মাউন্ট থালাই সাগৰৰ প্ৰতিবিম্বৰে চহকী,গোপন সৌন্দৰ্য্যৰে ভঁৰালঃ কেডাৰতাল
উত্তৰাখণ্ডৰ গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত, গাড়োৱাল হিমালয়ৰ বুকুত ১৬,০০০ ফুট উচ্চতাত অৱস্থিত সেউজীয়া পানীৰ দীঘলে প্ৰায় ডেৰ/দুই কি.মি. বহলে প্ৰায় এক কি.মি. , হিমবাহৰ পৰা উৎপত্তি হোৱা মনোৰম সৌন্দৰ্য্যৰে ভৰপূৰ এটি হ্ৰদেই হৈছে কেডাৰতাল।
জ’গিন শৃংগ লানী, থালাইসাগৰ শৃংগ, মাউন্ট ভৃগুপন্থ, মেৰু শৃংগকে ধৰি কেইবাটাও দুৰ্গম শিখৰ অভিযানৰ পৃষ্ঠ শিবিৰ হিচাপে এই
কেডাৰতালতে বাহৰ পাতেগৈ পৰ্বতে হাতবাউলী থকা পৰ্বতাৰোহী সকলে।
প্ৰসিদ্ধ
গংগোত্ৰী ধামৰ পৰা এদিন ট্ৰেকিং কৰি গৈ ভোজখৰক কেম্প, দ্বিতীয়দিনা গৈ কেডাৰখৰক কেম্প আৰু তৃতীয়দিনা গৈ কেডাৰতাল পাবগৈ পাৰি।
অসম পৰ্বতাৰোহন
সন্থাৰ উদ্যোগত আয়োজিত মাউন্ট জ’গিন অভিযানৰ
কাৰ্য্যসূচীভাগো তেনেকৈয়ে আগবাঢ়িছিল যাৰ এটি সৰু অংশ হিচাপে মোৰো যোৱাৰ সৌভাগ্য হৈছিল।
গংগোত্ৰীৰ পৰা
আৰম্ভ হোৱা আমাৰ পদযাত্ৰাৰ তৃতীয় দিনা গৈ আমি কেডাৰতালত উপস্থিত হৈছিলোগৈ।
দ্বিতীয় ৰাতি কেডাৰখৰকত কটাই পিছদিনা পুৱা ৭ বজাত আমি কেডাৰতাল আভিমুখে যাত্ৰা
আৰম্ভ কৰিছিলো। কেডাৰখৰকৰ সেউজীয়া ঘাঁহৰ দলিছাখন লাহে
লাহে শেষ হৈ পথছোৱা মেৰাইন তথা সৰু ডাঙৰ শিলেৰে আৰম্ভ হৈছিল। শিলৰ মাজেদিয়েই লাহে
লাহে থিয় পথেৰে ইটোৰ পিছত
সিটোকৈ পাহাৰ পাৰ কৰি কৰি উচ্চতালৈ উঠি গৈ গৈ
প্ৰায় চাৰি ঘন্টাৰ মূৰত ওখ ঠাই এডুখৰৰ পৰা
দেখিছিলো সেউজীয়া, দীঘলীয়া এটা
পুখুৰীসদৃশ পানীৰ উৎস। অভিযানলৈ যোৱাৰ
আগৰপৰাই এই হ্ৰদটোৰ বহুতো ফটো ইন্টাৰনেটৰ পৰা ডাউনলোড কৰি কৰি চাইছিলো। সেয়ে ওখ
ঠাইকনৰ পৰা প্ৰথমবাৰ চকু
পৰোঁতেই চিনি পাইছিলো যে এয়াই হৈছে
ট্ৰেকাৰ(Trekker)সকলৰ সপোনৰ, হেপাহৰ তথা শিৱৰ
অপূৰ্ব সষ্টি কিংবদন্তি কেডাৰতাল। ১৫০০০ ফুট উচ্চতাত প্ৰায় ৭০ মি. মান একেবাৰে থিয় পথছোৱা ফোপাই
জোপাই উঠি মুৰ দাঙি চাৰিওফালৰ আৱেদনময়ী পাহাৰবোৰৰ কোলাত নিজকে আৱিষ্কাৰ কৰি লাহেকৈ
তললৈ চাওঁতেই যেতিয়া দেখিছিলো অপেক্ষাকৃত পানীখিনি, আনন্দতে চিঞৰি দিছিলো। লগতে
