Recent ticker

6/recent/ticker-posts

উত্তৰাখণ্ডৰ ৰাজ্যিক ফুল ব্ৰহ্মকমল, Brahmakamal; The State Flower of Uttarakhand

পুষ্পৰাজ ব্ৰহ্মকমল হৈছে দেৱভূমি উত্তৰাখণ্ডৰ ৰাজ্যিক ফুল। জনস্ৰুতি অনুসৰি মহাদেৱে যেতিয়া খঙত একো নাই হৈ গনেশৰ মুণ্ড ছেদ কৰিছিল তেতিয়া পাৰ্বতী দেৱী কান্দি কান্দি ব্ৰহ্মাৰ ওচৰলৈ গৈছিল আৰু ব্ৰহ্মাই এইবিধ কমলৰ সৃষ্টি কৰি তাৰ সহায়ত গনেশৰ শৰীৰৰ ওপৰৰ অংশত হাতীৰ ডিঙি প্ৰতিষ্ঠা কৰিছিল। দেৱতা সকলৰ অতিকে প্ৰিয় এই ফুলবিধ হিমালয়ৰ বুকুত ৩০০০ মিটাৰৰ পৰা ৫০০০ মিটাৰ উচ্চতাত ফুলি অপৰূপ ৰূপেৰে জাতিষ্কাৰ হৈ থাকে। ৰাতি ফুলা এই ব্ৰহ্মকমলৰ গোন্ধও অতুলনীয়।ফুলাৰ পিছৰেপৰা মিহি মিহিকৈ গোটেই অঞ্চলজুৰি বিয়পি থাকে ইয়াৰ সুগন্ধি। পাহাৰৰ বুকুত সেউজীয়া দীঘল দীঘল পাতৰ ওপৰত পাতল মাখন ৰঙৰ ওপৰলৈ জুঙা হৈ যোৱা গছে প্ৰতি এপাহকৈ ফুলা প্ৰকৃতিৰ ফুলনিখনত যেতিয়া এই ফুলবিধ ফুলে ৰ’দৰ পোহৰত দূৰৰ পৰা প্ৰতিপাহ ফুলকে বিদ্যুৎ সংযোগ কৰি জ্বলাই থোৱা একো একোটা বাল্বৰ দৰে লাগে, যেন সেউজীয়া বননিত কোনোবাই লাইনপাতি বাল্ববোৰ সজাইহে থৈছে। আধ্যাত্মিক দিশত এই ফুলৰ মান্যতা উত্তৰাখণ্ডত বহুত বেছি। গাড়োৱাল আৰু কুমাওঁৰ বাসিন্দাসকলৰ আৰাধ্যা দেৱী নন্দা দেৱীৰো এইবিধ প্ৰিয় পুষ্প আছিল বুলি বিশ্বাস কৰে । সেয়েহে নন্দা অষ্টমীৰ দিনা নিৰ্দিষ্ট বিধি বিধান অনুসৰিহে ৰৃতুৰ প্ৰথমপাহ ফুল ছিঙা হয়। এই ফুল চিঙা বিষয়টোৰ লগতে মইও জীৱনৰ এক ৰসাল অভিজ্ঞতাৰ জড়িত হৈ আছে। ২০১৬ চনত মই চামলি জিলাৰ ফুলৰ উপত্যকাত(valley of flower)ট্ৰেকিং কৰিবলৈ গৈছিলো। পৃথিৱীৰ সৰ্বোচ্চ উচ্চতাত অৱস্থিত হেমকুণ্ড চাহিৱ গুৰুদ্বাৰলৈও আমি গৈছিলো য’ত ব্ৰহ্মকমল প্ৰচুৰ পৰিমানে দেখিবলৈ পোৱা যায়।আমি যোৱা সময়খিনিত ফুলবোৰ সম্পূৰ্ণকৈ ফুলি উঠিছিল।সৰু সৰু ঘাহঁৰ বেছিভাগ টকলা হৈ থকা পাহাৰবোৰৰ বুকুত পাতল মাখন ৰঙেৰে ফুলি থকা ব্ৰহ্মকমলবোৰ ৰ’দ পৰি থকা বাবে একোটা একোটা জ্বলি থকা এল.ই.ডি. বাল্বৰ নিচিনা লাগিছিল। আমাক কাঢ়া নিৰ্দেশ দিয়া হৈছিল কোনো ট্ৰেকাৰে যাতে কোনোকাৰণতে ব্ৰহ্মকমল নিছিঙে অৱশ্যে মই নিজেও যিকোনো ফুল ছিঙাৰ পক্ষপাতী নহয় । উত্তৰাখণ্ড চৰকাৰে ইয়াৰ সংৰক্ষনৰ হেতু অনাহকত এই ফুল ছিঙাৰ বাবদ ২৫,০০০ টকাৰ জৰিমনা ঘোষনা কৰি থৈছে।
