Recent ticker

6/recent/ticker-posts

চিমলা, হিমালয়, বৰষুনীয়া আবেলি আৰু.........

 চিমলা, হিমালয়, বৰষুনীয়া আবেলি আৰু.........





হিমালয় বুলি ক'লেই গা মন শিহৰিত হৈ নোযোৱা ব্যক্তি খুৱ কমেই ওলাব কিজানি। গোটেই পৃথিৱীখনেই ৰহস্যৰে ভৰপুৰ । ঠিক একেদৰেই হিমালয়ৰ গভীৰতাইও বহুতকে সৰুৰে পৰাই খেদি আহিছে।কি আছ এই ওখ ওখ পাহাৰবোৰৰ ভিতৰত।এই আকৰ্ষণৰ বাবেই হয়তু  মোৰ মনতো পাহাৰ বগোৱাৰ পোক এটাই অহৰহ মনত ক্ৰিয়া কৰি থাকে। পাহাৰ দেখিলেই মনটো এক অবুজ আৱেগত পুলকিত হৈ উঠে।



  হিমাচল প্ৰদেশত থকা শ্ৰীখণ্ড মহাদেৱ ট্ৰেকিংৰ কথা বহুত দিনৰ পৰা শুনি আছিলোঁ। মনে মনে তালৈ যাম বুলি এক প্ৰকাৰ ঠিৰাং কৰিয়ে পেলালো। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই শৃংগটোক পঞ্চকৈলাসৰ এটা অংশ বুলি ধৰা হয়। হিমাচলৰ জনবহুল চহৰ চিমলাৰ পৰা প্ৰায় ১৯০ কি.মি. দুৰত্বত অৱস্থিত এখন গাওঁ জাও। শ্ৰীখণ্ড মহাদেৱ ট্ৰেকটো আৰম্ভ হয় জাওৰ পৰাই। জনশ্ৰুতি অনুসৰি এই শ্ৰীখণ্ড মহাদেৱতেই মহাদেৱৰ বৰ পাই ভষ্মাসুৰে পাৰ্ৱতীক পোৱাৰ আশাত মহাদেৱৰ মুৰতেই হাত থৈ তেওঁকেই ভষ্ম কৰিবলৈ খেদি ফুৰিছিল। জাও পোৱাৰ আগতেই দেৱধাম বুলি মন্দিৰ এটা আছে য'ত মহাদেৱে মাখিৰ ৰূপ ধৰি পলাই আছিলগৈ।পিছত পাৰ্বতীৰ অনুৰোধত বিষ্ণুৱে পাৰ্বতীৰ ৰূপ ধৰি চলনা কৰি ভষ্মাসুৰক নিজৰ মুৰতেই হাত দিবলৈ বাধ্য কৰাই আৰু ভষ্মাসুৰ ভষ্ম হৈ যায়।






সকলো জল্পনা কল্পনাৰ অন্ত পেলায় মোৰ যাত্ৰা আৰম্ভ হৈছিল জুনমহীয়া ৰাতি লখিমপুৰৰ পৰা গুৱাহাটীলৈ নৈশ যাত্ৰাৰে। পিছদিনা (২১/০৬/২০১৮) ৰ পুৱা Jet Airways ৰ বিমানৰ খিৰীকীৰ কাষৰ চিটটোত নিজকে এৰি দিছিলোঁ। কি এক স্বস্তিৰ নিশ্বাস।কাষৰ চিটত কনমানী এজনী মাকৰ সৈতে। অলপ সময়ৰ পিছতে বিমানে উৰা মাৰিলে দিল্লী অভিমুখে। সোঁ ফালৰ খিৰীকীৰ চিটটো বাচি লোৱাৰ আঁৰত আছিল হিমালয়ৰ গোটেই দৃশ্যৰাজি যাতে উপভোগ কৰি যাব পাৰোঁ। অলপ সময় ডাৱৰৰ মাজে মাজে যোৱাৰ পিছত দৃষ্টি ৰৈ গৈছিল যেতিয়া বৰফেৰে আবৃত হিমালয়ৰ অলপ আতৰেদি বিমানখন গৈ আছিল। আস্ পাৰিলে যেন নামিয়ে দিম। শৃংগবোৰ কোনটো কি অনুমান কৰিব চেষ্টা কৰিছিলোঁ। লাহে লাহে আমি দিল্লীৰ আকাশত প্ৰৱেশ কৰিলোঁ। আমাক জনোৱা হ'ল যে দিল্লীৰ তাপমান ৪০° চেলচিয়াছ। জিও উৰি গ'ল। লাহে গগণচুম্বী অট্টালিকাবোৰৰ উপৰেদি বিমান খনে বন্দৰৰ দিশে নামি গ'ল।দিল্লীৰ ৰাজপথত লানি নিছিগা গাড়ীবোৰ পৰুৱাৰ লানিৰ দৰে লাগে। যথাসময়ত বিমানৰ পৰা নামি বেগটো সংগ্ৰহ কৰি পিঠিত লৈ ল'লোঁ। বেগটোৰ ওজন আছিল ১২ কেজি। তাৰ পৰা যেতিয়া দৰ্জাখন খুলি ওলাইছিলোঁ জুই একোৰা মোৰ গাত লগাই দিয়া যেন অনুভৱ হৈছিল। তেতিয়া সময় ১২:৪৫ । মোৰ চিমলালৈ বাছ আছে ৰাতি ৯ টাত। দিল্লী পৰিবহন নিগমৰ অধীনৰ বাছ এখনতে কাশ্মীৰি গেটলৈ বুলি বহি ল'লোঁ। এচি বাছ গতিকে গৰমটোৰ পৰা অলপ ৰেহাই পালোঁ। ডেৰটা বজাৰ কাশ্মীৰী গেট পালোঁগৈ। ISBT তে গাটো ধুই অলপ ফ্ৰেছ হৈ ৰাজমাহ ভাত খালোঁ। তেনেতে আগতেই কথাপাতি থোৱা অনুসৰি বন্ধু অভিষেক আহিল। গৰমত মোৰ ওলাই যোৱাৰ অলপো ইচ্ছা নাছিল। সেয়ে তাতে বহি কথা পাতিব লাগিলোঁ।মোৰ হোৱাটছএপ ষ্টেটাচত দিল্লীৰ ফটো দেখি হাৰিয়ানাৰ বন্ধু চানীয়ে ফোন কৰি ক'ত আছো কি কথা সুধিলে। তেওঁক লগ পাইছিলোঁ মানস ৰাষ্ট্ৰীয় উদ্যানত এবছৰ আগতে।তেওঁ আচলতে মোক ভনিয়েকৰ দৰে ভাৱে। সকলো কথা গম পাই এক ঘন্টাৰ ভিতৰত আহি পাই গ'লহি। ভাল লাগিল বিনা প্লেনিংতে তেওঁক লগ পাই।তিনিওটা চানীৰ গাড়ীত বহি দিল্লী ঘুৰিবলৈ বুলি ওলালোঁ। কিন্তু যাম ক'ত। ফেচবুকত ভ্ৰমন সম্বন্ধিয় গ্ৰুপ 'বেকপেকাৰচ এণ্ড ট্ৰেভেলালৰ ইণ্ডিয়া'ৰ এডমিন সুনিল শৰ্মাক লগ কৰিব যোৱাতোকে ঠিক কৰিলো।যিহেতু চানী আৰু মই সক্ৰিয় সদস্য গ্ৰুপটোৰ মোৰো সুনীলৰ লগত ভাল বন্ধুত্ব আছিল ভাৰ্চুৱেলি। সেইমতে গৈ সুনীলক লগ পালোঁ লগতে গ্ৰুপৰ আন এজন সদস্য প্ৰনিত ৰাও কো লগ পালোঁ। খুৱ ভাল লাগিল। প্ৰনিতৰ ঘৰত আমি পুৰা আড্ডাত বহিলোঁ। মোক বহুত কিবা কিবি খুৱালে। প্ৰনিত পেছাত এজন ডাক্তৰ। মোৰ তেতিয়া বৰ বেয়াকৈ কাহ হৈ আছিল। তাতে দিল্লীৰ প্ৰদূষণ। প্ৰনীতে মোক কেইবাটাও দৰৱ দিলে। সন্ধিয়া ৭ বজাত সুনীল আৰু প্ৰনীতৰ পৰা বিদায় লৈ আমি কাশ্মীৰি গেট গ'লোঁ। তাতে অভিষেকেও বিদায় ল'লে। চানী কিন্তু মোৰ লগতে বহি থাকিল মই বাছত উঠালৈকে।৯ বজাত মই বাছত বহাৰ পিছত চানী গ'লগৈ। ইফালে মোৰ মন থৌকি বাথৌ, HRTC ৰ হিমচুটাৰ ভলভ' বাছত বহি পৰৱৰ্তী দিনটোৰ কথা ভাৱিব লাগিলোঁ। মোৰ কাষৰ চিটত এজন যুৱক। বহি ল'লো ভালকৈ। বাছৰ মানুহবোৰে চুৱেটাৰ উলিয়াই লগত ৰখা দেখি মইও পাতল চাল এখন উলিয়াই হাতত লোৱা বেগটোত ভৰাই থ'লোঁ। বাছ এৰিলে। আৰু মই উৰা মাৰিলোঁ মোৰ সপোনৰ দেশলৈ।

হঠাৎ চেচা বতাহ এজাক খিৰীকীয়েদি সোমাই অহাত মই সাৰ পাই গ'লোঁ। মোবাইলটো চালোঁ ২ বাজিছে। দিল্লীত দিনটো ঘুৰি পকি থকা আৰু আগদিনা বাছত গুৱাহাটীলৈ যাওঁতে টোপনি খতি হোৱাৰ বাবেই নেকি বাছখন চলোৱাৰ লগে লগে টোপনি গ'লোঁ। অৱশ্যে বাছত টোপনিওৱাতো মোৰ অভ্যাসেই । সাৰ পাইয়ে খিৰীকীৰে বাহিৰলৈ চালোঁ। হয় আমাৰ বাছখনইতিমধ্যে দেৱভূমি, হিমাচলত প্ৰৱেশ কৰিলে। ঠাণ্ডা বতাহ আৰু ৰাতিৰ আন্ধাৰত চকামকাকে দেখা পাহাৰবোৰৰৰ পৰাই অনুমান কৰিলোঁ। তেনেতে জিঅ'ইও হিমাচল ৰিজনলৈ স্বাগতম জনালে।বাছ আগুৱাই গৈ থাকিল। মইও চিটটো উঠাই আৰু টোপনি নাযাও ভাবি এক প্ৰকাৰ খিৰীকীৰ ফালে মুৰ কৰি ল'লোঁ। কাষৰ যুৱকজন টোপনিত থকা দেখি বেছি খচমচাই নাথাকি খিৰীকীৰে জোনৰ পোহৰতে দেখা পাহাৰবোৰ চাই গ'লোঁ। লাহে লাহে গোটেইবোৰ পোহৰ হ'ল। মই ঠাইবোৰত থকা চাইনবোৰ্ডবোৰ চাব লাগিলো 'চিমলা' দেখো নেকি বুলি। কাষৰ চিটৰ মানুহজন ৫টামানত নামিল।৬ টা বজাত বাছৰ মানুহে চিঞৰিলে 'চিমলা ISBT আ গয়া। য়হা চে বাছ আগে নেহি যায়গা।চিটৰ পৰা উঠি বেগটো পিঠিত লৈ নামি গ'লোঁ। চিমলাৰ মাটিত ভৰি থৈয়ে মনটো পুলকিত হৈ পৰিল।