পিছত আহি থকা দলৰ বাকী সকলকো চিঞৰি চিঞৰি জনাইছিলো ”কেডাৰতাল দেখিলো” বুলি।
সাগৰ ৰাজবংশৰ ৰজা ভগীৰথে ৰাজ্যৰ শাষন ভাৰ লৈয়ে গম পালে যে তেওঁৰ ১০,০০০ জন পূৰ্বপুৰুষ কপিল মুনিৰ অভিশাপত ছাই হৈ আছে। সেই অভিশাপগ্ৰস্ত পূৰ্বপূৰুষসকলক মুক্ত কৰাৰ উদ্দেশ্য আগত লৈ গভীৰ বনত কৰা কঠোৰ তপস্যাত
তুষ্ট হৈ ব্ৰহ্মা আৰু বিষ্ণু তেওঁৰ কাষ
পাইছিলহি। ভগীৰথ ৰজাই মনৰ সকলো কথা ব্যক্ত কৰি কোৱাত তেওঁলোকে বুজিলে যে তেওঁক গংগাই হে সহায় কৰিব পাৰিব। সেয়ে ভগীৰথক তেওঁলোকে গংগাক স্মৰণ কৰিবলৈ
ক’লে।
তপস্যাত সন্তুষ্ট হৈ গংগা যেতিয়া ৰজাৰ কাষলৈ আহিল , সকলো কথা শুনি
পৃথিৱীলৈ নামি অহাত মান্তি হ’ল যদিও তেওঁৰ প্ৰচণ্ড সোঁতত ধৰাত প্ৰলয়ৰ সৃষ্টি হোৱাৰ আশংকা কৰিলে।তেতিয়া ৰজা মহাদেৱৰ কাষলৈ গ’ল আৰু
সহায় বিচাৰিলে। মহাদেৱে সমস্ত বিষয়টো বুজি নিজৰ জঁটাত গংগাক
স্থিতি ল’বলৈ আজ্ঞা দিলে আৰু তাৰপৰাই
তেওঁৰ পৰিচালনাত ধীৰ গতিৰে গংগাক পৃথিৱীলৈ বোৱাই আনি গংগোত্ৰীত অৱস্থান
কৰি সাগৰ বংশৰ
পূৰ্বপুৰুষসকলক মুক্তি কৰি দিলে আৰু তাৰ পৰাই ভাগিৰথী নাম লৈ আগবাঢ়িল। দেৱপ্ৰয়াগত ভাগীৰথী আৰু অলকানন্দা লগ লাগি গংগা নাম লৈছে।
গংগাৰ মূল উৎস
ভাগিৰথী নদীলৈ মহাদেৱে আগবঢ়োৱা উপহাৰ হৈছে কেডাৰ গংগা নদী আৰু আৰু এই কেডাৰ গংগা
বৈ আহিবলৈকে তেওঁ সৃষ্টি কৰিছিল এই কেডাৰতাল…তাল মানে হ্ৰদ, সেয়ে ইয়াৰ আনটো নাম হৈছে 'শিৱৰ হ্ৰদ'।
পাহাৰক ভাল পোৱা মানুহবোৰক পাহাৰেও ভাল পাই সেয়ে সকলোৰে
সুবিধা হোৱাকৈ কিছুমান আয়োজন পাহাৰৰো থাকে। আমি যি ঠাইৰ পৰা কেডাৰতাল দেখিছিলো তাৰ
পৰা আমাৰ কেম্পচাইট দেখা পোৱা নাযায়। হ্ৰদটো যথেষ্ট দীঘল , সেয়ে তাৰ আৰম্ভনী কেম্প
পোৱাৰ বহু আগতেই। সেইখিনি ঠাইৰ পৰা আৰু কেইবাটাও ওখ চাপৰ অংশ পাৰ হোৱাৰ পিছত
ৰঙা হালধীয়া টেন্ট কেইটা দেখিছিলো।
কেম্পছাইটৰ বাবে ঠাইডুখৰৰ অৱষ্ঠানেই সুকীয়া। আমি যি ফালৰ পৰা আহিছো সেইটো আছিল
উত্তৰ দিশ, সেইফালকে ধৰি চাৰিওফালে ওখ গড়া। উত্তৰ পূৱৰ পৰা দক্ষিনলৈকে মান্দা শিখৰ
লানি,মাউন্ট মেৰু , ভৃগুপন্থ, আৰু দেখা পোৱা
