হিমবাহ, গিৰিখাদ আৰু অকস্মাৎ পিছল খাই ওলোটা খৰঃ
প্ৰকৃতিৰ অপৰূপ
সৃষ্টিৰাজিৰ এক অনবদ্য অৱদান ‘হিমবাহ’।শুনিয়েই ৰোমাঞ্চিত হৈ পৰা
এটি শব্দ। পৃথিৱীৰ ওখ শীতল ঠাইবোৰক আৱৰি ৰখা বৰফবোৰ বছৰ বছৰ ধৰি তৰপে তৰপে জমা
হৈ ভূ পৃষ্ঠৰ ঢাল অনুসৰি লাহে লাহে তললৈ নামি
আহে। এই প্ৰবাহিত বৰফকে হিমবাহ বা গ্লেচিয়াৰ বুলি আমি কওঁ। নদীবোৰৰ দৰে এই হিমবাহ বোৰেও খনন, পৰিবহন
আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে।
ছিকিম
হিমালয়ৰ সাগৰ পৃষ্ঠৰ ৰ পৰা ৪,৬০০ মিটাৰ উচ্চটাত ৰাথং হিমবাহ হ’ল ভাৰতৰ উল্লেখ্যযোগ্য হিমবাহ
সমূহৰ ভিতৰত এটা। তাতেই কটোৱাৰ সৌভাগ্য ঘটিছিল আমাৰ জীৱনৰ কেইটামান বহুমূলীয়া দিন।
হিমালয়া মাউন্টেনিয়াৰিং
ইনষ্টিটিউটৰ অন্তৰ্গত বেচিক
মাউণ্টানিয়াৰি ক’ৰ্চত
ভাগ লোৱাৰ ফল হিচাপে হিমালয়া মাউণ্টেনিয়াৰিং ইনষ্টিটিউট , দাৰ্জিলিঙত এসপ্তাহ
ৰক ক্লাইম্বিং, ট্ৰেকিং, পৰ্বতাৰোহনৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ ওপৰত হোৱা শ্ৰেণী সমূহকে আদি
কৰি প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰশিক্ষণখিনি সম্পূৰ্ণ কৰিছিলোঁ। তাৰ পিছত আমাক লৈ
যোৱা হৈছিল ছিকিমৰ প্ৰথম ৰাজধানী য়কচুমলৈ।
মনোৰম প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ য়কচুম কেম্পত এৰাতি কটাই তাৰপৰা
ট্ৰেকিং কৰি চ'কা কেম্প পাইছিলোঁগৈ।চ’কাত
এদিন এক্লিমেটাইজেচনৰ বাবে থাকি আকৌ পিছদিনা গৈ পাইছিলোগৈ জংৰী কেম্প।জংৰীৰ পৰা
এদিনৰ দীঘলীয়া ট্ৰেকিংৰ অন্তত অৱশেষত আমাৰ বেচ কেম্প চৌৰিখাং(১৪,৬০০
ফুট)তথা আমাৰ স্থায়ী ঘৰখন পাইছিলোগৈ।
বেচ
কেম্পত আমাৰ সকলো সা সুবিধা উপলব্ধ আছিল। ল’ৰা আৰু ছোৱালীৰ বেলেগ বেলেগ ঘৰ
,পাকঘৰ, ছাৰসকলৰ বাবে বেলেগে কোঠা, আৰু ডাক্তৰৰ সৈতে এটা ২৪ x৭ এলাৰ্ট থকা মেডিকেল ইউনিট। খোৱা বোৱাৰ বাবে
ডাইনিং হল আছে যদিও আমি মুকলিতেই খাওঁ অৱশ্যে পাকঘৰৰ সন্মুখতে। ব আজৰি সময়
বুলিবলৈতো নাথাকেই। পুৱা ৬ টাত চাহ, ৭ টাত ভাত আৰু সঠিক সাজ