পাহাৰৰ ৰাণী খ্যাত চিমলাখন ISBT ৰ পৰা তলে ওপৰে সকলো ফালে চালোঁ। আমাৰ ট্ৰেকিং চিডল অনুসৰি সকলো সেইদিনা পুৱা ১০ টাৰ ভিতৰত চিমলা ISBT পাব লাগিব।অলপ পিছতে তাত পালেহি আমাৰ সহ অভিযাত্ৰী দিল্লীৰ অদিতি আৰু মুম্বাইৰ অভিষেক। তিনিওটা লগ হোৱাত ভাল লাগিল। আমি তাতে অলপ ফ্ৰেচ হৈ গৰম গৰম মেগী খালোঁ ভাল লাগিল। গাইডে ফোন কৰি অলপ দেৰী হ'ব বুলি কোৱাত আমি ওচৰতে হোটেল এখন ঠিক কৰি অলপ আৰাম কৰিলোঁ। ৯ টা মান বজাত গাইড আশীষ চৌহান আৰু ক'গাইডজন পালেহি। লগতে আহিল পাঞ্জাৱৰ আশীষ কুমাৰ আৰু চিমলাৰ ৰাজনীশ। গোটেই গ্ৰুপটো লগ হ'লোঁ। সকলো নতুন মোৰ বাবে। মানুহ, ঠাই সকলোঁ। গাইড আশীষৰ লগত মই ফোনতহে কথা পাতিছোঁ বাকী সকলক আজি প্ৰথম লগ পাইছোঁ। চিমলাৰপৰা আমাৰ বেচকেম্প নিৰ্মাণ্ডলৈ ১৭০ কিমি । এখন ট্ৰেভেলাৰ আমাৰ বাবে সাজু আছিল। সকলো উঠিলো, মই খিৰীকীৰ কাষৰ চিট এটাত বহিলো। পাহাৰিয়া চহৰ বোৰত এটাই ৰাস্তা হোৱা বাবে বহুত বেছি ট্ৰেফিক জাম হয়।চিমলাতো একেই গতি। জামৰ মাজেদি লাহে লাহে আগুৱাই গৈ  চহৰখনৰপৰা আতৰি গৈ থাকিলোঁ। যিমানে চহৰৰ পৰা আতৰি আহিছো হিমাচলৰ আনটো ৰূপে আহি আমাক উত্ৰাৱল কৰিছেহি। পাহাৰীয়া  গাওঁবোৰ, আপেলৰ গছবোৰ, এঢলীয়া খেতিবোৰ, পাহাৰবোৰৰ মনোমোহা ৰূপ ।ৰাস্তাত এখন দোকানত আলু পৰঠা, চাহ খালোঁ। মই  ভাত পাওঁ নেকি বুলি চেষ্টা এটা চলাইছিলোঁ যদিও কামত নাহিল। হিমাচলী মানুহবোৰৰ অতিথি শুশ্ৰুষা কৰাৰ কিবা বেলেগ এটা বিশেষত্ব আছে। সম্পূৰ্ণ ঘৰোৱা। এনেকুৱা লাগিছিল আমি যেন তেওঁলোকৰ আলহিহে। পিছলৈ অৱশ্যে আৰু বেছি অভিজ্ঞতা হ'ল। ট্ৰেভেলাৰখন অকোৱা পকোৱা বাটেৰে ওপৰলৈ গৈ আছে আৰু আমিবোৰ প্ৰকৃতিৰ ৰূপত বিভোৰ হৈ গৈ আছোঁ। ঠাণ্ডা বাঢ়ি গৈ আছে। মাজে মাজে গাড়ী ৰখাই ফটো উঠো। বহো পাহাৰবোৰলৈ চাই চাই। ৩ টামান বজাত আমি ইতিমধ্যে উল্লেখ কৰা দেৱধাম  মন্দিৰত ৰৈ সেৱা কৰিলোঁ। ৫ টাত আমি জাও গাওঁ পালোগৈ। তাৰপৰা দুঘন্টা ট্ৰেকিং কৰি সৰু পাহাৰ এটা পাৰ হৈ গ'লে আমাৰ বেচ কেম্প নিৰ্মাণ্ড পাম। সকলোৱে বেগ পিঠিত লৈ জোতাৰ লেচ টান কৰি সাজো হ'লোঁ। প্ৰায় আঠটাত আমি কেম্প পালোগৈ।চিংগাৰ এখন পাহাৰী গাওঁ। ঘৰবোৰ সেৰেঙা। আন্ধাৰত ভালকে দেখা নাছিলোঁ যদিও অনুমান কৰিছিলোঁ কিমান ধুনীয়া হ'ব পাৰে।নিৰৱ, নিস্তাল। কেৱল তৰ্জন গৰ্জন কৰি বৈ যোৱা এখন নদীৰ হোৰহোৰনি। কেম্প মানে হোমষ্টে এটা।  আকৌ সেই হিমাচলী মানুহৰ অতিথি। কাষেৰেই নদী খন বৈ গৈছে।ঘৰটো কাঠৰ তিনিখলপিয়া। আমি একেবাৰে ওপৰৰ খলপত আছিলোঁ যিটো ৰাস্তাৰ সৈতে মিলি আছে।বাকীবোৰ তলত। ভাত খাবলৈ তললৈ গৈছিলো। সকলোৱে গৰম পানীৰে গা ধুলো। চাহ খালোঁ। অলপ আড্ডা হ'ল। গাইডে কাইলৈ দিনটোৰ বাবে ক'বলগীয়া খিনি ক'লে। খুৱ পানী খাই থাকিব ক'লে তেতিয়াৰ পৰাই। ৯ টামানত  পাহাৰী স্পেচিয়েল দালি ভাত খাই, নদীখনৰ শব্দৰ সৈতে পাহাৰীয়া ঘৰটোৰ বিচনাখনত নিজকে এৰি দিলোঁ। নদীৰ শব্দত মনটো কেনেবা লাগিছিল।চকুলৈ  টোপনি নামি আহিছিল। 'কাইলৈ উঠি গাওঁখন ফুৰিম আৰু নদীখনৰ ওচৰলৈ যাম' বুলি মনতে ভাৱি দিনটোৰ কথাবোৰ পাগুলি পাগুলি নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিলোঁ।







