Recent ticker

6/recent/ticker-posts

মনোমোহা হিমাচলৰ কানন গাৱঁৰ কথাৰেঃ

'টক টক'.... দুৱাৰত পৰা টোকৰত মোৰ টোপনি ভাঙি গৈছিল। জুন মহীয়া পুৱাটোত ওমাল লেপ খনৰ মাজৰ পৰা নিজকে উলিয়াই চকু মোহাৰি মোহাৰি দৰ্জাখন খুলি দিছিলো। ৰাহুলে হাতত চাহ কাপ লৈ ৰৈ আছিল আৰু ধুনীয়া হাঁহিটো মাৰি মোক সু প্ৰভাত যাঁচি চাহকাপ আগবঢ়াই দিলে। চাহৰ কাপটো লৈ বিচনাৰ ফালে ঘুৰি দিওঁতেই দেখিলো সন্মুখৰ খিৰিকিৰ আইনাৰ সিপাৰে থকা সু প্ৰভাত জনাবলৈ ৰৈ আছিল আন এখন পৃথিৱী...
দিল্লী আৰু হিমাচলৰ বন্ধু দুজনমানৰ সৈতে হোৱা আলোচনাৰ সিদ্ধান্ত মৰ্মে ইয়াৰ পৰা গৈছিলো চিমলাৰ ট্ৰেকিং এটালৈ বুলি। দিল্লী পোৱাৰ পিছতে বতৰৰ অৱস্থা দেখি হোৱাটচ এপ গ্ৰুপত চলা চুপাৰ ফাষ্ট পাঁচ মিনিটৰ সিদ্ধান্তত চিমলালৈ বুলি আগতেই কৰি থোৱা টিকেত ’Red Bus’ক ঘুৰাই দি কোবা কোবিকৈ কাশ্মিৰী গেট পালোগৈ। যিহেতু চিমলাত আমি যাম বুলি ভৱা দুৰ্গম ট্ৰেকিং পথটো বৰষুণৰ বাবে অধিক বিপদজনক হৈ পৰিছিল, গতিকে আমাৰ তাৎক্ষনিক সিদ্ধান্ত হ’ল মানালীৰ পৰা কিছু নিলগত থকা লাহল উপত্যকাত এটা ট্ৰেকিং কৰাৰ । গতিকে মই এতিয়া চিমলা নহয় মানালীলৈ যাব লাগিব। মানালী মানে কুল্লু পোৱাৰ আগত থকা চেঁইজ উপত্যকাৰ এখন গাঁৱলৈ মোক যাবলৈ কোৱা হ’ল,য’ত ভাতৃসদৃশ বন্ধু আশীষৰ এটা হোমষ্টে আছে।হিমাচলী যুৱক আশীষ চৌহান পেছাত এজন ট্ৰেকিং গাইড। ’হিমালয়ান ড্ৰিফটাৰ ’(Himalayan Drifter) বুলি এটা ট্ৰেভেল এজেন্সী আছে তেওঁৰ। ২০১৮ চনত হিমাচলতে চিমলাত এটা ট্ৰেকিং কৰিছিলো তেওঁৰ লগত। প্ৰতিটো মুহুৰ্ত্ততে এনে লাগিছিল তেওঁ মোৰ গাইড নহয় যেন মোৰ দাদা হে। দুদিনতে আপোন হৈ পৰা গোটেই দলৰ প্ৰতিজন সদস্যৰে বেছ সুন্দৰ এটা ট্ৰেকিং কৰি আহিছিলো। তেতিয়াৰ পৰাই তেওঁৰ লগত মোৰ ভাল সম্পৰ্ক। আশীষসহ সেই দলটোৰে আন কেইজনমান ট্ৰেকাৰৰ সৈতে আমি আকৌ এবাৰ লগ পোৱাৰ আপাহতে আৰম্ভ হৈছিল এই যাত্ৰা। গতিকে বতৰে বাধা দিলেও আমাক লগ পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। মানালীলৈ কাশ্মীৰী গেটৰ পৰা ৮ টাৰ আগত বাছবোৰ ওলাই যায়। আনফালে যাত্ৰালৈ বাকী থকা শেষৰ এঘন্টাৰ ভিতৰত অনলাইন টিকেতো কৰিব নোৱাৰি। কাশ্মীৰি গেটত থকা আন্তঃৰাজ্যিক বাছ আস্থানত গৈ পোনে পোনে মানালীৰ বাছৰ কাউন্টাৰ পালোগৈ। মোক কোৱা হ’ল যে ভলভ’ বা অন্য বাছত যাব খুজো যদি বাছ আহিলে চিট খালি থাকিলেহে টিকেত দিব আৰু যদি HRTC ৰ অৰ্ডিনাৰী বাছত যাওঁ পোন্ধৰ মিনিটৰ পিছত টিকেত দিব, কাউন্টাৰৰ আগত থকা শাৰীত থিয় হ’ব লাগিব। অৰ্ডিনাৰী বাছখন কেনেকুৱা চাব খুজোতেই ওচৰতে ৰৈ থকা, আগফালে হিন্দীত ’দিল্লী-কুল্লু-মানালী ভায়া চণ্ডিগড়’ বুলি লিখা পুৰনা বাচ খন চকুত পৰিল(অৱস্থাৰ বৰ্ণনা দিবলৈ আমাৰ ইয়াত তেনেকুৱা বাছ নায়েই) । চিট বোৰ ৩-২, একদম থিয়, হেলনীয়া কৰি লোৱাৰ সুবিধা নাই, চিটৰ মাজত হেণ্ডেল এদালো নাই একেবাৰে আৰামী বেন্স খনৰ নিচিনা কাষত বহাজনৰ গাত গা নলগাকে এইখন বাছত যাত্ৰা অসম্ভৱ। অসমত যিমান নাইট চুপাৰত যাত্ৰা কৰো সদায় চিংগল চিটেই লওঁ, তাকো খুৱ বেছি ৭-৮ ঘন্টাৰ যাত্ৰা। কিন্তু এইখন বাছত মোৰ যাত্ৰা হ’ব ১৪ ঘন্টাৰ, তাকো অকলে। আৰু হিমাচলৰ এইটো দিশত মোৰ প্ৰথম যাত্ৰা এয়া। কি কৰোঁ নকৰোকৈ টিকেত কৰিবলৈ ৰৈ থকা মানুহৰ শাৰীটোত থিয় হৈ ভাৱি থাকিলো। ভলভ’ত যদি চিট নাথাকে? আৰু যিমানেই বেয়া নহওক কিয় এইখন চৰকাৰী বাছ গতিকে যাত্ৰীৰ প্ৰতি তেওঁলোক কিছু হ’লেও দায়িত্বশীল হ’ব, ভলভ’ বা ব্যক্তিগত বাছৰ কৰ্মচাৰীৰ সিমানখিনি নাথাকিব, তাতে মানুহবোৰে পাতি থকাও শুনিলো বাছ বোৰে নি চণ্ডীগড়ত এৰি দিয়েগে হেনো ইত্যাদি ইত্যাদি। ইতিমধ্যে টিকেত দিয়া আৰম্ভ হৈছিল। মোৰ আগৰ জনে টিকেত লোৱা লৈকে মই দৃঢ় হ’লো যে মই ভয়ংকৰ যেন লগা হ’লেও চৰকাৰী বাছ খনতে যাম। কষ্ট হ’ব উপায় নাই কিন্তু নিৰাপদ হ’ব। খিৰইকীৰ চিট এটা দিব কোৱাত ৯০০ টকাৰে টিকেটটো লৈ চিটত বহিলোগৈ। অকনমান পিছতে দেখিলো তিনিজনীয়া চিটটোত মোৰ কাষৰ দুজন পুৰুষ যাত্ৰী। নিজকে ক’লো ’হেপ্পী জাৰ্নী’। মানুহ উঠায়েই আছে উঠায়েই আছে, পিছত