একেবাৰে শেষলৈ থালাই সাগৰ শৃংগ। ২২,৬৫১ ফুটৰ এই থালাই সাগৰ শৃংগৰ
সৌন্দৰ্য্য নিজ চকুৰে নেদেখিলে বৰ্ণনা কৰিবলৈ টান। যেন শংকু এটাৰ ওপৰত মাখন ঢালি
কোনোবাই তাত বহাই হে থৈছে। যিমান বাৰেই চোৱা যায় প্ৰতিবাৰতেই তাৰ ৰূপ ভিন ভিন ৰূপত
চকুত পৰে। কোনো বাৰত যদি ওপৰৰ নীলা আকাশখনত গৈ জুংটো লাগি আছে যেন লাগে,
কোনোবাবাৰত আকৌ বতাহত লাহে লাহে তাৰ গাৰ পৰা উৰি থকা বৰফবোৰৰ খেলা দেখি মন ভৰি
পৰে।পৰ্বতাৰোহীৰ দৃষ্টিৰে যিমান বাৰেই চোৱা যায় প্ৰতিবাৰেই তালৈ যোৱাৰ ৰাস্তা
হিচাপে তাৰ বুকুৰ থিয় খলাবমা পথবোৰে যেন হাতবাউলী মাতে। অত্যন্ত কঠিন তথা
বিপিদসংকূল শিখৰটিৰ এই আকুল আহ্বানকে সঁহাৰি জনাবলৈ গৈ কত আৰহীয়ে যে মৃত্যুক
সাৱতিছে। এবাৰ দক্ষিন কোৰিয়াৰ পৰা অহা ১০
জনীয়া এটা দলৰ এজনো আৰোহী পুনৰবাৰ নিজৰ দেশ ঘুৰি পাবগৈ নোৱাৰিলে।
সেই থালাই সাগৰৰ প্ৰতিবিম্বৰে চহকী হৈ থাকে কেডাৰতাল। ৰাতিপুৱা
উঠিয়েই যেন থালাই সাগৰে কেডাৰতালকে বিচাৰে, আৰু কেডাৰতালো যেন থালাই সাগৰৰ অৱিহনে
সকলো মিছা।
কিটচেন টেন্টকে, দুটা কিটচেন ষ্টাফৰ টেন্ট,মানস ছাৰ আৰু
উপেন ছাৰৰ দুটা এজনীয়া টেন্ট, এটা ৪ জনীয়া টেন্ট য’ত আমি ছোৱালী তিনিজনী আছিলো আৰু
দলৰ বাকীসকলৰ ডাঙৰ টেন্টটোকে ধৰি মুঠ ৭ টা টেন্টেৰে কেডাৰতালত আমাৰ অস্থায়ী ঘৰখন
পাতি লৈছিলো।
তাত গৈ পোৱাৰ পিছদিনা আমাৰ জিৰণি আছিল।ৰাতিপুৱা বেলিটো ওলাই
অহাৰ পিছতে আমাৰ অভিযানৰ বাবে প্ৰয়োজনীয় সা সজুলীবোৰ ঠিক ঠাক কৰি ভাগে ভাগে ভগাই
লৈ টেন্ট কেইটাৰ মাজতে ডাঙৰ পানীকাপোৰ এখন পাৰি ওপৰমুৱাকৈ বহু সময় শুই আছিলো।
কিমান যে ভাল লাগিছিল। পিছদিনা এড্ভান্স বেচ কেম্পলৈ ল’ড ফেৰী কৰি আকৌ বেচ কেম্পলৈ
ঘুৰি আহিছিলো। পিছদিনা এড্ভান্স কেম্পলৈ যাত্ৰাৰ কথা আছিল যদিও বৰষুনৰ বাবে আমি ৰৈ দিব লগা হৈছিল।
দুদিন বৰষুণৰ বাবে কেম্পতে থকাৰ পিছত তৃতীয় দিনা পুৱা বৰষুন নাছিল। সকলোৱে ৰ’দলৈ আপেক্ষা কৰি
নিজৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰটো পাতি লোৱাৰ দৰে নিজৰ গণনাত লাগি গৈছিলো। পুৱাৰ
জলপান গ্ৰহন কৰি সকলো ইফাল সিফালে পিনপিনাই থাকোতেই আমাৰ কিটচেন টেন্টৰ কাষতে আগমন