পোছাক পৰিধান কৰি প্ৰয়োজনীয় সকলো সা সৰঞ্জাম বেগত ভৰাই ৭.৩০ ত ফল ইনত শাৰী পাতি ১০ মিনিটৰ ভিতৰত গ্লেচিয়াৰ আভিমুখে ৰাওনা হব
লাগে। ইফালে তাপ্মান শূণ্যৰ তলত কেতিয়াবা ১৫ ডিগ্ৰী পৰ্যন্ত পায়গৈ। শ্লিপিং বেগটোৰ
পৰা নিজকে উলিয়াই বৰফ হৈ থকা পানী গলাই মুখ খন ধুই
দৌৰা দৌৰীকৈ সাজু হোৱাটো যে কিমান এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। মাজত দুঠাইত
৫ মিনিটকৈ জিৰনি লৈ প্ৰায় ২/২.৫ ঘন্টা মান ট্ৰেকিং কৰি গৈ গ্লেচিয়াৰ
পাওগৈ।তাতে বেগ খুলি হাৰনেচ, হেলমেট,স্ন’বুট, ক্ৰেম্পন
আদি দৰকাৰী তথা চেফটি ইকুইপমেন্টচবোৰ পৰিধান কৰি হাতত আইচ এক্স, ৰ’প
আদি লৈ আৰম্ভ হয় বৰফত খজকঢ়া।ৰাথং হিমবাহত ‘খচক খচক’ শব্দ কৰি ক্ৰেম্পনৰ জুঙা অংশৰে বৰফত খুচি
খুচি খুপনি লৈ অলপ দুৰ ট্ৰেকিং কৰি যোৱাৰ পিছত আইচ ৱালত আমাৰ প্ৰশিক্ষণ আৰম্ভ হয়।
আমাৰ প্ৰশিক্ষণ ডিচেম্বৰ মাহত আছিল। ফলত বৰফৰ একেবাৰে কঠিন পৰ্যায়ৰ লগত আমি
মোকাবিলা কৰিব লগা হৈছিল।
উত্তৰা দক্ষিনাকৈ এই
গ্লেচিয়াৰৰ দৈৰ্ঘ্য প্ৰা্য ৫.১২ কি.মি.।আইচ ৱাল ক্লাইম্বিংৰ প্ৰায় ১০ টা মান পদ্ধতি আমি তাত
শিকিছিলোঁ। ৰাথং হিমবাহৰ পৰাই বৈ আহিছে ৰাথং নদী। আমি য’ত
প্ৰশিক্ষণ লৈছিলো তাৰ ঠিক তলেদিয়েই বৈ গৈছে নদীখন। ঠাণ্ডা বতাহ অহৰহ বৈ থাকে।
ৱিণ্ড ছেটবোৰ পিন্ধি থাকো বুলিহে ঠাণ্ডাৰ পৰা বাচি থাকোঁ। হাতত গ্ল’ভচ
নাথাকিবলে হ’লে ফ্ৰজ বাইট হোৱাৰ আশংকা থাকে। গ্লেচিয়াৰৰ
মাজে মাজে শব্দ কৰি থকা ক্ৰেভাচ অৰ্থাৎ গিৰিখাদবোৰ। গ্লেচিয়াৰৰ গতিৰ ফলত এই শব্দবোৰ হয়। কেতিয়াবা দুৰ্ঘটনা ঘটি এই ক্ৰেভাছত কোনো পৰ্বতাৰোহী পৰি গ’লে দলৰ বাকী সকলে কেনেকৈ তেওঁক উদ্ধাৰ কৰিব লাগিব আৰু পৰি যোৱা জনে কেনেকৈ
সহযোগ কৰিব লাগিব তাৰো অনুশীলন আমি কৰিছিলো। আকৌ বৰফত পিছলি তললৈ বাগৰি গ’লে
কিদৰে আইচ এক্সৰ সহায়ত ’চেল্ফ এৰেষ্ট’ কৰি নিজকে পৰি যোৱাৰ পৰা ৰক্ষা কৰিব
লাগে তাৰো প্ৰশিক্ষণ আমি লৈছিলো। খুৱ ভাল লাগে বিষয়বোৰ শিকি। তাত সুকলমে সকলোবোৰ