দেখিলো মাজত টুল দুখনমানো পাৰি যাত্ৰী উঠাইছে। ৭ বাজিল, বাছ চলিল। দিল্লীততো আবেলিয়েই হৈ আছে তেতিয়াও। ৰাতিপুৱাই ডিব্ৰুগড়ৰ ৰুমতে ভাত খাই অহা, দিনটো একো খোৱাও নহ’ল যি ফ্লাইটত লগত নিয়া বিস্কুটেৰে চাহ একাপ খাইছিলো সেয়াই। বিস্কুট আৰু কেক দুপেকেটমান কিনি লৈ ল’লো। অলপদূৰ গৈ গম পালো বাছ খনৰ পিছফালে বেছিভাগ ট্ৰেকাৰেই, ট্ৰেকিং কৰিবলৈ গৈছে বন্ধুৰ লগত দল বান্ধি। আন্ধাৰ হোৱাৰ লগে লগে তেওঁলোকৰ মেহফিল আৰম্ভ হ’ল, ৰসাল আড্ডাবোৰ শুনিবলৈ পালো কাৰন সিহতৰো একেই অৱস্থা, যিহে চিটৰ অৱস্থা ভালকৈ বহিবতো নোৱাৰিয়েই, ডিঙিটোও আলমোকটা খাই খাই যায় গতিকে এনেকেই সময়বোৰ যোৱাব খুজিছে আৰু। মই মনতে অলপ নিশ্চিন্ত হ’লো যে মোৰ বাছত কিবা অসুবিধা হ’লেও চিন্তা নাই কাৰন ইহঁতবোৰ আছে যেতিয়া অন্ততঃ কিবাতো সহায় পাম। পাহাৰ ভালপোৱা মানুহবোৰৰ মনবোৰ প্ৰায় একেই থাকে। ইফালে মোৰ কাষতে বহা যুৱকজনৰ লগত দুই এটা কথা পাতি গম পালো কুল্লুলৈ যাব। চিলিগুড়িত হেনো এবাৰ কিবা কাম কৰিবলৈ আহিছিল। এটা ব্যৱধান ৰাখি যুৱকজনৰ লগত দুই এটা কথা পাতিলো। মুখ মাস্কখন সেই গেলা গৰমতো নেৰিলো। কাৰণ মোৰ কথা হ’ল যিহেতু অকলে আছো, টোপনি আহি যাব ৰাতিৰ কথা, কোনোবাই নাকত কিবা যদি শুঙাই দিয়ে ! সেয়ে মাস্কখন পিন্ধিয়েই মোৰটো খিৰিকী খনত লগাই মনতে আৰামী অৱস্থান এটা কৰি বহি গৈ থাকিলো। মোৰ কাষৰ যুৱকজনৰ অৱস্থা চাবলগীয়া হৈছিল, বেচেৰা এফালে লৰ চৰ কৰিব নোৱাৰে মই আছো আনফালে থকা জনেও ঠেং ঠুং মেলি নাক বজাই শুই গৈছে, সি আৰু মাজতে চেপা খাই কিবা কে বহি গৈছে। আগতেই কৈছো যে চিটৰ মাজত হেণ্ডেল নাই গতিকে টোপনিত অকমান ইফালে সেফালে গাত লাগি যোৱাটো স্বাভাৱিক। তথাপিও মই সজাগ হৈ আছো, চকু মুদি আছো যদিও টোপনি যাতে গভীৰ নহয় চেষ্টা ৰাখিছো। ৰাতি ১১ মান বজাত চণ্ডিগড়ত এখন পাঞ্জাৱী ধাবাত ভাত খাবৰ বাবে ৰখালে। আমাৰ ইয়াত ইমান ধুনীয়া ধুনীয়া হোটেলত ৰখায়, তাৰ তুলনাত ধাৱাখন একেবাৰেই ভাল নালাগিল। চিনেমা বোৰত দেখা আগফালে