Recent ticker

6/recent/ticker-posts

বিশেষ দিনটোৰ বিশেষত্ব ৰাখো আহক( International Day of People with Disability)

সমতা আৰু সুবিধা এই শব্দ দুটাই মানুহৰ জীৱনত সাংঘাতিক ধৰনে প্ৰভাৱিত কৰিব পাৰে। সমতাই প্ৰতিজন ব্যক্তিক মুৰ দাঙি থিয় দিবলৈ সাহস যোগাই আৰু সুবিধাই এজন ব্যক্তিৰ ব্যক্তিত্বক, নিজৰ প্ৰতিভাক জিলিকাই তোলাৰ উদ্যম দিয়ে।
'বিশেষভাৱে সক্ষম' শব্দটোতে লুকাই থাকে এক অফুৰন্ত শক্তি যিয়ে হাজাৰ বাধাকো নেওচি দি যায় জীৱন জীয়াৰ সঞ্জীৱনী। শৰীৰ বা মনেৰে সম্পূৰ্ণ নোহোৱা সত্ত্বেও বিশেষ শক্তিৰ সহায়ত সাধাৰন জীৱন যাপন কৰাৰ লগতে নিজ প্ৰতিভাৰে উজলি উঠা সেই সকল ব্যক্তিক সকলো প্ৰকাৰে সহযোগ কৰি আৰু এখুপ আগুৱাই নিয়াৰ দায়িত্ব প্ৰত্যকৰে। তেওঁলোকক সমতা, মৰ্যাদা আৰু উন্নত জীৱনশৈলী প্ৰদান কৰিবলৈ জনসাধাৰনৰ মাজত সজাগতাৰ সৃষ্টি কৰি প্ৰতিজন বিশেষভাৱে সক্ষম ব্যক্তিক ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক দিশত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত ৰাখি আমেৰীকা যুক্ত ৰাষ্ট্ৰই ১৯৯২ চনতে ডিচেম্বৰ মাহৰ ৩ তাৰিখটো বিশেষ ভাৱে সক্ষম লোকসকলৰ নামত পালন কৰিছিল। আৰু আজিৰ তাৰিখতো এই বিশেষদিনটো উদযাপন হৈ আছে। বিশেষভাৱে সক্ষম শাৰীৰিক মানসিক দুয়োশ্ৰেনীৰ শিশুৰ লগতে আমাৰ ঘনিষ্ঠ সম্পৰ্ক থকা হেতুকে তেওঁলোকৰ মনৰ কথাৰ উমান লোৱাৰ জুখাৰে কম বেছি পৰিমানে কিছু অভিজ্ঞতাৰ সন্মুখীন আমি হৈছো। অসম অন্ধ শিশু বিদ্যালয়, বিহপুৰীয়াৰ ছাত্ৰ ছাত্ৰী সকল আমাৰ অতিকে আপোন। দৃষ্টিহীন হোৱাৰ সমন্তৰালকে বিভিন্ন দিশত তেওঁলোকৰ পাৰদৰ্শিতাই আমাক বাৰুকৈয়ে আনন্দ দিয়ে। ফোনটো ৰিচিভ কৰিয়েই ' বা' বুলি আৰম্ভ কৰি অনৰ্গল কথা কৈ যোৱা, হাতেৰে চুই কিমান শকত/ক্ষীন জানিবলৈ চেষ্টা কৰাৰ দৰে কামবোৰতে তেওঁলোকৰ আন্তৰিকতা সোমাই থাকে। তেওঁলোকৰ হোষ্টেলত প্ৰায়ে থকাকে মাতে। আমিও ব্যস্ততাৰ মাজতো চেষ্টা কৰোঁ তেওঁলোকৰ অনুৰোধ ৰাখিবলৈ। স্থানীয় যুৱক যুৱতীসকলৰ আন্তৰিকতাত গঢ় লৈ উঠা 'দৃষ্টি-The Eternal Vision’ নামৰ গোটটোৰ জৰিয়তে বিভিন্ন সময়ত তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ প্ৰয়াস কৰি আহিছো।
