Recent ticker

6/recent/ticker-posts

মৰতৰ সৰগ কেডাৰখৰক: (KEDARKHARAK)


 মৰতৰ সৰগ কেডাৰখৰক: 

কেডাৰখৰক....আস প্ৰকৃতিয়ে নিজ হাতেৰে ঢালি দিয়া সৌন্দৰ্য্যতা এয়া !গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত, গংগোত্ৰী মন্দিৰৰ পৰা দক্ষিণে দুদিনীয়া ট্ৰেকিঙৰ অন্তত ভোজখৰকৰ পিছতে পোৱা ঠাইডুখৰেই হৈছে কেডাৰখৰক। এঢলীয়া সেউজীয়া দলিছাখন ক্ৰমান্বয়ে ওপৰলৈ গৈ গৈ শিল হৈ পৰিছে। ২০০ মিটাৰ মান আগতে হালধীয়া ফুলৰ এখন বাগিছা। সেইখন দেখিয়েই মই কিবা মতলীয়া হৈ পৰিছিলো...ফুলখিনিৰ কথাকে ভাৱি ভাৱি আত্মবিভোৰ হৈ গৈ কেকোৰী এটা ঘূৰি হঠাতে যেতিয়া এইখন পৃথিৱী দেখিলো মুখেৰে আপোনা আপোনি ওলাই গ’ল ”এইখনচোন সৰগ”।

অলপ থমকি ৰৈছো। ভাৱিছো ”পাৰিমনে সেই দৃশ্যৰ বৰ্ণনা দিব? মোৰ লেখনিত প্ৰকাশ কৰিব পৰাকে সামৰ্থ্য মোৰ আছে নে?”


হালধীয়া ফুলখিনিয়ে যেন  মুখটিপি হাঁহিছিল । সিহঁতৰ এই হাঁহিখিনিতেইতো মোৰ ১৪০০০ ফুটতো হেলাৰঙে বগাই যোৱাৰ শক্তিখিনি নিহিত হৈ আছে। আৰু আছে সিহঁতক চুই চোৱাৰ তীব্ৰ বাসনা, যাৰ কাৰনে মই মাহজুৰি অপেক্ষা কৰি থাকো পাগল প্ৰেমিকৰ দৰে।মই ফটো উঠিবলৈ সাজু হোৱা দেখি আটাইমখা হালি জালি ফটোৰ বাবে এেন প'জ দিছে।সিহঁতৰপৰা বিদায় লৈ কেইখোজমান গৈ কেকোৰীটো ঘূৰিয়েই মই দেখিলো সেউজীয়া এখন বিশাল  দলিছা,মাজে মাজে সৰু সৰু নীলা/বেঙুনীয়া ফুল, মাজে মাজে দুই এটা ঘৰ সদৃশ ডাঙৰ ডাঙৰ শিল। আমি যে সৰুতে যে আঁকো প্ৰাকৃতিক দৃশ্য, এইখন তেনেকুৱাই। মই য’ত ৰৈ আছো তাৰ পৰা আৰম্ভ হোৱা সেউজীয়াখিনিৰ মাজেদিয়েই সোঁ ফালৰপৰা বৈ আহিছে অকনমানী জুৰি দুটা, দুইটাৰ মাজতে আমাৰ কাৰনে ফিক্স কৰা ৰঙা হালধীয়া টেন্ট কেইটা তথা আমাৰ কেম্পছাইট, সেউজীয়াখিনি আগলৈ গৈ ওপৰলৈ  শিলৰ এটা পাহাৰ হৈছেগৈ আৰু তাৰ সিপাৰে বৰফাবৃত থালাই সাগৰ শিখৰটো কলহৰ পৰা মাখন বাগৰি থকাৰ দৰে লাগিছিল।





বাওঁফালে কেডাৰ গংগা,তাৰ সিপাৰে  আছিল মান্দা পৰ্বতঅলপ আতৰত মূৰত বৰফ লৈ টকলা ভৃগুপন্থ শৃংগ লানি