নদীৰ শব্দতে টোপনি যোৱা মানুহজনী সেই একে শব্দতে সাৰ পালোঁ। সময় ৫টা। চকু মেলি নদীৰ সুৰৰ লগতে পাহাৰীয়া গাত জুন মাহত লেপ লৈ শোৱাৰ আমেজকন উপভোগ কৰিব চেষ্টা কৰিলোঁ। কালি গাইডে কোৱামতে আমি ৭ টাত ইয়াৰ পৰা ট্ৰেকিং আৰম্ভ কৰিব লাগিব। গতিকে সোনকালে উঠি গাওঁখনত এপাক মাৰি অহাই ভাল হ'ব। চুৱেটাৰতো গাত লগাই বাহিৰলৈ ওলাই গ'লোঁ। হামি এটা মাৰি বাহিৰলৈ ওলাই গৈছিলোঁ আৰু চকুৰে যি দেখিলো মুখ জপাবই  পাহৰিলোঁ। আমি থকা ঘৰটোৰ সোফালে পাহাৰৰ ওপৰলৈ যোৱা ৰাস্তা, যিটোৱেদি আমি যাম। আগফালেও এফালে পাহাৰ মাজতে তললৈ নামি যাব লাগে আৰু অলপ দূৰৰ ফালে চালে পাহাৰ আৰু পাহাৰ। বাওঁফালে কাষতে নদীখন  আৰু তাৰ কাষৰ পৰাই ওখ ওখ পাইন গছেৰে আৱৰা পাহাৰ। গাওঁখনৰ এঘৰৰ পৰা আন ঘৰলৈ যাবলৈকে ১০/১৫ মিনিট লাগিব।সমান নহয় যে। বাৰীয়ে বাৰীয়ে আপেলৰ বাগিছা, মুৰত এক বিশেষ ভংগীমাত কাপোৰ বান্ধি সামান্য হিলৰ জোতা ( পাহাৰীয়া ঠাইত বিশেষকৈ ব্যৱহাৰ হয়) পিন্ধি খট খট শব্দ কৰি কাম কৰি ফুৰা মহিলাসকল। আপেলবোৰ সেউজীয়া হৈ আছে। এনেতে আমি থকা ঘৰৰ গৰাকী মাহীয়ে মোক চাহ আৰু গৰম পানী দি গ'ল। গা মুৰ ধুইয়ে তলৰ আপেলৰ বাৰীলৈ মাহীৰপৰা অনুমতি লৈ ঢাপলি মেলিলোঁ। প্ৰথমে নদীখনৰ কাষলৈ গ'লোঁ। চেচা পানী। মাহীয়ে দেখি তাৰপৰা ঘুৰি আহিবলৈ চিঞৰি ক'লে। মন নাছিল যদিও মানুহগৰাকীৰ কেয়াৰক আওকান নকৰি আপেলৰ বাৰী পালোহি। সৰু সুৰা দম এটাই দিলে মোক। ' কিয় গৈছিলা? পৰি গ'লে?' মই একো নকৈ হাহি দিলোঁ ।মাহীও হাহি দিলে। আপেলৰ গছবোৰত উধাই মুধাই চেলফি উঠিলোঁ। মানুহবোৰ উঠাই নাই। মাহীৰ লগত পাচলি কুটিব ধৰিলোঁ কথাৰ মহলা মাৰি মাৰি। ৰাইজ লাহে লাহে উঠিল। দৌৰাদৌৰিকে সকলো সাজু হ'ল। ভাত খাই যাত্ৰা আৰম্ভ কৰিলোঁ।  দীঘলীয়াকৈ শাৰী পাতি গৈ আছোঁ। প্ৰথম অৱস্থাত পাই অহা নদীখনৰ কাষে কাষে যথেষ্ট ঠেক ৰাস্তা এটাৰে আগবাঢ়িলো।পানীৰ কি সোঁত। ওপৰলৈ গৈ আছো আৰু গৈ আছো।পথটোত ভগা ছিগা শিলৰ টুকুৰা। মাজে মাজে শিলৰেই খটখটিৰ নিচিনা কিন্তু সাৱধান নহ'লে বাগৰি যোৱাৰ সম্ভাৱনাই বেছি । দুঘন্টামান গৈ পালোগৈ বাৰাতিনলা। এইখন এজন বাবাৰ আশ্ৰম। আমি কৰি থকা ট্ৰেকিংটোৰ লক্ষ্যস্থান হ'ল শ্ৰীখণ্ড মহাদেৱ  যিটো হিমাচল প্ৰদেশৰ এক উল্লেখযোগ্য ধৰ্মীয় পদযাত্ৰা হিচাপে গণ্য কৰা হয়।শাওন মাহত চৰকাৰীভাৱে যাত্ৰীসকলৰ বাবে সকলোধৰণৰ সুবিধা আগবঢ়াই। তালৈ যোৱা সকলো যাত্ৰীয়ে এই আশ্ৰমত জিৰনি লয়। আশ্ৰমৰ ফালৰ পৰা চাহ আৰু  পৰঠা খোৱাৰ ব্যৱস্থা কৰে। আমি তাত আৰু বহুত ট্ৰেকাৰ লগ পালোঁ। বাবাৰ মুখত শ্ৰীখণ্ড মহাদেৱৰ কাহিনী শুনিলোঁ। তাত নিজৰ নাম, ঠিকনা আৰু ফোন নং লিখি থৈ যাব লাগে। একঘন্টামান বহাৰ পিছত আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ক্ৰমান্বয়ে পথবোৰে সমকোনৰ দৰে হৈ গৈ আছে। গছবোৰৰ মাজে মাজে ঠেক পথবোৰ এটা খোজ দিয়াৰ পিছত আনটো খোজ চিধা আঠুৰ সমান উচ্চতাত । মানে  আগত গৈ থকাজনক পাঁচখোজৰ পাৰ্থক্যত আপুনি মুৰৰ সমান উচ্চতাতকৈ ওপৰত দেখিব আৰু আকাশলৈ চোৱাৰ দৰে তেওঁলৈ চাব লাগিব, ইমানেই থিয় । মোৰতো মাজে মাজে লাগে হিমালয় নবগায় মই আকাশলৈহে জখলা বগাই আছো নেকি। কোনবাপাকত উঠি গৈ থাকোতে পিঠিৰ বেগটোৱে পিছফালেহে টানি আনিব খোজে। আধাঘন্টামানৰ মুৰে মুৰে অকমান সমান ঠাই পালে বহোঁ আমিবোৰ। বেগত থকা চকলেট, ড্ৰাই ফ্ৰুটছ ইত্যাদি খাওঁ। ফটো উঠো,কাৰণ গৈ থাকোতে ফটো উঠোৱাৰ সাধ্য নাই। আকৌ যাওঁ। ঠাইয়ে ঠাইয়ে কেম্প থাকে লগত দোকান এখন দুখন থাকে। কিন্তু আৰু বস্তুবোৰৰ দাম চাৰিগুণ পাচগুণ।মেগি খাওঁ। বহি দিলেই ঠাণ্ডা লাগে। এনেকৈয়েদিনটো গৈ থাকি গধুলি ৭টাত পালোগৈ আমাৰ কেম্প থাচৰু। গছবোৰৰ মাজতে অকমান মুকলি ঠাই তাতে এঢলিয়াকে পানীকাপোৰৰ কেম্পবোৰ। কেম্পছাইট পাই বেগবোৰ থ'লোঁ। খোৱাৰ বাবে থকা কেম্পটো কাষতে আছিল। ৰান্ধনী দুজন আছিল পতি পত্নী। আগত কৈছোৱেই হিমাচলী পাহাৰী মানুহৰ অতিথি পৰায়নতা। সকলোৱে কিবা কিবি কৰি আছে। মই কথকি মানুহ গতিকে মাহীজনীৰ আৰু চাচাৰ লগতে আড্ডাত বহিলোঁ। বহুত সময় পাতিলো কথা। অসম-হিমাচল, আমাৰ গাওঁ- তেওঁলোকৰ গাওঁ মুঠতে একো বাদ নপৰিল। মাহীৰ লগত এই বন্ধুত্বৰ বাবেই খোৱাৰ সময়ত অলপ বেছি কেয়াৰ পাইছিলো। আনকি মোক তেওঁৰ লগত শুব লগ লৈছিল। বিৰাত মৰম কৰিছিল। পাৰিলে তেওঁৰ গাৱলৈকে লৈ গ'লহেঁতেন।কিন্তু মোৰ যে 'tight schedule'অলপ ইফালে সিফালে গ'লোঁ। কেওফালে থকা পাহাৰবোৰৰ পৰা অনুমান কৰিলোঁ আমি বহুখিনি বগালো।তললৈ আমি পাৰ কৰি অহা পাহাৰবোৰ দেখি মনটো বিৰাত ভাল লাগিছিল। ৯ মান বজাত খাই বৈ শুই গ'লোঁ। কেম্পটো যথেষ্ট ডাঙৰ ।আমি সকলোবোৰ একেটাতে শুলোঁ। পানীকাপোৰৰ তম্বু বোৰৰ একেবাৰে তলত থাৰ্মকল তাৰওপৰত কম্বল পাৰি দিয়া আছিল। এবাৰ বন্ধ কৰি দিয়াৰ পিচত বতাহ সুমোৱাৰ কোনো সুৰুঙাই নাথাকে। গাত তিনিখনকৈ ডাঠ কম্বল। শুলোঁ ভালকৈয়ে কিন্তু  টোপনিতো কম হৈছিল। গাইডে পুৱা  উঠি সকলোকে সোনকালে সাজু হ'বলৈ কৈ সকলোকে সকিয়াই দিলে কাইলৈ যাবলগা পথছোৱা অধিক কঠিন আৰু সময়ও বেছি লাগিব। মই মোৰ ভাৱৰ দুনিয়াত বিভোৰ। হিমালয়ৰ মাজত, অস্থায়ী কেম্প, নতুন মানুহ, নেটৱৰ্ক নোহোৱা মোবাইল।