আমি যেতিয়া হেমকুণ্ড চাহিব গুৰুদ্বাৰলৈ ট্ৰেকিং কৰি গৈ আছিলো গোটেই পাহাৰ ব্ৰহ্মকমলেৰে ভৰি আছিল।মাজে মাজে ওচৰতে পোৱা ফুলবোৰ হাতেৰে চুই, ফুলপাহত নাক লগাই লগাই তাৰ গোন্ধ লওঁ। হেপাহেই পলোৱা নাছিল ফুলপাহৰ সৌন্দৰ্য্য উপভোগ কৰি। কিছুদূৰ যোৱাৰ পিছত তাৰ স্থানীয় যেন লগা ল’ৰা দুজনক লগ পালো। সিহঁতে আমাৰ সন্মুখতে দুপাহ ব্ৰহ্মকমল ছিঙি হাতত লৈ আছিল।মই সিহঁতক কিয় চিঙিলে বুলি সোধাত ক’লে যে কিবা পূজাৰ কাৰনে চিঙিছে। অলপ দূৰ পিছত দেখিলো যে ল’ৰাকেইজন আমাৰ পিছে পিছেই গৈ আছে। এপাকত মোৰ ওচৰলৈ গ’ল আৰু ক’লে যে ফুল দুপাহ পূজাৰ কাৰণে চিঙিছিল যদিও মই বিচাৰিলে তেওঁলোকে মোক ফুলকেইপাহ দি দিব। মইও দুবাৰমান থেন গেন কৰি তেওঁলোকৰ প্ৰয়োজন আছে যদি লৈ যাওক বুলি ক’লো যদিও মনে মনে দুধোৰ মোধোৰ মনোভাৱ এটাৰে ফুলকেইপাহলৈ চকু গৈ থাকিল। তেওঁলোকে মোৰ মনৰ ভাৱ বুজিয়ে পাইছিল নে কি নাজানো মোক হাতত ফুল দুপাহ দি বেগত ভৰাই ল’বলৈ কৈ তেওঁলোক অন্তৰ্ধ্যান হ’ল।অচিনাকি ব্যক্তিৰ পৰা দুপাহকৈ ব্ৰহ্মকমল উপহাৰ পাই মই ফুৰ্টিতে ইমান থিয় পথছোৱা কেনি অতিক্ৰম কৰিলো গমেই নাপালো আৰু আমাৰ লক্ষ্যস্থল হেমকুণ্ড চাহিব গুৰুদ্বাৰ পাই লগৰ সকলোকে ফুলকেইপাহ দেখুৱালো। সকলোৱে ক’ত পালো কেনেকৈ মোৰ হাতলৈ আহিল কথাখিনি কৈ থাকোতেই গুৰুদ্বাৰৰ ব্যক্তি এজন মোৰ ওচৰলৈ আহিল আৰু মোক অলপ আতৰাই নি ক’লে যে এই ফুল দুপাহ ছিঙাৰ বাবদ এতিয়া মই ৫০,০০০ টকা জৰিমনা ভৰিব লাগিব।তেতিয়াহে মোৰ মনলৈ আহিছিল সেই ল’ৰাকেইজনে ফুল দুপাহ মোক বেগত ভৰাই ল’ব কৈছিল কিন্তু মই ফুল দুপাহ পোৱাৰ আনন্দত মতলীয়া হৈ হাতত লৈ সকলোকে দেখুৱাই ফুৰিছিলো। মই সঁচা কথাটো কোৱাৰ পিছতো গুৰুদ্বাৰৰ মানুহ কেইজনে জৰিমনাৰ কথা কোৱাত ইমানেই ভয় খালো যে মোৰ লগত যোৱা ট্ৰেকাৰ কেইজনৰ ওচৰলৈ গৈ কান্দিয়ে দিলো কাৰন তেওঁলোকে সঁচা কথাটো জানে যে মই প্ৰকৃততে ফুলকেইপাহ চিঙা নাছিলো।ট্ৰেকাৰ সকলৰ ভিতৰত মইয়ে আটাইতকৈ সৰু আছিলো বাবে সকলোৱে মোক বহুত মৰম কৰিছিল। বাকী সকলো একো একো ঠাইৰ পৰা ৪/৫ জনকৈ দলত আহিছিল আৰু মই গৈছিলো অসমৰ পৰা অকলে।তেওঁলোক সকলোৱে প্ৰকৃত কাহিনীটো গুৰুদ্বাৰ কৰ্তৃপক্ষক জনালে। গুৰুদ্বাৰৰ মানুহকেইজনে মোক গুৰুদ্বাৰৰ ভিতৰলৈ লৈ গ’ল আৰু মৰমেৰে চকুপানী মচি দিলে। এজনে ফুল দুপাহ মোৰ হাতৰপৰা লৈ মোৰ বেগত ভৰাই দিলে আৰু এই দুপাহ ৰাস্তাত ক’তো যাতে নুলিয়াও একেবাৰে অসম পালেহে বেগৰ পৰা যাতে উলিয়াও সেইটোও সকিয়াই দি ভয় নকৰিবলৈ কৈ গুৰুদ্বাৰৰ খিছিৰি আৰু চাহ খাবলৈ মৰমেৰে লৈ গ’ল।
সেই যে মোৰ ৰুকচেকৰ (Rucksack)তলত ভৰালো ফুল কেইপাহ একেবাৰে ঘৰতহে উলিয়ালোহি। এতিয়াও সযতনে ৰাখিছো দেৱতাৰ প্ৰিয় ২৫,০০০ টকীয়া ফুল দুপাহ, শুকাই গৈছে যদিও ম্লান হোৱা নাই তাৰ সৌন্দৰ্য্য।

 ৰুবী বৰা
অসমীয়া খবৰ,
১৫/০২/২০২৪

Post a Comment

0 Comments