বিচনা থকা ধৰনৰ ধাৱা। যি হওক নহওক মুঠতে মই ভাত কেইটামান পেটত পেলালো। লগত ৰুটিও আছিল মই হে নুচুলোৱেই। মাজে মাজে অকন অকন টোপনি যোৱা সময়কনতে ডিঙি যি আলমোটোকা খাই এনে লাগিছিল পিছদিনা ডিঙি লৰাবই নোৱাৰিম। ৰাতিপুৱা পোহৰ হোৱাৰে পৰা বাছৰ খিৰিকীৰে হিমালয়ে ঢালি দিয়া হিমাচলৰ সৌন্দৰ্য্য উপভোগ কৰি কৰি গৈ আছো। মান্দি পাৰ হৈ কুল্লু যোৱা ৰাস্তাত অলপ দূৰ গৈয়ে চেঁইজ উপত্যকালৈ( Sainj valley) যোৱা ৰাস্তাটো ফাটি গৈছে। তাতেই অ’ট(Auto Tunnel) টানেলৰ আৰম্ভনী। আশীষে পঠোৱা জি পি এচ ঠিকনা অনুসৰি অ’ট টানেলৰ মুখতে বাচ খনৰ পৰা প্ৰায় ৮ঃ৩০ ত নামিলো। ডিকিৰ পৰা ৰুকচেকটো(ট্ৰেকিং কৰোতে পিঠিত লোৱা বেগ) নমাই দিয়া সময়কনতে বাছৰ মানুহজনে ক’ৰ পৰা আহিছো ক’ত যাম, কোনে নিবলে আহিব সুধিছিল। মই কোৱাত মোক কোনফালে যাব লাগিব দেখুৱাই হাঁহি এটা মাৰি বাছত উঠিল। ইমান যাত্ৰী উঠায় অনা বাছ খনৰ মানুহজনে সিমানখিনি কথা পাতিবলৈও যে আহৰি আছে ভাল লাগি গ’ল। বাটে ঘাটে লগ পাওঁ বাৰু এনেকুৱা ভাল মানুহবোৰ, সেয়ে পৃথিৱীখন ধুনীয়া বুলি ভাৱি অকলে ঘুৰি ফুৰিবলৈ সাহসকন কৰোঁ। বৰষুন দিয়াৰ বাবে পাহাৰীয়া গাওঁ খনৰ পৰা আশীষৰ গাড়ীখন উলিয়াই অনাত কিবা অসুবিধা হোৱা বাবে টেক্সি এখন পঠাই দিছিল মোক নিবলৈ। অকোৱা পকোৱা অচিন বাটেৰে টেক্সি আগবাঢ়িছিল চেঁইজ উপত্যকাৰ কানন গাৱলৈ বুলি।পাহাৰীয়া গাওঁবাসীয়ে কৰা এঢলীয়া খেতিবোৰ তাৰ সিপাৰে ডাৱৰৰ মাজে মাজে লুকা ভাকু খেলি থকা তুষাৰে ভৰা শিখৰবোৰ। কিছুদূৰ গৈয়েই আমাৰ দলৰ আন এজন সদস্য অতুলো উঠিলহি গাড়ীত ফোনাফোনি কৰি। তেওঁ আহি আছে বাংগালোৰৰ পৰা। প্ৰথম বাৰ লগ পাইছো মই অতুলক। কিছুদেৰীৰ পিছত গাড়ীখন ৰ’লগৈ। তাৰ পৰা আমি খোজাকাঢ়ি যাব লাগিব। ইতিমধ্যে আশীষে আন এজন সদস্য গৌৰৱক আমাক বাট দেখুৱাই নিবলৈ পঠিয়াই দিছে। তেওঁ আহি পোৱালৈকে ডাৱৰৰ সৈতে লুকাভাকু খেলি থকা চেইঁজ উপত্যকাৰ কিছু সৌন্দৰ্য্য উপভোগ কৰি ল’লো। গৌৰৱে আমাক কানন গাৱঁলৈ স্বাগতম জনালে। আগে আগে