 

মাউথ অৰ্গেনৰ সুৰ এটা ভাঁহি আহিছিল কাষৰ কোনোবা এটা কেম্পৰ পৰা। ৰাতিটো আৰু বেছি ৰোমাঞ্চকৰ হৈ উঠিছিল।  টোপনি কেতিয়া  'লোঁ গমতো নাপালোৱে সাৰো পালোঁ সোনকালে। উঠিয়ে মাহীৰ আদৰ সাদৰ। সকলো সোনকালে উঠিল। যাত্ৰা আৰম্ভ হ'ল। এঘন্টামান যোৱাৰ পিছত ওখ গছৰ পাহাৰবোৰ কমি আহিল । আৰম্ভ হ'ল ঘাহনিৰ(medows)পাহাৰবোৰ। পাৰ কৰি অহা পাহাৰ বোৰৰফালে চালে বুকুখন ফুলি যায়। ৰাস্তাবোৰ সৰু এঢলীয়া আৰু বেছি থিয় হৈ আহিল। কোনোবা সময়ত আগলৈ তললৈ নামি যোৱা ৰাস্তা দেখিলে মনটো নাচি উঠে কিন্তু পিছমুহুৰ্ততে আকৌ যেনেকেহে উঠিব  লাগে ফাপৰ চুটি যায়। তথাপি ভাল লাগে কিবা এটা! দুৰত থকা ওখ পাহাৰবোৰলৈকে বগাই যাব মন যায়।  দুঘন্টামানৰ পিছত পালোঁ কালিটপ।তাৰ পৰা কাষে বাৰে থকা সকলো পাহাৰ তলত। কেনেকুৱা যে অনুভৱ হৈছিল সেই ঠাইত ৰৈ সঁচাকৈয়ে ভাষাৰ অভাৱ অনুভৱ কৰিছোঁ।কালিটপৰ উচ্চতা আছিল প্ৰায় ১৪,০০০ ফুট। যিমান থিয় পথেৰে উঠি গৈ কালিটপ পালোঁ এতিয়া সিমান থিয় পথেৰে তললৈ নামিব লাগিব, তাকো গোটেই পথছোৱা সৰু ডাঙৰ শিল কেৱল শিল। এটা এটা খোজ অতি সাৱধানে দিব লগা হৈছিল। কোনোবা সময়ত এটা খোজ দিবলৈ ২/৩  মিনিটলৈ  ভাৱিব লগা হয়। তিনিঘন্টামানৰ মুৰত শিলৰ পথ এৰি পুনৰ ঘাঁহনিৰ পথ পালোঁ। শিলৰ পথছোৱাৰ মাজতে লগ পালোঁ আমাৰ গাইডৰ চিনাকী এজন যুৱক মাধৱ সৰশ্বত। অকলে আহিছে। তাৰ বেগটো দেখি মই অতি আচৰিত হৈছিলোঁ। ২৫ কিলো ওজনৰ বেগটোত টেন্টৰপৰা আদি কৰি পাকঘৰৰ সকলো মজুত আছিল। তেওঁ পিছলৈ আমাৰ দলৰে এজনৰ নিচিনা হ'ল। এইটো পথত যথেষ্ট সংখ্যক ৱাটাৰফল পালোঁ। ৱাটাৰফলত মুখ লগাই হিমালয়ৰ বিশুদ্ধ পানী খোৱাৰ মজা জানো বেলেগত পাম! কিছু কঠিন পথ। মাজে মাজে পথ বুলি একোৱে নাথাকে। শিলত খান্দি কৰা ভৰিতো থোৱাৰ জুখাৰে সেইকনক পথ বুলি ক'ব নোৱাৰি। এফালে পাহাৰ আনফালে দ, কিবাকে পিচল খালে কোন পুৰি পামগে নাজানো।তেনেকুৱা অৱস্থাত ভৰিটো পথালিকে দি পাহাৰৰ থিয় বুকুত লেপেটা খাই শিলত খোপনি বিচাৰি বিচাৰি অতিক্ৰম কৰিব লগা হয়। গাইড আছিল যথেষ্ট অভিজ্ঞ। কঠিন পথবোৰ তেওঁৰ সহযোগীতাত পাৰ কৰিলোঁ সুকলমে। গৈ আছো গৈ আছো নাপাওঁহে নাপাওঁ। কিন্তু মনোমোহা দৃশ্যবোৰৰ বাবে ভাগৰ অনুভৱ হোৱা নাছিল। সেউজীয়া পাহাৰবোৰে সকলোবোৰ নোহোৱা কৰি দিছিল। মাজে মাজে মেগি, পৰঠা খাওঁভোকো লাগে নহয় তামাম।খাবলৈ বহোতে আন ট্ৰেকাৰবোৰৰ সৈতে বহা আড্ডাবোৰ বিৰাত ৰসাল হৈ পৰে।

 গৈ গৈ দেখিলোঁ এটা পাহাৰৰ সিফালে সেউজীয়া দলিচাত ৰঙা, নীলা হালধিয়া তম্বু আকৃতিৰ টেন্টবোৰে আমালৈ বাট চাই আছে। কেম্পচাইটৰ কাষতে কেইবাটাও ৱাটাৰফল। মাজৰ পাহাৰটো যে কেতিয়া উঠি নামি গৈ কেম্পচাইট পালোঁ গমেই নাপালোঁ। 

ভীম দিৱাৰি কেম্প। 

ভষ্মাসুৰৰ তপস্যাত মুগ্ধ হৈ মহাদেৱে ভষ্মাসুৰক বৰ দিলে যে তেওঁ যাৰ মুৰতে হাত দিব সেইজনৰ মৃত্যু হ'ব।  ইফালে ভষ্মাসুৰ পাৰ্ৱতীৰ প্ৰেমত ইমানেই বেয়াকৈ পৰিল যে পাৰ্ৱতীক পাবলৈ শিৱৰ মুৰত হাত দি শিৱক হত্যা কৰিবলৈ খেদি গ'ল। শিৱও নিৰুপায় হৈ দৌৰি পলাই ফুৰিল। ইফালে শিৱ নথকাত পাৰ্ৱতীক বিয়া পাতিবলৈ ভষ্মাসুৰ উত্ৰাৱল হ'ল। পাৰ্ৱতীয়ে সকলো কথা বিষ্ণুক কোৱাত বিষ্ণুৱে পাৰ্ৱতীৰ ৰূপ লৈ ভষ্মাসুৰক নিজৰ মুৰত হাত দিবলৈ কোৱাত নিজৰ মুৰত হাত থৈ শিৱৰ পৰা বৰৰ কৃপাত ভষ্ম হৈ গ'ল। 