সম্পূৰ্ন কৰিবলৈ মানসিক শক্তি আৰু ইচ্ছা শক্তিৰ লগতে প্ৰয়োজন হোৱা প্ৰধান দিশটো হ’ল শাৰীৰিক উপযুক্ততা । আইচ ৱাল ক্লাইম্বিংৰ সময়ত হাত ভৰিবোৰত
প্ৰচুৰ শক্তিৰ প্ৰয়োজন হয়।
গ্লেচিয়াৰৰ পৰা উঠি আহি
আকৌ আগৰ জোটা পিন্ধি বাকীবোৰ বেগত ভৰাই আজৰি হোৱালৈকে আমাৰ চাহ সাজু হৈ থাকে। চাহ বিস্কুট খাইয়ে আৰম্ভ হয় বেচকেম্পলৈ উভতনী
যাত্ৰা। আহি
কেম্প পাইয়ে আহাৰ গ্ৰহন কৰি ইফাল সিফাল কৰোঁ মানে ক্লাছৰ সময় হয়।মুকলি আকাশৰ তলত
শুভ্ৰশিৰৰ পৰ্বতমালাই আগুৰি থকা বেচকেম্পৰ সন্মুখৰ বহল
ঠাইত হোৱা শ্ৰেণীবোৰৰ নোট লিখাৰ মজাই আছিল সুকীয়া।
এইদৰেই চলিছিল দীৰ্ঘদিনিয়া উৎকণ্ঠাৰে ভৰপূৰ গ্লেচিয়াৰ ট্ৰেইনিং। আমাৰ প্ৰশিক্ষনৰ কেইদিন বতৰ খুৱ ধুনীয়া আছিল। ওপৰত নীলা আকাশ আৰু তলৰ বগা গ্লেচিয়াৰৰ দলিছাত আমাৰ মাজৰ পৰা ভাহিঁ অহা ‘ আই এম ক্লাইম্বিং, অ’কে ক্লাইম্ব অন,‘ জাতীয় শব্দ বোৰ ভাঁহি ফুৰিছিল। লগতে কোনোবাই যদি ক্লাইম্বিং কৰি ভাগৰা যেন লাগিছে তেওক উৎসাহ দিবলৈ তলৰ পৰা ছাৰ সকলৰ ’ গ’ গ’....থ’ৰা হি বাকি হে...ইউ কেন দো ইট’ ৰ দৰে সাহসৰ মাতষাৰ আছিল সঞ্জীৱনী শক্তিৰ দৰে। প্ৰশিক্ষণৰ অন্তিম দিনা গ্লেচিয়াৰৰ পৰা ঘুৰি আহোঁতে নতুনকৈ পাতি লোৱা ঘৰখন এৰি অহাৰ দুখত সকলোৰে মনবোৰ গধুৰ হৈ পৰিছিল, । পাৰোঁমানে ম’বাইলত ফটো ভিডিঅ’ তুলিছিলো। গ্লেচিয়াৰৰ ফটো তুলিবৰ বাবেই শূণ্যতকৈও কম ডিগ্ৰীত কটোৱা বেচকেম্পৰ ৰাতিবোৰত মোবাইল আৰু পাৱাৰ বেংক মোজাৰে মেৰিয়াই শ্লিপিং বেগৰ ভিতৰত ভৰাই শুইছিলো যাতে বেটাৰী বাচি থাকে।
১৪,৬০০ ফুট উচ্চতাৰ
ওপৰত হিমালয়ৰ বুকুত কটোৱা এই ১৪টা দিন আছিল
সম্পূৰ্ণৰূপে এখন বেলেগ পৃথিৱী, যিখন
পৃথিৱী সদাব্যস্ত জীৱনৰ হাই উৰুমি বোৰে ঢুকি পাব
নোৱাৰিছিল। নাছিল বাহিৰা জগতৰে কোনো সম্পৰ্ক।
কাহানিও মচিব নোৱাৰা এক
সপোন সপোন লগা অভিজ্ঞতা।