গৌৰৱ আৰু পিছে পিছে আমি পিঠিত ৰুকচেক লৈ ক্ৰমান্বয়ে আগবাঢ়িলো সদায় চ’চিয়েল মেডিয়াত দেখি থকা আশীষৰ সপোন ’ কানন হোষ্টেল’ৰ দিশে। চহৰৰ কোলাহলৰ পৰা সম্পূৰ্ণ নিলগত, সেউজীয়াৰে ভৰা পাহাৰটোৰ চৰাই চিৰিকটিৰ মাতৰ মাজে মাজে প্ৰায় পোন্ধৰ বিশ মিনিট মান থিয় ৰাস্তাৰে, উঠি গৈ ওপৰৰ পৰা ভাঁহি অহা মাতত মূৰ তুলি চাই দেখো সেউজীয়া মুধচেৰে, গোটেইখন কাঁচৰ খুৱ ধুনীয়া ঘৰ এটাৰ খিৰিকিয়েদি আশীষ আৰু মাধৱে আমাক দেখি কিৰিলিয়াই আছে। দুদিন ধৰি বহি বহি কৰা যাত্ৰাত হাত ভৰিবোৰ জঁথৰ লাগিছিল আৰু সেয়ে আমি ওপৰলৈ উঠি যোৱাত যথেষ্ট কষ্ট হৈছিল। ফোপাই ফোপাই মূৰ তুলি সিহঁত দুটাৰ চিঞঁৰত ভাগৰ কেনি পলাল গমেই নাপালো। কিন্তু সিহঁতৰ ওচৰ পাবলে তেতিয়াও যথেষ্ট খিনি উঠিব বাকী আছিল। কিন্তু ধুনীয়া ঘৰটো আৰু সিহঁতকেইটাৰ চিঞঁৰ বাখৰত ক’ৰপৰানো ইমান শক্তি আহিল নাজানো ঘপ ঘপকে গৈ পালোগৈ কিবাকে।
'কানন' পায়েই মোৰ বাবে থোৱা কোঠাটোলৈ সোমাই গ’লো। মাধৱ, আশীষ, আশ্বিন, দেবাংশু, গৌৰৱ ইতিমধ্যে আহি পাইছিলহি। মই আৰু অতুল আহি যোগ হ’লোহি। আনফালে চিমলাৰ পৰা ৰাজনিশ আহি আছে নিজে গাড়ী চলাই। আবেলি পাবহি। গোটেইকেইটা লগ হোৱাত কাননৰ ৰঙেই সলনি হৈ গ’ল। সিহঁতবোৰক তাতে এৰি মই একেবাৰে ওপৰ মহলাৰ বেলকনি পালোগৈ। আমি থকা ঘৰটোৰ পৰা চালে তলত গোটেই গাওঁখনৰ লগতে সন্মুখৰ পাহাৰীয়া গাওঁবোৰ আৰু তাৰ পিছফালে তুষাৰবৃত গিৰী শিখৰবোৰ স্পষ্টকৈ দেখি। সন্মুখত সএয়া হিমালয়ৰ মনোৰম ’Pin Parvati Range’ৰ শিখৰবোৰ। আগৰ কেইদিন বৰষুণ দি আছিল, সেইদিনা অলপ বতৰ বতৰটো মুকলি হোৱাত গোটেই ডাৱৰবোৰে আহি তাতেই থূপ খাইছেহি। বেলকনিয়েদি পিছফালে আৰু কাষলৈ চাই দিয়াত দেখিলো গোটেইখন আপেল, প্লাম, নৰা বগৰীৰ গছেৰে ভৰ্তি। নিজকে বিশ্বাস কৰিব পৰা নাছিলো মই আচলতে আছো ক’ত। এনেতে আশীষে পিছফালৰ পৰা আহি ক’লে, ‘কেনেকুৱা লাগিছে মোৰ ঘৰটো?