সোঁ ফাললৈও সেউজীয়া দলিছাখন অলপ সমতলত থাকি ঠাইতে ওপৰলৈ গৈ লাহে লাহে শিল হৈ পৰিছেগৈ। ট্ৰেকিঙৰ লগতে মোৰ মাহেকীয়াও আৰম্ভ হৈছিল আৰু সেইদিনা আছিল মোৰ  দ্বিতীয় দিন। দ্বিতীয় দিনাৰ ট্ৰেকিং ভোজখৰকৰ পৰা আৰম্ভ হৈছিল পুৱা ৭ বজাত। প্ৰাতঃকৰ্ম সমাপন কৰি পুৱাৰ জলপান খাই যাত্ৰা কৰিছিলো। ঠাইখিনিৰ উচ্চতা আছিল প্ৰায় ১৪,০০০ ফুট। আৰু ভোজখৰকৰ পৰা কেডাৰখৰকলৈ এই পথছোৱা ভাৰতৰ কঠিন ট্ৰেকসমূহৰ ভিতৰত গণ্য কৰা হয়। পাৰ হৈ অহা পথছোৱা আছিল ৰক ফল(Rock Fall) এলেকা। ডাম্পাৰৰ পৰা শিল পেলালে যেনেকুৱা শব্দৰ সৃষ্টি হয় তাতোকৈও ডাঙৰ শব্দৰে শিলবোৰ বাগৰি আহি থাকে। আনহাতে খোজকঢ়া অংশ হৈছে শিল বালিৰে মিহলি গঁৰা এটা এটা। ভৰি দিবলৈ পাঁও কি নাপাওঁ মানুহজনী খহি গৈ এফুট দুফুট তল পাওঁগৈ। এনেকৈ তললৈ গৈ গৈ একেবাৰে নদীখন পাওঁগৈ, তাৰপৰা আকৌ ওপৰলৈ যাওঁ সেই শিল বালি মিহলি পথেদিয়েই।ওপৰলৈ দিওঁ যদি এখোজ তললৈ যাওঁ দুখোজ।

সৰগসদৃশ কেম্পছাইট পাই মনটো  উৎকন্ঠাৰে ভৰি পৰিছিল যদিও শৰীৰটোৱে কোনোবাখিনিত অকনমান অসুবিধা পাইছিল যাৰ বাবে কেম্প পোৱাৰ পিছৰে পৰা মই অকমান অসহজ অনুভৱ কৰিছিলো। দিনৰ ভাগত শুলে  হাই অলটিটিউডত নিজৰ শৰীৰটো খাপ খাবলৈ অসুবিধা হয়। যিমান পাৰি শৰীৰটোক ব্যস্ত কৰি ৰাখিব লাগে। মোৰ অসহজ লাগিছিল যদিও বাহিৰতে শিল এটাতে ওপৰমুৱাকৈ শুই চকু মেলি গান শুনি আছিলো,মাজে মাজে মূৰ তুলি চাৰিওফালৰ সুন্দৰতা উপভোগ কৰোঁ। বহু সময় তেনেকৈ থকাৰ পিছতো মই ভাল পোৱা নাছিলো। ইমান বেছি দুৰ্বল যেন লাগিছিল আৰু কি যে লাগিছিল গাটো মই নিজেই বুজি পোৱা নাছিলো। উপেন ছাৰে অলপ ফুৰিবলৈ লগ ধৰিলে। আমি ছোৱালী তিনিজনী ছাৰৰ লগত ওলালো। জুৰিটোৰ পাৰে পাৰে ওপৰলৈ গৈ ডাঙৰ শিল এটাত অলপ বহিলো। মই ক’লো আমি অলপ যোগাসন কৰোঁ। উপেন ছাৰৰ যোগাসন কৰাৰ বহুদিনীয়া অভিজ্ঞতা আছে। শিলটো যথেষ্ট ডাঙৰ আছিল।তাৰ ওপৰতে ছাৰৰ মুখামুখিকৈ আমি তিনিজনী বহিলো। শ্বাস প্ৰশ্বাসৰ বাবে কৰা কেইটামান অনুশীলন ছাৰে কৰি যোৱাৰ দৰে আমি কৰি গ’লো।

সৰুতে বহীত অকা কল্পনাৰ প্ৰাকৃতিক দৃশ্যৰ হুবহু ছৱিখনৰ মাজত বহি যোগাসন কৰি উঠি মনটো কিবা এটা প্ৰশান্তিৰে ভৰি পৰিছিল। শৰীৰৰ বেয়া লগাবোৰো আতৰি গৈছিল। আমাতকৈ আগতেই গৈ অলপ দূৰত শিল এটাত বহি থকা ধ্ৰুৱই আমি গম নোপোৱাকৈ আমাৰ যোগাসন কৰা দৃশ্য কেমেৰাত ধৰি ৰাখিছিল। কথাবোৰ ভাৱিলে কথাবোৰ সপোনতে ঘটা যেনেই লাগেছোন কিবা।শিৱৰ আন এটা নাম কেডাৰ আৰু কেডাৰখৰকৰ অৰ্থ হৈছে শিৱৰ ঠাই.....এৰা এনেকুৱা ঠাইতে মহাদেৱ নাথাকি থাকিবনো ক’ত !

ৰুবী বৰা



Post a Comment

0 Comments