Recent ticker

6/recent/ticker-posts

’ৰুচী গোখলে’ - কেঞ্চাৰক দুবাৰকৈ পৰাস্ত কৰা ছোৱালীজনী

হিমালয়ৰ বুকুত ট্ৰেকিং কৰি থাকোতে লগ পাইছিলো মুম্বাইৰ এজনী ছোৱালী। নাম ৰুচীগোখলে।চুলি তেওঁৰ কেকোঁৰা আছিল আৰু ছেলফি ষ্টিক এডাল লৈ আপোন মনেৰে ভিডিঅ কৰি থাকে।লগত গৈছিল আৰু চাৰি -পাঁচ জনীমান বান্ধৱী। সকলো সময়তে হাঁহি ফুৰ্তিৰে ট্ৰেকিঙৰ সময়ছোৱা ৰঙীন কৰি ৰাখিছিল। ভাল লাগিছিল তেওঁলোকৰ বন্ধুত্ব। ট্ৰেকিঙৰ পৰা ঘুৰি আহি যেতিয়া জানিব পাৰিছিলো ৰুচীয়ে ইতিমধ্যে এবাৰ নহয় দুবাৰকৈ কেঞ্চাৰৰ লগত যুঁজিছে মোৰ বাৰে বাৰে মনলৈ আহিছিল হিমালয়ৰ ১৫০০০ ফুট উচ্চতা পৰ্যন্ত আমাৰ ট্ৰেকিং পথছোৱা। আৰু তেওঁ কিদৰে হাঁহি হাঁহি অতিক্ৰম কৰিছিল সেই পথ সেই কথাবোৰেই মনলৈ বাৰে বাৰে আহিছিল। তেওঁৰ লগত মই কথা পাতি যেতিয়া জানিব পাৰিছিলো তেওঁৰ কেঞ্চাৰৰ চিকিৎসা আৰু সফলতাৰ আঁৰত থকা ব্যক্তিজন আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুম্বাইত কৰ্মৰত Cancer Specialist ডা.তপন শইকীয়া ছাৰ তেতিয়া মনটো আৰু ভাল লাগিছিল। ছাৰক লগ পোৱা নাই যদিওঁ তেখেতৰ চিকিৎসক জীৱনৰ সফলতাৰ বিষয়ে পাই আহিছোঁ। মোতকৈ প্ৰা য় দুবছৰ সৰু ৰুচীক লগ পাই বহুত ভাল লাগিছিল বেছি ভাল লাগিছিল তেওঁৰ অদম্য মনোবল দেখি। কেঞ্চাৰ হোৱা মাত্ৰেই এক হতাশাই আগুৰি ধৰা(যিটো একেবাৰে বেয়া কথা) ব্যক্তি সকলক ৰুচী নামৰ এই সাহসী মৰমলগা ভন্তিজনীৰ লগত হোৱা এই সাক্ষাৎকাৰটোৱে যথেষ্ট অনুপ্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ।
মই: তুমি কেতিয়া আৰু কেনেকৈ তোমাৰ কেঞ্চাৰৰ বিষয়ে অৱগত হৈছিলা? ৰুচী: মই ২০১২ চনত এই বিষয়ে অৱগত হৈছিলোঁ। মই মোৰ ডিঙিৰ গৰ্ডনত এটা গুটি প্ৰত্যেক্ষ কৰিছিলোঁ। পিছত ডাক্তৰৰ পৰীক্ষা নিৰিক্ষাৰ অন্তত মোৰ কেঞ্চাৰ ধৰা পৰিছিল। মই: কেনেধৰণৰ কেঞ্চাৰত আক্ৰান্ত হৈছিলা? ৰুচী: মোৰ ২০১২ চনত Hodgkin's lymphoma হৈছিল যেতিয়া মই ১৮ বছৰত ভৰি দিছিলোঁহে মাত্ৰ। দুৰ্ভাগ্যৱশত ২০১৩ চনত পুনৰ গম পালোঁ এইবাৰ আছিল Non-Hodgkin's lymphoma ৰ চতুৰ্থ পৰ্যায়ত মই: তোমাৰ পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱী সকলৰ এই ক্ষেত্ৰত প্ৰতিক্রিয়া কেনেকুৱা আছিল? ৰুচী: মোৰ পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱী সকলো প্ৰতি খোজতে মোৰ কাষত আছিল।তেওঁলোকেই মোৰ আটাইতকৈ ডাঙৰ শক্তি আছিল।