ভষ্মাসুৰ ভষ্ম হোৱা ঠাইকণেই হ'ল ভীম দিৱাৰি। কেম্প পোৱাৰ আগে আগে এঠাইত এটা সৰু পুখুৰিত পানীবোৰ ৰঙা আৰু কাষৰ শিলবোৰো ৰঙা। ভষ্মাসুৰ সেইঠাইতেই  ভষ্ম হৈছিল বুলি সকলোৱে বিশ্বাস কৰে। 

কেম্প পালোঁ। আন্ধাৰ হওঁ হওঁ। কাষেদি নদী খন। কেম্পৰ তিনিটা দিশ ওখ ওখ টকলা শিলৰ পাহাৰ আৰু গ্লেচিয়াৰবোৰ। আমি যিফালেদি গৈছো সেইটো দিশ কেৱল সেউজীয়া আৰু সেউজীয়া। নদীৰ সিটো দিশে কেইবাটাও ৱাটাৰফল। নদীখনেও সেইখিনিতেই ওপৰৰৰ পৰা আহি নদী আকাৰ লৈছে। কেম্পবোৰত ট্ৰেকাৰবোৰ সোমাইছেহি। মাধৱেও নিজৰ টেন্টটো ফিক্স কৰিল যদিও আমাৰ লগতে থাকিল। ঠাণ্ডাটো বাঢ়িছিল। কেম্পত জুইৰ  ওচৰতে বহি চবেই চাহ খালো আড্ডাত বহিলোঁ ভাত খোৱালৈকে। কেম্পবোৰৰ পৰা ভাহি আহিছিল কাৰোবাৰ গান, কাৰোবাৰ হাহিঁ, আৰু কোনোবাটোৰ পৰা আহিছিল মিউজিক প্লেয়াৰত বজোৱা হিমাচলী গীতৰ সুৰ।মই অলপ সময় আন্ধাৰত কেম্পৰ পৰা নদীৰ ফালে গৈ জোনটোলৈ চাই ৰৈ আছিলোঁ। পিছদিনা পূৰ্নিমা আছিল। জোনটো ওলাই আহিছিল,পোহৰত জিলিকি উঠিছিল কাষৰ পাহাৰৰ ভাজে ভাজে  থকা শুভ্ৰ গ্লেচিয়াৰবোৰ। লাহে লাহে কেম্পৰ পৰা অহা নানানটা  শব্দ অতিক্ৰমি  ৱাটাৰফলটো আৰু নদীখনৰ শব্দত নিজকে বিলীন কৰি দিছিলোঁ। মই যেতিয়া কেম্পত সোমাইছিলোগে কোনোবা এটাই ক'লে ' ' আ গেয়া' মই যে সুবিধা পালেই নিজকে হেৰুৱাই থাকিব ভাল পাওঁ দলৰ বাকী সকলে ভালকৈয়ে বুজি উঠিছিল। সেয়ে মই যোৱাত তেনেকৈ কৈ হাহিলে আটায়ে। পাঞ্জাৱৰ আশীষে  'গুড্ডী' আৰু মুম্বাইৰ অভিষেকে ''টি' বুলি মাতিছিল মোক। আমিতো এটা পৰিয়ালেই হৈ গ'লোঁ।  পাহাৰীয়া লোকসকলৰ আতিথ্যৰ কথা যিমান কৈয়ো শেষ কৰিব নোৱাৰি। সেইদিনাৰ কেম্পৰ দায়িত্বত থকা যুৱক দুজনৰ সেৱাও আছিল অনন্য। ঠিক ঠাক কৰি শোৱ ল'লোঁ। শুই  শুই গাইড আশীষ, অদিতি আৰু মই বহুত পৰ কথা পাতিলোঁ কিবা কিবি। বেছি উচ্চতাতলৈ গ'লে টোপনি কম হয়।কিন্তু মই ভালহে পাইছিলোঁ টোপনি নহাৰ বাবে। নিহপালি দিয়া কেম্পবোৰৰ পৰা ভাহি অহা নিৰৱতাক চেৰপেলাই হৰহৰাই বৈ থকা জান জুৰিবোৰৰ শব্দৰ লগত তাল মিলাই, পাহাৰৰ সেউজীয়াবোৰৰ কথা ভাৱি ভাৱি সপোন সপোন লগা পৰিৱেশতকৈ টোপনি ডাঙৰ হ'ব পাৰে জানো।