‘ ‘কেনেকুৱা মানে স্বৰ্গ! স্বৰ্গ এইখন‘ মই ক’লো। ‘ ইমানদিনে আহিবলৈ কৈ আছিলো যে নুশুনিছিলি নহয়, সেইবাবে এইবাৰ তোক পাহাৰে ইয়ালৈ আনিবলৈকে চিমলাৰ প্লেনটোত বিঘিনি ঘটালে বুজিলি‘ বুলি কৈ আশীষে খুৱ হাঁহিলে। কথাটো কিন্তু নোহোৱা নহয়। কাৰন পৰ্বতাৰোহনৰ লগত জড়িত হোৱাৰে পৰা মোৰ এনেকুৱা পাহাৰীয়া গাওঁ এখনত থকাৰ সপোন এটা পুহি ৰাখিছিলো। তেনেতে মাধৱ আৰু আশ্বিনো আহিল। মাধৱে ক’লে, ‘এই আশ্বিনে আজি ১৫ দিনৰ পৰা খাপ পিতি আছেহি কিন্তু আজিৰ নিচিনা ’crazy weathe’ ৰ সৌভাগ্য তইহে মুকলি কৰিলিহি পাহাৰীছ’ৰী ‘। ইফালে মই মনতে প্লেন বনোৱাত ব্যস্ত, কোনফালে যাম কি কৰিম....কাৰণ মোৰ হাতত আজিৰ দিনটো আছে অকল। কাইলৈ আকৌ ট্ৰেকিঙলৈ ওলাইয়ে যাব লাগিব। গা পা ধুই ব্ৰেক্ফাষ্ট কৰি মই আৰু অতুল ওলাই গ’লো। বৰষুণ দি আছিল অলপ অলপ । পাহাৰটোত খাপ খাপকে ক্ৰমান্বয়ে তলৰ পৰা ওপৰলৈ গাওঁখন। এটা খাপত প্ৰায় এটা ঘৰ বহাই আগফালে সৰুকে অকনমান চোতালৰ জুখাৰে মাটি। ঘৰৰ কাষৰ মাটিখিনিত ফলৰ খেতি। একেটা খলপতে থকা এটা ঘৰৰ পৰা আনটো ঘৰলৈ দেখি নাপায়। চিঞঁৰি মাতিলেহে শুনি পাই। অৱশ্যে কোনোবাখিনিত একে পৰিয়ালৰ দুই তিনিঘৰ মিলি চুবুৰী পাতি আছে, কিন্তু বহুত কম।গাওঁখনৰ পৰ্যটনৰ সৈতে পৰিচয় কম সেয়ে গাঁৱৰ মানুহবোৰে আমাক ঘুৰি ঘুৰি চাইছিল। আমিও সুবিধা বুজি তেওঁলোকৰ লগত বিভিন্ন কথা পাতিছিলো। আমি গৈ গৈ গাওঁখনৰ শেষ মূৰ পাইছিলোগৈ। তাৰ পৰা মানুহৰ ঘৰ নাই। পাইন গছবোৰৰ মাজেদি লুং লুঙীয়া বাট এটাৰে পাহাৰৰ ভিতৰলৈ গৈছে। আমি আন এটা ৰাষ্টাৰে ওপৰলৈ উঠি গ’লো। য’ত পালোগৈ তাত এটা পামঘৰ আছে। কেওফালে নৰাবগৰীৰ গছ। পকি পকি সৰি আছে। আচলতে নৰা বগৰীৰ নিচিনাহে কিন্তু অলপ পাৰ্থক্য আছে দেখাত। ভিতৰচোৱা একেই। পকি হালধীয়া হৈ তলভৰি আছে। ঠিকছে খালো। পকেটত ভৰায়ো ল’লো। ঘুৰি আহোতে এজাক ল’ৰা ছোৱালী লগ পালো গালবোৰ ৰঙা ৰঙা, বিৰাত মৰমলগা। আমাক দেখি খুৱ লাজ কৰিছিল সিহঁতে, ডাঙৰ দুটামানে আকৌ ধুনীয়াকে হাঁহি ‘নমস্তে‘ বুলি কৈ পাৰ হৈ গৈছিল। মাজে মাজে আপেল ছিঙি খালোঁ। আপেলৰ আকৌ দুবিধৰ আছিল। এবিধ সাধাৰন আমি দেখি থকা গোল গোল আৰু আনবিধ ডালিমৰ আকৃতিৰ। ডাল ভৰি ভৰি থকা আপেল, প্লামবোৰ দেখি মই কি কৰো কি নকৰো হৈ গৈছিলো। বৰষুন বাঢ়ি অহাত আমি আকৌ কাননলৈ ঘুৰি গ’লো।