তেওঁলোকে মোক প্ৰতি মূহুৰ্ততে সুখী কৰি ৰাখিব চেষ্টা কৰিছিল। মোৰ সকলো বন্ধুৱেই তেওঁলোকৰ ব্যস্ততা ভৰা জীৱনৰ পৰা মোৰ বাবে সময় উলিয়াই মোৰ Chemotherapy ৰ সময়ত মোৰ কাষত আছিল আৰু ঘৰত গৈও মোক এখন্তেকৰ বাবেও অকলশৰীয়া অনুভৱ কৰিব দিয়া নাছিল। মই: চিকিৎসাৰ সময়খিনিত তুমি মনোবল কিদৰে বৃদ্ধি কৰিছিলা? ৰুচী: মই সদায় এষাৰ বাক্যই মনত ৰাখিছিলোঁ:"মোৰ হে কেঞ্চাৰ হৈছে কিন্তু মই কেতিয়াও কেঞ্চাৰৰ নহও আৰু হ'ব নিদিওঁ"কেঞ্চাৰৰ মুখামুখি হোৱা সকলোকে মই এই বাক্যষাৰ প্ৰতি পুৱা আওঁৰাবলৈ অনুৰোধ কৰিম। মই: চিকিৎসালয়ত থকা সময়খিনিত তোমাৰ কি অনুভৱ হৈছিল?
ৰুচী: প্ৰথম অৱস্থাত মই মন মাৰি আছিলোঁ। মই মোৰ সকলো চুলি হেৰুৱাই পেলাইছিলোঁ।কিন্তু মই বাছি থকাৰ কথাটোৱে মোক লাহে লাহে সুখী কৰিবলৈ আৰম্ভ কৰিছিল। তাত একে পৰিস্থিতিত থকা মোতকৈ কম বয়সৰ ল'ৰা ছোৱালীবোৰ দেখি মোৰ অনুভৱ হৈছিল এই অভিজ্ঞতাই মোক জীৱনটোত বহুত খিনি শিকাই গ'ল। মই: তোমাৰ প্ৰেৰণাৰ উৎস কি আছিল? ৰুচী:মোৰ পৰিয়াল আৰু মোৰ বন্ধু মহলেই আছিল মোৰ প্ৰেৰণাৰ মূল উৎস। যেতিয়া অচিনাকি মানুহৰ পৰা মোৰ অৱস্থাৰ বিষয়ে জানিব বিচৰা বাৰ্তাবোৰ পাইছিলোঁ আৰু জানিব পাৰিছিলোঁ তেওঁলোকেও মোৰ আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছে সঁচাই মই অভিভূত হৈ পৰিছিলোঁ। মই অনুভৱ কৰিছিলোঁ," দুখ কম দিনৰ বাবেহে কিন্তু সেই দুখ যিয়েই মৃত্যুমুখ পৰ্যন্ত পোৱাইছিল সেই দুখক জিনিব পৰা গৌৰৱ চিৰদিনীয়া।" সঁচাই দুবাৰকৈ জীৱন যুঁজত জিকাৰ পিছত মোৰ অনুভৱ হৈছে মই কিমান ভাগ্যৱান আৰু জীৱনটো কিমান সুন্দৰ। মই: তোমাক মই হিমালয়ৰ বুকুত ট্ৰেকিং কৰোঁতে লগ পাইছিলোঁ। কেঞ্চাৰৰ লগত যুঁজাৰ পিছত এই অভিজ্ঞতা তোমাৰ কেনেকুৱা লাগিছিল? ৰুচী: Valley Of Flower ট্ৰেকিং প্ৰগ্ৰেমটো মোৰ বাবে বহুত প্ৰয়োজন আছিল। চিকিৎসা শেষ হোৱাৰ পিছত মোৰ এনেকুৱা অৱস্থা হৈছিল যে মই কেইটামান খোজো আগুৱাই যাব পৰা নাছিলোঁ আৰু ১৫০০০ ফুট উচ্চতা পৰ্যন্ত এই ট্ৰেকিংত যোৱাটো মোৰ ভৱাৰ বাহিৰত আছিল। কিন্তু মই যে ক্ৰমাণ্বয়ে আগৰ অৱস্থালৈ ঘূৰি আহিছো আৰু মই যে বৰ্তমান যথেষ্ট সৱল এই কথাষাৰ প্ৰমান কৰিবলৈ মোৰ ভিতৰৰ মানুহজনী জাগি উঠিল আৰু মই এই ট্ৰেকটো সম্পূৰ্ণও কৰিলোঁ। মই: অৱশেষত তুমি কি ক'ব খোজা? ৰুচী: মই এটা কথাই ক'ব খোজো যে চিকিৎসক ডা. তপন শইকীয়া ছাৰৰ ওচৰত মই চিৰকৃতজ্ঞ। যিহেতু তুমিও অসমৰ আৰু অসমৰ বাতৰিকাকতত প্ৰকাশ কৰিবৰ বাবে এই প্ৰশ্নকেইটা সোধা হৈছে সেয়ে মই সকলোৰে আগত ইয়াৰ জৰিয়তে তেখেতক ধন্যবাদ জনাইছোঁ। আজি মই যি হৈছো কেৱল মাত্ৰ তেখেতৰ বাবেই।

Post a Comment

0 Comments