গুৱাহাটীৰ কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাটোৱে প্ৰতি বছৰে ’দিব্যাংগ জ্যোতি মহোৎসৱ’ ৰ আয়োজন কৰে। যদিওবা যোৱা দুবছৰে ক’ভিডৰ বাবে অনুষ্ঠানটো সম্ভৱ হৈ উঠা নাই কিন্তু এই দিনকেইটালৈ অসমৰ আটাইকেইখন দিব্যাংগ শিক্ষানুষ্ঠানৰ লগতে গুৱাহাটীৰ অশাদ্বীপৰ শিক্ষাৰ্থী সকলে আশাৰে বাট চাই থাকে। অসম পৰ্বতাৰোহন সন্থাই শিশুসকলৰ বাবে আয়োজন কৰা দুঃসাহসীক ক্ৰীড়াৰ শিবিৰতো মানসিকভাৱে বাধাগ্ৰস্ত শিশুসকলৰ শিক্ষানুষ্ঠান আশাদ্বীপৰ শিশুসকলে অংশ্গ্ৰহন কৰে। তাতেই লগ পাইছিলো বহুকেইজন শিশুক যিয়েই অত্যন্ত উৎসাহেৰে অংশগ্ৰহন কৰি দুঃসাহসিকতাৰ পৰিচয় দিছিল। ২০১৯ চনৰ মে’ মাহত জৰ্জ ফিল্ডত অনুষ্ঠিত হোৱা দিব্যাংগজ্যোতি মহোৎসৱলৈ অসম অন্ধ শিশু বিদ্যালয়ৰ ছাত্ৰ সকলক লৈ যোৱাৰ গুৰু দায়িত্ব আমাৰ ওপৰত আহিছিল। আমিও তাকে আশীৰ্বাদ বুলি মানি লৈ ট্ৰেইনত তেওঁলোকক লৈ লখিমপুৰৰ পৰা গুৱাহাটী পাইছিলোগৈ। ট্ৰেইনত তেওঁলোকৰ বাবে সংৰক্ষিত বিশেষ ডবাত থকা ব্ৰেইল লিপিত লিখিত বাক্যবোৰ অনুসৰন কৰি স্বাধীনভাৱে প্ৰস্বাৱগাৰলৈ যোৱা , আসনত বহা, বাহিৰলৈ যোৱা আদি কামবোৰ কৰা দেখি মনলৈ ভাৱ আহিছিল এই বিশেষ সুবিধাবোৰে তেওঁলোকক কিমান স্বাধীনতা দিয়ে।আজি যদি বেংক, হোটেল, ৰেষ্টোৰা আদি ৰাজহুৱা স্থানবোৰত ব্ৰেইল লিপিৰ ব্যৱহাৰ হয় তেওঁলোকে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। পুৱা ট্ৰেইনৰ পৰা নামি জৰ্জ ফিল্ডত ভৰি দিয়েই জন্মান্ধ দুলালে কোৱা ”ৱাও ঠাইখন ইমান ধুনীয়া” কথাষাৰত মই স্থৱিৰ হৈ পৰিছিলো ক্ষন্তেকৰ বাবে, থমকি ৰৈছিলো যেতিয়া শচীনে পল্টন বজাৰ ষ্টেচনত কৈছিল,” এই ষ্টেচনটোৰ প্লেটফৰ্মখন বহুত ডাঙৰ” বুলি। সিহঁতৰ এস্কেলেটৰত উঠা সপোনটো পূৰাবলৈ ষ্টেচনত বুকুত সাহস বান্ধি এটা এটাকৈ ধৰি ধৰি উঠাইছিলোঁ। বিদ্যালয় খনৰ পৰা প্ৰতিবছৰে ছাত্ৰ ছাত্ৰীসকল সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৱাটো খুৱেই আনন্দৰ বিষয়। এইবছৰো গান গোৱা আৰু বিভিন্ন বাদ্যযন্ত্ৰত পাকৈত অতিকে মৰমৰ শচীন আৰু শংকৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নামভৰ্ত্তি কৰিছে।গুৱাহাটীৰ ডিফ এন্ড ডাম্ব স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে মডেলিং প্ৰতিযোগীতাৰ বাবে সাজু হৈ আহি যিদৰে ষ্টেজৰ কাষত আমাৰ লগত আকাৰ ইংগিতত কথা পাতি আছিল হাঁহি হাঁহি, পুতলা একোটাৰ দৰে লাগিছিল আটাইকে, মৰমতে সাৱতি ধৰিছিলো । তামিলনাডুৰ এসময়ৰ সাতুৰবিদ তথা ১৯ অনুৰ্ধ্ব ক্ৰিকেত খেলুৱৈ প্ৰীথি শ্ৰীনিবাসনে সাগৰ পানীত গা ধুই থাকোতে হোৱা আকস্মিক দুৰ্ঘটনাত ৰাজহাড় অসাৰ হৈ পৰে। বৰ্তমান হুইল চেয়াৰতে বহি বহি তেওঁ ’চল ফ্ৰি’ নামৰ বেচৰকাৰী সংস্থা পৰিচালনা কৰাৰ লগতে হুইল চেয়াৰৰ ব্যৱহাৰৰ প্ৰতি সজাগতাৰ বাবে কাম কৰি গৈছে।