সেইদিনাৰ পথছোৱা যথেষ্ট কষ্টকৰ হোৱা বাবে পিছদিনা অলপ লাহে লাহে যোৱা হ'ব বুলি গাইডে জনালে। তথাপিও মই সোনকালেই সাৰ পালোঁ অভ্যাসৰ বাবে। বাকীবোৰ কেম্পৰ মানুহবোৰো সিমান উঠা নাছিল। অলপ ওলাই ইফালে সিফালে গ'লোঁ এনেয়ে। ডিঙি বেকা কৰি কৰি ওখ পাহাৰবোৰ চালোঁ,পাৰোমানে ফটো উঠিলোঁ।  বতাহ আছিল খুৱ। সকলো উঠাৰ পিছত আৰাম বিৰাম কৰি আমি ১০ বজাত পৰৱৰ্তী কেম্পলৈ বুলি আগবাঢ়িলোঁ। সেইটো আছিল আমাৰ চামিট কেম্প। প্ৰায় চাৰিঘন্টামানৰ মুৰত পালোগৈ পাৰ্বতী বাঘ কেম্প। পাহাৰ এটা সম্পূৰ্ণ পাৰ হৈয়ে কেম্পচাইট।যাওঁতে ডাঙৰ ৱাটাৰ ফল এটা পাৰ হৈ গৈছিলোঁ। কেম্পচাইট সৰু। উচ্চতা প্ৰায় ১৪,২০০ ফুট। কেম্প চাৰি পাঁচটামান আছে। তাৰে দুটাত আমিখিনি আৰু বেলেগত আন ট্ৰেকাৰ।বতৰটো ডাৱৰীয়া আছিল। আমি কেম্প পাইছোহে মাত্ৰ হঠাৎ ডাৱৰ এসোপাই আহি আৱৰি ধৰিলহি। কেনিও একো নেদেখা হ'লোঁ। কেনেকুৱা যে লাগিছিল সেই সময়ত! অলপ দেৰী পিছত ডাৱৰবোৰ নোহোৱা হ'ল। তেতিয়াহে দেখিলোঁ কেম্পৰ চাৰিওফালফাল। আগৰ কেম্পৰ পৰা দেখা ওখ ঠাইডুখৰেই এয়া। ইয়াতে ঘাঁহনি শেষ হৈ শিল আৰু বৰফ আৰম্ভ হৈছে। কেম্প থকা ঠাইকন টিলা এটাৰ দৰে। কাষতে ওখ ওখ টকলা বৰফৰ পাহাৰবোৰ আৰু তললৈ আমি পাৰ কৰি অহা গোটেই পাহাৰবোৰ এটাৰ পিছত এটাকৈ দেখা পাই। ডাৱৰবোৰ গুছি যোৱাৰ পিছতে আৰম্ভ হ'ল চিপচিপিয়া বৰষুণ। আটাইবোৰ আহি আমাৰ কেম্পতে থুপ খালেহি। বাটত লগ পোৱা মাধৱে আগৰ কেম্পতে নিজৰ টেন্ট এৰি আমাৰ দলত যোগদান কৰিলে। আমি আঠটা হ'লোঁ। বাহিৰত চিপচিপ বৰষুণ আমি ভিতৰত পপকৰ্ন খাই খাই পূৰা কথাৰ মহলা মাৰিলোঁ। তিনিটামান বাজিল। বৰষুণ এৰিলে। কেম্পৰ পৰা ওলাই অলপ আতৰত ঘাঁহনিতে আকৌ থূপ খালোগে। ঘুৰণীয়াকে ঘাহনিতে যাৰ যেনেকে মন যাই তেনেকেই বহি ল'লোঁ। অলপ আতৰতে ডাৱৰবোৰে অহা যোৱা কৰি আছে। সকলো নিজৰ ভাৱত বিভোৰ। দুটামানে গ' প্ৰ' ৰে ডাৱৰৰ চালচলন ধৰি ৰাখিব চেষ্টা কৰিছে। মাধৱে নিজৰ মিউজিক প্লেয়াৰত লগালে ৰোমান্টিক হিন্দী গান। প্ৰায় এঘন্টামান কাৰো মুখত কথা নাই। কাষেৰে যোৱা ৱাটাৰফলৰ শব্দ,লাকী আলি, চনু নিগম , উদিত নাৰায়নৰ ৰোমান্টিক হিন্দী গানৰ সুৰৰ মাজত ডুব গৈ  ডাৱৰৰ আলেখ লেখ চাই থাকোতে পাহৰি পেলাইছিলোঁ ক'ত আছোঁ, 'ৰ পৰা আহিছো, আপোন-পৰ সকলোঁ। মুঠতে আগফালৰ সেউজীয়া ঘাঁহনি আৰু অলপ সিফালৰ পাহাৰটোত খুণ্ডা খাই সিচৰিত হৈ যোৱা ডাৱৰবোৰ, সোফালে চালেই ওখ বগা হৈ থকা হিমালয়ৰ শিৰ আৰু সেই মুহুৰ্তত বাজি থকা গানখিনিত নিজক সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিলিঁ। আকৌ দপ দপকে বৰষুন অহাত পুনৰ কেম্পলৈ ঢাপলি মেলিলোঁ। মানুহ কেইটা থূপ খালে কিমান কি যে কথা ওলাই। কত পাহাৰৰ যে কাহিনী। মাধৱ আৰু আমাৰ গাইড অভিজ্ঞ পৰ্বতাৰোহী। গতিকে তেওঁলোকৰ মুখত পাহাৰৰ কাহিনীবোৰে পৰিৱেশটোৱেই জীপাল কৰি তুলে। এনেকে কথা পাতি পাতিয়েই আবেলি গৈ ৰাতি হ'ল। বৰষুন দিয়েই থাকিল। পিছদিনা আমাৰ চামিটডে' গাইডে সকলোকে বুজাই দিলে যে আমি ৰাতি দুটাত যাত্ৰা আৰম্ভ কৰিম।গতিকে দিনটোৰ পথছোৱাৰ বাবে প্ৰয়োজনীয় বস্তুখিনি সৰু বেগ এটাত লৈ ল'লেই হ'ব। সকলোৱে সেইমতে সকলো সাজু কৰি শুই গ'লোঁ। মই,অদিতি, গাইড আৰু ক' গাইড এটা কেম্পত আৰু বাকী মাধৱ,আশীষ, ৰাজনীশ আৰু অভিষেক আন এটা কেম্পত। আৰু এটা কেম্পতহে মানুহ আছিল।সেয়ে পৰিৱেশটো ঠাণ্ডা  হৈ  আছিল। বতাহ আৰু বৰষুন চলি আছিল। তাৰ শব্দতেই সৰু টেন্টৰ কেম্পটোত শুই গ'লোঁ দিনটোৰ কথা ভাৱি ভাৱি। 

এলাৰ্মতকৈ আগতেই দপদপকৈ অহা বৰষুণ আৰু বতাহৰ শব্দত সাৰ পালোঁ ১২ টা বজাতে। মই সাৰ পাইয়ে মোবাইলটো চাওঁতে গম পালোঁ সকলো সাৰ পাই আছে। গাইডে ক'লে এনেকুৱা বতাহ বৰষুণততো চামিত এটেম্প কৰিব যোৱাতো সম্ভৱ নহ'ব। মই মনে মনে ভাৱিলোঁ এতিয়া ১২ টা বাজিছেহে, এৰিব বৰষুণ। ইটো সিটো কথা পাতি আটাইকেইটা সাৰে থাকিলোঁ। ২ টা বাজিল, ৩ টা বাজিল, ৰাতিপুৱা ৭ বাজিল নাই বৰষুণ কমাৰ কোনো লক্ষণেই নাই। বাঢ়িলহে বৰষুণ। তেতিয়ালৈকে দলৰ বাকীকেইটাও আমাৰ কেম্পত সোমালহি। কি কৰা যায়? এতিয়া আৰু চামিট এটেম্প কৰাৰ সময় উকলি গ'ল। কাৰণ বৰফত যথেষ্ট কঠিন পথেৰে ৫/৬ ঘন্টা গৈ আকৌ এই কেম্পলৈ উভতি আহিব লাগিব। দেৰীকে গ'লে আধাতে ৰৈ যাব লাগিব।  