ঘটিল জুঙা জুঙা শিংৰ দুটা ছাগলী সদৃশ প্ৰানী। ছাগলীৰ দৰে হ’লেও ছাল, ভৰি, শিং
ইত্যাদিবোৰত পাৰ্থক্য আছিল। আমাৰ ৰান্ধনী এজনে ডাঙৰ শিল এটাৰ ওপৰত নিমখ অলপ দি থৈ
আহিল। আমিও টেন্টৰ ভিতৰ পৰা মোবাইল কেমেৰাবোৰ উলিয়াই ফটো তুলিবলৈ চাওঁতেই দেখিলো
আইবেক্স দুটা নাই। দুই মিনিট মান পিছতে দেখিলো এটা পিছৰ এটাকৈ প্ৰায় পোন্ধৰ বিশটামান
আইবেক্সৰ এটা দল শাৰীপাতি আহি আছে আমাৰ কেম্পৰ ফালে..লানি নিছিগাকৈ এটাৰ পিছত
এটাকৈ আহি আহি নিমখ দি থোৱা শিলটোত সিঁহতে পূৰা হামলা দিলেহি। আমিও কেমেৰা
মোবাইলবোৰ সাজু কৰি ল’লো। প্ৰথম অৱস্থাত আমি একদম মনে মনে চুপ লৈ লৈ ফটো ভিডিঅ’
কৰিছিলো কাৰন অকমান শব্দ হলেই সিঁহত আতৰি গৈছিল। কিন্তু পিছলৈ আমাক পাট্টাই নিদিয়া
হ’ল। পাৰিলে হাততে যেন নিমখ খাবহি। পিছলৈ দলটো ইমানেই ডাঙৰ হ’ল যে আমি হিচাপ কৰা
বাদ দিলো। কেম্পছাইটটোত সিঁহতে পিটপিটোৱা আৰম্ভ কৰিলে। সিহঁতৰ আলেখ লেখ, গতি বিধি
চাই চাই দিনটো কেনেকে পাৰ হ’ল আমি গমেই নাপালো।
কেম্প ছাইটৰ পশ্চিম ফালে কেডাৰতালৰ ওখ পাৰ তাৰ সিটোপাৰে ওখ
ওখ টকলা পাহাৰ। পুৱা বেলিৰ পোহৰ প্ৰথমে সেই পাহাৰ কেইটাত পৰে। বগা বৰফবোৰ হীৰা হৈ
পৰে। লাহে লাহে তলৰ ছাঁ খিনি তললৈ আহি আহি কেডাৰতালত পৰাৰ সমান্তৰালকে আমাৰ গাটো
পৰেহি আৰু ঠাণ্ডাত কপি কপি ”হা বেলি হা বেলি ” বুলি মুখ মেলি ৰ’দলৈ বাট চাই থকা আমি
বোৰৰ গালৈও বেলিয়ে লৈ আহে সঞ্জীৱনী শক্তি, ব্যস্ত হওঁ নিজৰ কামত। কেডাৰতালৰ পাৰতেই
আছিল শিলেৰে বনাই লোৱা অকনমানী এটি মন্দিৰ,
হিমালয়ৰ গৰাকীক আমি তাতেই স্মৰণ কৰো পুৱা গধুলী । কেম্পৰ আশে পাশে
ডাঙৰ ডাঙৰ শিলবোৰ এনেকৈ আছে যে মন গ’লে অৱস্থান মিলাই দিনটো তাত শুই শুই ওপৰৰ নীলা আকাশ, ইকাটি সিকাটি কৰিলেই মন ভৰি
যোৱা শিখৰ, ৰাতিৰ জোন আৰু জোনৰ পোহৰত জিলিকি থকা যাদুকৰী দৃশ্য উপভোগ কৰিব পাৰি।
প্ৰকৃতিৰ প্ৰতিটো সৃষ্টিয়েই এনেকৈ নিজৰ নিজৰ সৌন্দৰ্য্যৰে চমক সৃষ্টি কৰি, নিজৰ
মাজতেই মগন হৈ থাকে যিবোৰৰ খুৱ কম দৃশ্যৰহে আমি সাক্ষী হ’ব পাৰো নহয়নে!
![]() |
0 Comments