সেই সজাগতাৰ জৰিয়তে সকলো ৰাজহুৱা স্থানতে হুইল চেয়াৰৰ চলাচল সুচল কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই অহা হৈছে। এবাৰ ভাবি চাওকচোন ভোটকেন্দ্ৰ সমূহত সকলোতে হুইল চেয়াৰৰ বাবে সূচল ব্যৱস্থা কৰাৰ দৰে চিনেমাহল, হোটেল, ৰেষ্টোৰা, শ্বপিং মল আদিতো যদি তেনে হয় হুইল চেয়াৰ ব্যৱহাৰকাৰীসকল কিমান স্বাধীনভাৱে চলাফুৰা কৰিব পাৰিব! শেহতীয়াকৈ গুৱাহাটীৰ ছেন্ট ষ্টিফেন স্কুলত ’Special Olympic-Lead To Conclude’ ৰ অংশ হিচাপে 'স্পেচিয়েল অলিম্পিক ভাৰত-অসম’য়ে আয়োজন কৰা Local Youth Leadership Summit-2021 শীৰ্ষক অনুষ্ঠানত স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহন কৰাৰ সুবিধা পাইছিলো। তালৈ অহা মানসিক বাধাগ্ৰস্থ, বয়সেৰে ডাঙৰ হ’লেও মনেৰে নিচেই সৰু হৈ থকা শিশুসকলৰ লগত এটা দিন পাৰ কৰিছিলো। তেওঁলোকৰ লগত বিভিন্ন খেলত ভাগ লৈছিলো পুৰস্কাৰ পাইছিলো, তেওঁলোকৰ আনন্দ ফুৰ্টিবোৰ দেখি মন ভৰি গৈছিল।আগতে দিব্যাংগজ্যোতি মহোৎসৱ আৰু দুঃসাহসিক কেম্পত লগ পাই ভালকৈয়ে মনত ৰখা ৰঞ্জিতাই 'লখিমপুৰৰ বাইদেউ জনী' বুলি ওচৰলৈ দৌৰি অহাৰ আৱেগসনা দৃশ্যৰ তুলনা নাই। খেল ধেমালিৰ জৰিয়তে তেওঁলোকৰ মগজুৰ বিকাশৰ ক্ষেত্ৰত এই 'Special Olympic-Lead To Conclude' য়ে বিশেষ ভুমিকা গ্ৰহন কৰি আহিছে, দেশ বিদেশত গৈ শিশু সকলে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰেই আদৰ্শত উত্তৰ গুৱাহাটী চানসাৰীৰ সমীপৰ যুৱক যুৱতি সকলৰ প্ৰচেষ্টাত মানসিক বাধাগ্ৰস্থ শিশুসকলৰ উন্নতিৰ হকে সৰুকৈ লগ হোৱা এটি গোট ’প্ৰত্যাশা’ৰ লগত আমি জন্মলগ্নৰে পৰা জড়িত। উপাসনা, কংকনা, উপমা,চয়নিকা, ৰূপম,লাচিত,জীয়াউৰ দা, পাৰ্থ প্ৰতীম, হিমাক্ষীহঁতে সেই বিশেষ শিশুসকলৰ উন্নতিৰ হকে অহৰহ প্ৰচেষ্টা চলাই আহিছে। শিশু সকলক বিভিন্ন কাৰ্য্যত যোগদান কৰাই, উদগনি যোগাই আগুৱাই লৈ যোৱাত তেওঁলোক সফলো হৈছে।বয়সেৰে ১৮ অথচ মনেৰে ৬/৭ বছৰীয়া পল্লৱে যেতিয়া ছৱি আঁকি হোৱাটছএপত পঠাই মন ভৰি যায়।
তেওঁলোকক এটা ভাল জীৱন দিয়াত আমিবোৰ কেনেকে সহায় হ’ব পাৰো সেই কথা বাৰুকৈয়ে উপলব্ধি কৰোঁ। আমি এই বিশেষ দিনটোৰ বিশেষত্ব ৰক্ষা কৰিবলৈ নিজৰ সাধ্য অনুসৰি চেষ্টা কৰাতো আমাৰ নৈতিক দায়িত্ব নহয়নে! ৰুবী বৰা

Post a Comment

0 Comments