বৰষুণ দিয়েই আছিল। লগতে বতাহো বলিছিল বহুত জোৰে। কেম্পবোৰ বতাহত কোনোমতে ৰৈ আছিল। ওপৰলৈ চাইছিলো আমি যাবলগা পথছোৱাত বৰফৰ ডাঠ আচ্ছাদন পৰিছে আৰু বহুত জোৰে তুষাৰপাত হৈ আছে। কেইজনমান বেলেগ দলৰ ট্ৰেকাৰ গৈছিলহি বৰষুণতে। কিন্তু অলপ পিছত দেখিছিলো সকলোবোৰ ঘূৰি আহিছিল। আচলতে পৰ্বতত থকা সময়ছোৱাত প্ৰকৃতিৰ ৰুষ্টতাক সন্মান কৰিব লাগে। কেইজনমান ট্ৰেকাৰ পৰি মেলি অৱস্থা কাঢ়িল হৈ উভতি আহিছিল। ৰাতিপুৱা মোৰ মনটো বহুত বেয়া লাগিছিল যাব নোৱাৰা বাবে। ইমান কল্পনা জল্পনা কৰি অত দুৰৰ পৰা আহিলোঁ চামিটটো সম্পূৰ্ণ কৰিবই যদি নোৱাৰো! কিন্তু সময়বোৰ গৈ থকাত মনটো ভাল লাগিল। গাইডে ক'লে আমাৰ হাতত এটা দিন এক্সট্ৰা আছে গতিকে কাইলে যাম আমি বতৰ ঠিক হ'লে। বতাহ , বৰষুন ৰ মাজত হিমালয়ৰ বুকুত এটা দিন কেম্পৰ ভিতৰতে আড্ডাৰ মাজেৰে পাৰ কৰিবও কপাল লাগিব। মাজে মাজে পপকৰ্ণ , মেগি, পৰঠা, আৰু অভিজ্ঞ পৰ্বতাৰোহীৰ অনন্য অভিজ্ঞতাৰ ৰসাল কাহিনী। মাজত গানৰ অনুষ্ঠানবোৰ থাকিলেই। মাজতে মাধৱে আহি অসমৰ বহুত কথা পাতিলেহি। যাদৱ পায়েং দেৱক তেওঁ বহুত ভাল পাই। ভুত জলকীয়া , মাজুলি আদি বহুত কথা পাতিলোঁ । তেওঁৰ অসমপ্ৰেম দেখি ভাল লাগিল। আবেলিলৈ বৰষুন অলপ এৰিছিল। ঠাণ্ডা বাঢ়িছিল। ডাৱৰ বোৰে গাতে খুণ্ডিয়াই থৈ যায় কোনোবা পাকত। দিনতো কেম্পতে বহি থকা বাবে আবেলি অলপ শাৰীৰিক অনুশীলন কৰিলোঁ। মই লগত লৈ যোৱা শিৱৰ ত্ৰয়োবৃত্তৰ 'ইম্মৰটেলছ অৱ মেলুহা' খন অলপ পঢ়িলোঁ। আগতে পঢ়িছো যদিও হিমালয়ৰ বুকুত বহি এইখনৰ কেইটামান বিশেষ পৃষ্ঠা পঢ়াৰ হেপাহটো পুৰাবৰ বাবেই লগত কঢ়িয়াই লৈ গৈছিলোঁ। সঁচাই বহুত ভাল লাগিল সম্পূৰ্ণ এটা দিন হিমালয়ৰ বুকুত নিজৰ মতেই অতিবাহিত কৰিব পাৰি। একান্তই নিজৰ আছিল সময়বোৰ। 

সোনকালেই শুলোঁ সেইদিনা। পিছদিনা যাতে বতৰ মুকলি হয় আৰু আমি যাব পাৰোঁ সেই আশাৰে চকু মুদিলোঁ। সচাকৈয়ে কেতিয়াবা বিফল হৈও ভাল লাগে বহুত। 

হয় বতৰে আমাৰ চামিত সফল হ'ব নিদিলে। বতাহ বৰষুণ নকমিল। ইফালে মোৰ আৰু অভিষেকৰ ঘুৰি অহা ফ্লাইটৰ টিকেত কৰি থোৱা আছে। সেই অনুযায়ী যেনেকেই নহওক আজি আমি উভতিবই লাগিব। আৰু ৯ টা মান বজাত আমাৰ ওভতনি যাত্ৰা আৰম্ভ হ'ল চামিত কেম্পৰ পৰাই। বৰষুণৰ মাজতেই অলপ দূৰ নামি আহি মুখামুখি হ'লোঁ এটা খৰস্ৰোতা জুৰিৰ।  যাওঁতে তাত পানী নাছিল কিন্তু এদিনৰ বৰষুণতে পানী আঠুৰ ওপৰ পালেগৈ আৰু তীব্ৰ সোঁত। আমাক গাইডে বহুত কষ্ট কৰি সেইখিনি পাৰ কৰাইছিল।পানীখিনি আছিল অসম্ভৱ চেচা। ঘৰ আহি পোৱাৰ পিছত বাতৰিত পাইছিলোঁ সেইকন ঠাইতে আমি অহাৰ পিছত তিনিজন ট্ৰেকাৰে মৃত্যুক সাৱতি লৈছিল।

সেইদিনা আহি আমি যাওঁতে পাই যোৱা প্ৰথন দিনাৰ কেম্পচাইত থাচৰুত গৈ থকাৰ টাৰ্গেত আছিল আমাৰ।  কিন্তু আমি য'ত দুপৰীয়াৰ আহাৰ খালোঁ সেইকন আছিল কুঞ্চা। কুঞ্চাৰ সৌন্দৰ্য্য আছিল অপৰূপ। সকলোৱে সেইদিনা তাতে থাকি পিছদিনা যিমান কষ্ট হ'লেও চিংগাড়(আমাৰ প্ৰথম কেম্প) পামগে বুলি মন বান্ধিলত  থাচৰুৰ সলনি কুঞ্চাতে কেম্প ঠিক হ'ল। বিনিময়ত শেষৰ আবেলিতো  এটা স্মৰনীয় আবেলি হিচাপে মনত ৰৈ গ'ল। ডাৱৰে আহি গোটেইখন আৱৰি পেলাইছিলহি। আৰু আমি কেইটাই কেম্পত সোমাই জুইৰ কাষত বহি ব্যস্ত আছিলোঁ অন্তাক্ষৰী আৰু দামচৰাজ খেলত। এটা এটা শিশুলৈ  ৰূপান্তৰিত হৈছিলোঁ আমিকেইটা। খেলৰ মাজত চলা অৰিয়া অৰি,কাজিয়া কৰি থাকোতেই কেতিয়ানো গধুলি হ'ল গমেই নাপালোঁ

পিছদিনা আহি নিৰ্মাণ্ড পাওঁতে ৰাতি হ'ল। ৬ দিনৰ পিছত গাতো ধুলো  ভাল লাগিল। ভাত খাই উঠি বহুত দেৰীলৈকে আমাৰ কথা চলিল। কথাবোৰ যিমান পাতিলেও শেষ নহয়।

পিচদিনা জাও লৈকে ট্ৰেকিং কৰি গৈ যোৱা পথেৰেই ট্ৰেভেলাৰত উভতি আহিলোঁ। সন্ধিয়া চিমলা পালোঁ। সময় আহিল বিদায় লোৱাৰ। কেনেকুৱা যে লাগে এই সময়খিনি।  চলচলীয়া চকুৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোৱে সকলোৰে পৰা আতৰি আহিলোঁ। দিল্লীলৈ বাছত, তাৰ পৰা উৰাজাহাজেৰে গুৱাহাটী পাই আকৌ বাছেৰে ঘৰ পালোহি যদিও মনটো কিন্তু বহুত দেৰীকৈহে ঘৰ পালেহি। তাতেই যেন থাকিম সদায়। 

অন্ত পৰিল এক উৎকণ্ঠাৰ। এনে অভিযানবোৰে জীৱনৰ বহু শিক্ষা দিয়ে। জীৱনটোও এক দুঃসাহসিক অভিযানেই। বাধাবোৰ অতিক্ৰমি কষ্ট কৰি লক্ষ্য বান্ধি আগুৱাই গৈ থাকিব লাগে। জীৱন জীৱন বৰ অনুপম।

ৰুবী বৰা

Post a Comment

0 Comments