ইতিমধ্যে চিমলাৰ পৰা আহি থকা ৰাজনিশো পালেহি। ভাত খাই অলপ শুলো। গধুলি হোৱাৰ লগে লগে মহল সলনি হৈ গ’ল। আৰু দুজনী ছোৱালী আহি পালেহি, মেহফিল ৰসাল হৈ পৰিল। বাকীবোৰ মেহফিলত লাগি থাকিল মই ১১ টা মানত শুই গ’লো। কিয়নো মোৰ আগৰ নিশা টোপনি খতি, আগত ট্ৰেকিং আছে গতিকে শৰীৰটোক অলপ জিৰনী নিদিলে কষ্ট হ’ব।
সেই যে শুলো এই ৰাহুলৰ মাতত সাৰ পালো। বতৰ মুকলি হৈছে। মোৰ কোঠাৰ কাষৰ কাঁচৰ খিৰিকি খনেদি গোটেই পাহাৰবোৰ দেখিছো। মাজে মাজে ডাৱৰ বোৰ ভাঁহি ফুৰিছে। বেলকনিলৈ গ’লো আগফালে তললৈ গোটেই গাওঁ খনৰ ওপৰেদি ডাৱৰবোৰ শোভাযাত্ৰা কৰাৰ দৰে ওপৰৰ পৰা তললৈ ঢাপলি মেলিছে। চিৰিয়েদি নামি গ’লো চাহৰ কাপটো হাততে লৈ। কাষতে থকা ঘৰটোৰ মানুহগৰাকীৰ লগত অলপ কথা পাতিলো। অলপ সময়ৰ পিছতে মানুহগৰাকী তেওঁৰ স্বামীৰ সৈতে আমি থকা ঘৰটোৰ কাষৰ মাটিডুখৰত কাম কৰি আছিল। মানুহজনে সেই অকনমান মাটিতে গাম বুট এযোৰ পিন্ধি মূৰত পাহাৰী টুপিটো পিন্ধি, গছৰ ডাল এটা হাতত লৈ গৰুহালক হেচুকি হেচুকি হাল বাই আছিল। আৰু মহিলা গৰাকীয়েও জোটা এযোৰ পিন্ধি মাটিডুখৰ পৰা ওলোৱা গছ বনবোৰ আতৰাই আছিল। ইফালে গছ বোৰত ডাল ভৰি থকা ফলবোৰ খাবলৈ অহা চৰাই বোৰৰ চিঞৰ বাখৰ। মুঠতে এক মনোৰম পৰিৱেশ। বহু সময় তাতে বিভোৰ হৈ আছিলো। ওপৰৰ পৰা আশীষে মাত লগোৱাত কোঠা পালোগৈ। ৰাহুলৰ হাতৰ ৰুটি খাই সকলো যাবলৈ সাজু হ’লো মানালিৰ পৰা কিছু দূৰত থকা শিশু গাওঁ অভিমুখে। আশীষ,গৌৰৱ, মই আৰু এসোপামান বেগ আৰু ট্ৰেকিংৰ যাৱতীয় সামগ্ৰীৰে ৰাজনীশে অকোৱা পকোৱা বাটেৰে গাড়ীখন লাহে লাহে তললৈ নমাই আনিলে। খিৰিকিৰে মই কাননক হেপাহ পলুৱাই চাই ল’লো আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল’লো আৰু সাজু হ’লো পৰৱৰ্তী দিনকেইটাত লাহল উপত্যকাই মোৰ বাবে সাঁচি ৰখা উৎকন্ঠাৰে ভৰা দিনবোৰলৈ। ৰুবী বৰা

Post a Comment

0 Comments