মাজে মাজে ৰ'প ফিক্স কৰি তাত ধৰি ধৰি সাৱধানে থিয়, পিছল, বিপদসংকূল অংশবোৰ পাৰ হওঁ। হিমবাহবোৰ বিৰাত আচৰিত। ৰাতিপুৱা দুপৰীয়া আবেলি বেলেগ বেলেগ ৰূপ। ৰাতিপুৱা শান্ত শিষ্ট হৈ থাকে। বেলিটো ওপৰলৈ আহি থকা লগে লগে ঠায়ে ঠায়ে বৰফবোৰ গলি পানী বৈ থাকে। ডাঙৰ গিৰিখাদবোৰৰ তলতো প্ৰচণ্ড শব্দ কৰি পানীবোৰ বৈ থাকে। এই শব্দটো গিৰিখাদৰ দুকাষৰ বেৰাত ঠেকা খাই প্ৰতিধ্বনি হৈহে ডাঙৰ হৈ পৰে। কোনোবাখিনিত বৰফবোৰ এটা ডাঙৰ এলেকা সামৰি তললৈ খহি গুছি আহে। আমি যেতিয়া চামিত কৰি দুদিনৰ পিছত উভতি আহিছিলো আমি দেখি যোৱা হিমবাহটো সম্পূৰ্ণ বেলেগ হৈ পৰিছিল। ৰোট মাৰ্কাৰবোৰো ঠায়ে ঠায়ে বৰফ গলি যোৱা বাবে পৰি পৰি গৈছিল যাৰ বাবে আমাৰ ভালেখিনি আহুকালৰো সৃষ্টি হৈছিল। হিমবাহটো শেষ হ'বলৈ বেছি দূৰ নাছিল, ফিক্স ৰ'পত ধৰি ধৰি গৈ আছিলো,এনে এঠাই পাইছিলোগৈ য’ত তললৈ ভৰিখন দি নামি যাব লাগে। এফালে স্নবুট যোৰ সুমুৱাই লোৱাৰ পিছত ভৰি খন বেকা বেকি কৰাই এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে, তাতে আকৌ আঠুটো বেকা কৰি যাবলগা হৈছে, আনফালে তললৈ হাওঁলি দিলে মূৰলৈ আহি পোৱা সংসাৰ খন কঢ়িয়াই নিয়া পিঠিৰ বেগটো। সেইবোৰলৈ ধ্যান দি থাকোতে কেতিয়ানো মোৰ দুটা ভৰি চাপ ক্ৰেম্পন দুযোৰ জপতিয়াই ধৰি হঠাতে পিছলি পৰি গ’লো তলকিবই নোৱাৰিলো।তৎক্ষনাতে বৰফত চাৰিলুটিমান খাই বাগৰি বহুখিনি তল পালোগৈ ।নিজক সষ্টম কৰি এখন হাতেৰে ৰ'প দাল জোৰেৰে ধৰি আছিলো আৰু আনখন হাতত থকা আইচ এক্স ডালেৰে বৰফত জোৰেৰে খুচি খুচি চেল্ফ এৰেষ্ট কৰি নিজক এঠাইত ৰখাবলৈ সক্ষম হ'লো। তাতে অলপ সময় পৰি থাকি দিঘল দীঘলকৈ উশাহ দুটামান টানি আকৌ খচক খচক কৰি লাহে লাহে ওপৰলৈ আহি আগলৈ খোজ আৰম্ভ কৰিছিলো।
পৰ্বতাৰোহনৰ প্ৰথম
মন কৰিবলগা কথাটোৱেই হ'ল চেফটি
তথা সাৱধানতা, ৰ’পদাল ফিক্স কৰা আছিল বুলিহে
মই সিমানখিনিতে বাচিলো নহ’লেযে ক’ত পালোগেহেঁতেন ঠিক নাই। পৰি উঠি মোৰ কিবা
এটা ভাল লাগিছিল। কাৰন জীৱন যাত্ৰাত পৰি যোৱা ডাঙৰ কথা নহয় পৰাৰ পৰা নিজক উঠাই আনি
আগলৈ গতি কৰাতোহে আচল কথা।গ্লোভ্ছ যোৰ ফাটি হাতত বৰফে
বৰ বেয়াকৈ
কাটিছিল। হাতত
লৈ ফুৰিছো সেই বৰফে দিয়া মৰমৰ উপহাৰ !
ৰুবী বৰা
0 Comments