৰ আনখন চুম'ত উঠিলোঁ। গধুৰ মনেৰে দুইজনীয়ে মনে মনে আহি গুৱাহাটী পালোহি আৰু ৰাতিৰ বাছত আহি ৰাতিপুৱা ঘৰ পাই দৈনন্দিন কৰ্মসূচীত ব্যস্ত হ'লোঁ। যোৱা দুটা দিনৰ আনন্দখিনি স্মৃতিৰ কোঠালীত আটোমটোকাৰীকৈ সাঁচি ৰাখিলোঁ। 
থোৰতে :ৰেইনব' ৱাটাৰফললৈ কেনেকৈ যাব পাৰি
গুৱাহাটীৰ পৰা শ্বিলংলৈ(৩-৪ ঘন্টা)
শ্বিলংৰ পৰা চেৰাপুঞ্জী (চহৰা)(১.৫- ২.৫ ঘন্টা)
চেৰাপুঞ্জীৰ পৰা তীৰ্ণা গাওঁ ( গাড়ীৰে আধা ঘন্টা)
তীৰ্ণাৰ পৰা  নংৰিয়াত গাওঁ, ডাবল ডেকাৰ ৰোত ব্ৰিজ( খোজকাঢ়ি ২-৩ ঘন্টা)
নংৰিয়াট গাৱৰ পৰা ৰেইনব'ৱাটাৰফললৈ ( ২-৩ ঘন্টা)

ৰুবী বৰা 

Post a Comment

0 Comments